কোঁৱৰপুৰত কৃষ্টি বিকাশ সমাজৰ উদ্যোগত শিশু সমাৰোহৰ সম্পন্ন
গৌৰীসাগৰঃ কোঁৱৰপুৰ বলিয়াঘাটত অৱস্থিত কৃষ্টি বিকাশ সমাজ প্ৰেক্ষাগৃহত কালিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে কৃষ্টি বিকাশ সমাজৰ উদ্যোগত অনুষ্ঠিত হৈ থকা শিশু সমাৰোহখনি আজি সামৰণি পৰে৷ কাৰ্যসূচী অনুসৰি ১৪ নৱেম্বৰৰ দিনা পুৱা ৮ বজাত পতাকা উত্তোলন কৰে কৃষ্টি বিকাশ সমাজৰ সভাপতি মহঃ আব্দুল হকে, স্মৃতি তৰ্পণ কৰে উদযাপন সমিতিৰ সভাপতি নৱকান্ত শইকীয়াই। ৯ বজাত গছপুলি ৰোপন কৰে সূৰ্য কুমাৰ বৰুৱা, বুধীন্দ্ৰ নাথ বৰুৱা আৰু ভূপেন্দ্ৰ নাথ হাজৰিকাই৷ ৯:৩০বজাত প্ৰতিযোগিতা উদ্ধোধন কৰি বিৰঙ্গনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° জ্যোতিপ্ৰসাদ শইকীয়াই শিশু সকলৰ শাৰীৰিক মানসিক
আৰু বুদ্ধিমত্তাৰ ওপৰত সাৰুৱা বক্তব্য প্ৰদান কৰে। দিনৰ দুই বজাত জিলা ভিত্তিত তৰ্ক প্ৰতিযোগিতা৷ বিয়লি চাৰি বজাত বিষ্ণুৰাভা সংগীত, জ্যোতিসংগীত, পাৰ্বতীপ্ৰসাদ সংগীত আৰু ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা অনুষ্ঠিত হয়। সন্ধ্যা ৭ বজাত বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। ১৫ নৱেম্বৰৰ দিনা পুৱা দহ বজাত কৃষ্টি বিকাশ সমাজৰ প্ৰতিষ্ঠাপক বিষ্ণু বৰুৱা আৰু খগেন বৰুৱা সোঁৱৰণী প্ৰাইজমণি সাংস্কৃতিক শুভাযাত্ৰা উদ্ধোধন কৰে কৃষ্টি বিকাশ সমাজৰ কাৰ্যকৰী সভাপতি ৰাজেন কাকতিয়ে। ১১.৩০ বজাত ব্যায়ামগাৰ উদ্ধোধন কৰে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈয়ে। দিনৰ এক বজাত কস্তৰী ভূঞাৰ সঞ্চালনাত অনুষ্ঠিত
মুকলি সভাখনি অনুষ্ঠানটি আঁত ধৰে পৰিস্মিতা বৰুৱা আৰু ধ্ৰুব প্ৰসাদ শইকীয়াই৷ অতিথি মইনা হিচাবে উপস্থিত থাকে শিৱসাগৰৰ বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়ৰ ছাত্ৰী নশ্বাবন্ধন দত্ত আৰু কোঁৱৰপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী মৌমিতা ফুকন৷ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে নকটানি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক দিপক আৰন্ধৰা, শান্তিপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক বিজয়কৃষ্ণ দত্ত আৰু বীৰ লাচিত বৰফুকন মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক নৱজ্যোতি শৰ্মা৷ সন্ধ্যা ৬ বজাত সাংস্কৃতিক অনুষ্ঠান উদ্ধোধন কৰে দ্বিতীয় অসম ঔদ্যোগিক। সুৰক্ষা বাহিনীৰ অধিনায়ক পংকজ প্ৰতিম বৈৰাগীয়ে৷ বিভিন্ন
প্ৰতিযোগিতাৰ ফলাফল এনেধৰনৰ মনোযোগীতা ক’ শাখা ল’ৰাৰ। প্ৰথম ঋষভৰিত শইকীয়া দ্বিতীয় চাহিদ জামিল আৰু তৃতীয় গৌৰাংগ গগৈ খ’ শাখা ল’ৰা প্ৰথম হিমাংশু বড়া, দ্বিতীয় সিদ্ধাৰ্থ দাস আৰু তৃতীয় প্ৰাণজিৎ গগৈ৷ আনহাতে ছোৱালীৰ ক শাখা প্ৰথম অদ্ৰিজা বড়া, দ্বিতীয় অলঙ্কিতা বড়া আৰু তৃতীয় তানজিয়া বেগম ৷ একেদৰে ছোৱালী খ’ শাখাৰ প্ৰথম সঞ্চিতা বৈৰাগী, দ্বিতীয় সম্প্ৰীতি দত্ত আৰু তৃতীয় গীতাশ্ৰী চাংমাই চিত্ৰাংকণ ক’ শাখাৰ প্ৰথম অলংকৃতা বড়া ,দ্বিতীয় নানশ্ৰী গগৈ আৰু তৃতীয় অদৃজা বৈৰাগী৷ খ’ শাখাৰ প্ৰথম প্ৰজ্ঞান কোঁৱৰ, দ্বিতীয় মৌচম গগৈ আৰু তৃতীয় জয়ন্ত তামুলী৷ গ’ শাখাৰ প্ৰথম আমিনুদ্দিন আহমেদ, দ্বিতীয় সুকন্যা বৰুৱা
আৰু তৃতীয় ফিৰদুছি বেগম ৷ কবিতা খ’ শাখাৰ প্ৰথম দৃষ্টি বৈৰাগী, দ্বিতীয় কল্পজ্যোতি বড়া আৰু তৃতীয় সম্প্ৰীতি দত্ত। গ’ শাখাৰ প্ৰথম মাৰ্টিনা বৰুৱা, দ্বিতীয় প্ৰাপ্তিপ্ৰিয়া কাকতি আৰু তৃতীয় সঞ্চিতা বৰুৱা৷ আনহাতে তৰ্ক প্ৰতিযোগিতাত প্ৰথম ৰৌজদা আফিফা হান্নান, দ্বিতীয় মল্লিকা গগৈ৷ ৰচনা।প্ৰতিযোগিতাত খ’ শাখাৰ প্ৰথম তনুচিয়া শইকীয়া, দ্বিতীয় ফাৰহাজিনা বেগম আৰু তৃতীয় হিমাংশু বড়া, কল্পজ্যোতি বড়া ৷ গ’ শাখাৰ প্ৰথম ৰাজশ্ৰী চাংমাই, দ্বিতীয় সঞ্চিতা বৰুৱা আৰু তৃতীয় পাৰবিন বেগম। সংগীত প্ৰতিযোগিতাত প্ৰথম আৰিয়ান বড়া দ্বিতীয় (যুটীয়াভাবে) প্ৰিয়াংশুপ্ৰতিম বড়া, আয়ুষ্মান
বড়া আৰু তৃতীয় (যুটীয়াভাবে) নয়নপ্ৰিয়া বৰুৱা, মাৰ্টিনা বৰুৱা৷ সাংস্কৃতিক শোভাযাত্ৰা প্ৰতিযোগিতাত প্ৰথম শংকৰদেৱ জাতীয় বিদ্যালয়, দ্বিতীয় প্ৰগতি দিহানাম দল আৰু তৃতীয় কোঁৱৰপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়৷