সামাজিক মাধ্যমত মন্ত্ৰী অতুল বৰাক হত্যাৰ ভাবুকি দিয়া যুৱকক আটকঃ পুৱতিনিশা গৌৰীসাগৰ আৰক্ষীয়ে আটক কৰিলে নিপ প্ৰতীম বৰুৱাক
গৌৰীসাগৰঃ বিগত কিছুদিন পূৰ্বে সামাজিক মাধ্যমত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অতুল বৰাক হত্যাৰ ভাবুকিৰে পোষ্ট দিয়া এজন যুৱকক শিৱসাগৰ জিলাৰ গৌৰীসাগৰ আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়। ফেচবুকত আপলোদ কৰা এটা পৰ্টেলৰ বাতৰিত মন্ত্ৰী অতুল বৰাক বোমাৰে উৰুৱাই দিম বুলি মন্তব্য কৰিছিল যুৱকজনে। ইয়াৰ পাছতেই বিষয়টো অসম চৰকাৰৰ গৃহবিভাগে গুৰুত্বসহকাৰে গ্ৰহণ কৰি চি আই দিৰ তদন্তৰ দায়িত্ব অৰ্পন কৰে । চি আই দিয়ে নিজাববীয়াকৈ এক গোচৰ ৰুজু কৰি এক তদন্ত আৰম্ভ কৰে ।অনুসন্ধানত শিৱসাগৰ জিলাৰ গৌৰীসাগৰ আৰক্ষী থানাৰ অন্তৰ্গত জাঁজী মৰাণ বামুন গাৱৰ নীপ প্ৰতীম বৰুৱা(৩১) নামৰ
যুৱকজনে সামাজিক মাধ্যমত এই মন্তব্য লিখা বুলি তথ্য সহকাৰে প্ৰমাণ পোৱাৰ পাছতেই আজি পুৱতি নিশা গৌৰীসাগৰ আৰক্ষীয়ে যুৱকজনক নিজা বাসগৃহৰ পৰাই আটক কৰে। যুৱকজনক আটক কৰা সন্দৰ্ভত অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান জি পি সিঙে নিজেই টুইট যোগে প্ৰকাশ কৰে। পুৱা গৌৰীসাগৰ আৰক্ষীয়ে শিৱসাগৰ সদৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ পাছতেই সদৰ আৰক্ষীয়ে চি আই দিৰ জিম্মাত যুৱকজনক অৰ্পন কৰে৷ ইতিমধ্যে ফেচবুকত মন্ত্ৰী অতুল বৰাক হত্যাৰ ভাবুকি প্ৰদান কৰা নীপ প্ৰতীম বৰুৱাক চি আই ডিৰ গুৱাহাটী উলুবাৰীস্থিত মুখ্য কাৰ্যালয়লৈ অধিক সোধ পোছৰ বাবে লৈ যোৱা হৈছে৷ চি আই ডিয়ে নিজাববীয়াকৈ ৰুজু কৰা CID CASE
NO:7/23 গোচৰৰ ভিত্তিত আৰু আই টি আইনৰ অধীনত uc:120b/353/511/153a/506/507 and r/w sec:66/66f ধাৰাত যুৱকজনক গ্ৰেপ্তাৰ কৰাৰ লগতে সোধ পোচ অব্যাহত ৰাখিব। সামাজিক মাধ্যম ফেচবুকত শান্দিল্য উপাধিৰে মন্ত্ৰী অতুল বৰাক হত্যাৰ ভাবুকি প্ৰদান কৰা নীপ প্ৰতীম বৰুৱা জানিব পৰা মতে সৰুৰেপৰাই অত্যন্ত মেধা সম্পন্ন আছিল৷ যুৱকজনৰ পিতৃ অসম আৰক্ষীৰ এগৰাকী অৱসৰপ্ৰাপ্ত আৰক্ষীৰ লোক।কৰ্মসূত্ৰে পিতৃসহিতে পৰিয়ালটো গুৱাহাটী মহানগৰীৰে বাসিন্দা আছিল। গুৱাহাটীতে থাকি ডাঙৰ দীঘল তথা শিক্ষা গ্ৰহন কৰা যুৱকজনৰ পিতৃৰ অৱসৰৰ পাছতে প্ৰায় চাৰিটা বছৰৰ পূৰ্বে শিৱসাগৰ জিলাৰ জাঁজীত স্থায়ীভাৱে
বসবাস কৰেহি।অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা গ্ৰেপ্তাৰ হোৱা যুৱকজনে পূৰ্বে ভাৰতীয় ষ্টেট বেংকত চাকৰি কৰিছিল।তাৰ পৰৰ্বতী পৰ্য্যায়ত উক্ত চাকৰি বাদ দি লোকনিৰ্মাণ বিভাগত কণিষ্ঠ সহায়ক হিচাপে যোগদান কৰিছিল। বৰ্তমানেও শিৱসাগৰত লোকনিৰ্মাণ(গৃহ)বিভাগত কণিষ্ঠ সহায়ক হিচাপে চাকৰি কৰি থকা ভদ্ৰ অমায়িক তথা মেধাৱী যুৱকজনে প্ৰকৃততে কি কাৰণত এনেধৰণে মন্ত্ৰীগৰাকীক সামাজিক মাধ্যমত হত্যাৰ ভাবুকি প্ৰদান কৰিলে তাক বৰ্তমানলৈকে জানিব পৰা হোৱা নাই । প্ৰকৃত তদন্তইহে সমগ্ৰ ঘটনা পোহৰলৈ আনিব কি কাৰণত যুৱকজনে মন্ত্ৰীগৰাকীক হত্যাৰ ভাবুকি প্ৰদান কৰিছিল৷