ashomiyapatrika.com

আজিৰে পৰা গৌৰীসাগৰ শংকৰদেৱ বিদ্যা মন্দিৰৰ গীতে-মাতে শৰৎ অনুষ্ঠান

0 33

গৌৰীসাগৰঃ আজিৰে পৰা গৌৰীসাগৰ অঞ্চলৰো অন্যতম বেচৰকাৰী শিক্ষানুষ্ঠান শংকৰদেৱ বিদ্যামন্দিৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে গীতে মাতে শৰৎ অনুষ্ঠান৷ অনুষ্ঠানটো উদ্বোধন কৰে নাজিৰা মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ৰাজীৱ বৰাই৷ ভাষণ প্ৰসংগত অধ্যাপক গৰাকীয়ে কয় যে ঘৰখনেই ল’ৰা-ছোৱালীৰ শিক্ষাৰ কঠীয়াতলি ৷ ছাত্ৰছাত্ৰীৰ বাবে শিক্ষক সকল কেৱল অনুঘটক ৷ ছাত্ৰছাত্ৰী সকলৰ মাজত থকা অফুৰন্ত শক্তিবোৰ বিচাৰি শিক্ষক সকলে উজ্জীৱিত কৰিব পাৰে বুলি তেখেতে মন্তব্য কৰে৷ ইয়াৰোপৰি তেখেতে কয় যে কঠোৰ পৰিশ্ৰমেহে মানুহক মানুহ হোৱাৰ ক্ষেত্ৰত বিশেষ ধৰণে গঢ়ি তোলে৷ বিদ্যালয়ৰ সহকাৰী

শিক্ষক নবজ্যোতি বৰাই আঁতধৰা উদ্বোধনী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাবে অংশ গ্ৰহণ কৰি দিখৌমুখ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত ভাৰপ্ৰাপ্ত অধ্যক্ষ পবিত্ৰ কুমাৰ দত্তই ছাত্ৰ-ছাত্ৰী সকলক পুথিগত বিদ্যাৰ লগতে বৌদ্ধিক ক্ষেত্ৰত খনত সহায় হোৱাকৈ গ্ৰন্থ অধ্যয়নত গুৰত্ব দিবলৈ আহ্বান জনায়৷ উদ্বোধনী সভাত বিদ্যালয়ৰ প্ৰধান শিক্ষক ভবেন গগৈ, আদৰণী আৰু অভ্যৰ্থনা সমিতিৰ সভাপতিদ্বয় ক্ৰমে জীৱনকৃষ্ণ গোস্বামী,জিতেন সন্দিকৈ, সাংবাদিক ৰাজীৱ দত্ত, অসম জাতীয়তাবাদী যুব ছাত্ৰ পৰিষদৰ শিৱসাগৰ জিলা সমিতিৰ উপ সভাপতি প্ৰাঞ্জল শৰ্মা উপস্থিত থাকে ৷ এই সভাতেই বিদ্যালয়ৰ বাৰ্ষিক পৰীক্ষাত প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈকে প্ৰথম

বিভাগত উত্তীৰ্ণ হোৱা অনুস্কা বৰাক বিদ্যালয়ৰ সহকাৰী শিক্ষক মনোজ বৰাই প্ৰয়াত পিতৃ বুদ্ধেশ্বৰ বৰা সোঁৱৰণি মেধাবী বঁটা প্ৰদান কৰে ৷ অনুৰূপ ধৰণে শ্ৰেণীৰ পৰা ষষ্ঠ শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈকে প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ঋতুষ্ণা বৰাক বিদ্যালয়ৰ সহকাৰী শিক্ষক দেৱজ্যোতি বুঢ়াগোহাঁইয়ে তেওঁৰ পিতৃ-মাতৃ চিদানন্দ বুঢ়াগোহাঁই আৰু সোণমা বুঢ়াগোঁহাই সোঁৱৰণি মেধাবী বঁটা প্ৰদান কৰে৷ অনুষ্ঠানত ছাত্ৰ-ছাত্ৰী সকলে গীত, নৃত্য, কৌতুক অভিনয়, কবিতা আবৃত্তি, নাটক পৰিৱেশন কৰাৰ লগতেএখনি মনোজ্ঞ টক শ্ব’ অনুষ্ঠিত হয়৷ অন্যহাতে কালিলৈ বিয়লি ছাত্ৰ-ছাত্ৰী সকলে হনুমানৰ পাতল বিজয়,মহীৰাৱণ বধ ভাওনা প্ৰদৰ্শন কৰিব৷

Leave A Reply

Your email address will not be published.