ashomiyapatrika.com

ভাৰত স্কাউটচ এণ্ড গাইডচৰ প্ৰতিষ্ঠা দিৱস উদযাপন

0 156

গৌৰীসাগৰঃ ভাৰত স্কাউটচ এণ্ড গাইডচ শিৱসাগৰ জিলা সংস্হাৰ উদ্যোগত ৭০৫ নং জয়সাগৰ অভ্যাসন বিদ্যালয়ত প্ৰতিষ্ঠা দিবস উদযাপন কৰা হয়। প্ৰতিষ্ঠা দিবসৰ বন্তি প্ৰজ্বলন কৰে শিৱসাগৰ মহকুমাৰ উপ-পৰিদশক প্ৰমোদ বৰুৱাই। পতাকা উত্তোলন কৰে জিলা আয়ুক্ত আদিত্য বিক্ৰম যাদবে। অনুষ্ঠানটো আঁঁত ধৰে জিলা সচিব পবন কুমাৰ বড়াই। কাব-বুলবুল সকলৰ প্ৰশিক্ষক আছিল ফজৰুল ইছলাম বৰা আৰু চাজিদা আহমেদ। উক্ত প্ৰতিষ্ঠা দিবসত জিলা সংস্হাৰ ডক্টৰেট দিব্য কুমাৰ ৰাজখোৱা, গোবিন্দ চন্দ্ৰ বৰা, প্ৰবীণ বৰগোহাঁই অঞ্জন বৰুৱা, ইন্দ্ৰজিৎ বৰগোহাঁই,ৰোহিত গগৈ,জয়কান্ত ফুকন, অশোক কটকী, জিতেন

কোঁচ,মাখন চন্দ্ৰ বৰা, ৰাহুল পাটিৰি, বন্দনা বৰাৰ ওপৰিও জিলা খনৰ স্কাউট গাইডৰ ছাত্ৰ ছাত্ৰীৰ ওপৰিও শিক্ষক শিক্ষয়িত্ৰী অভিভাৱক সকল উপস্থিত থাকে। জিলা আয়ুক্ত আদিত্য বিক্ৰম যাদৱে কয় যে ভাৰত স্কাউটচ এণ্ড গাইডচ হৈছে ল’ৰা ছোৱালীৰ জীৱনৰ সঠিক দিশত গঢ় দিয়াত সম্পূৰ্ণ ভাৱে অৰিহণা যোগোৱা শিক্ষামূলক এক ৰুচীকৰ খেল। সেয়েহে,সকলো বিদ্যালয়ত স্কাউট গাইডৰ একোজনকৈ প্ৰশিক্ষণ প্ৰাপ্ত শিক্ষক -শিক্ষয়িত্ৰী থাকিব লাগে বুলি মন্তব্য কৰে৷

Leave A Reply

Your email address will not be published.