জাঁজীত শিৱসাগৰ জিলা কবি সন্মিলনৰ দ্বি- বাৰ্ষিক পূৰ্ণাংগ অধিৱেশনঃ চাৰিখনকৈ গ্ৰন্থ উন্মোচন
গৌৰীসাগৰঃ শিৱসাগৰ জিলা কবি সন্মিলনৰ উদ্যোগত আৰু জাঁজী শাখা কবি সন্মিলনৰ সহযোগত শিৱসাগৰ জিলা কবি সন্মিলনৰ দ্বি- বাৰ্ষিক পূৰ্ণাংগ অধিৱেশনখন আজি জাঁজী হেমনাথ শৰ্মা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈ যায়৷ পুৱাবেলা আদৰণি সমিতিৰ সভাপতি অনিল বৰুৱাই মুখ্য তোৰণ উদ্ঘাটন, বিশিষ্ট কবি ব্ৰজেন দাসে পতাকা উত্তোলন, শিক্ষাবিদ বন্তি কটকীয়ে স্মৃতি তৰ্পণ, অৱসৰপ্ৰাপ্ত শিক্ষক নৱ কুমাৰ বৰুৱাই কাব্যক্ষেত্ৰ উদ্বোধনৰ পাছত সঞ্জীৱ দত্ত সোঁৱৰণি প্ৰতিনিধি সভা অনুষ্ঠিত হয়৷ ইয়াৰ পাছত শিৱসাগৰ জিলা কবি সন্মিলনৰ সভাপতি ব্ৰজেন দাসৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হয় আৰু ড° কৃষ্ণকান্ত সন্দিকৈ সোঁৱৰণি
মঞ্চ উদ্বোধন কৰে জাঁজী হেমনাথ শৰ্মা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক জ্যোতিপ্ৰসাদ গগৈয়ে৷ শিৱসাগৰ জিলা সম্পাদক সুৰেশ ভূঞা, জাঁজী শাখাৰ সম্পাদিকা বিজু বৰঠাকুৰে আৰু গীতৰজে আঁত ধৰা মুকলি সভাত বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰে সদৌ অসম কবি সন্মিলনৰ প্ৰাক্তন সভাপতি প্ৰেম গগৈ, প্ৰাক্তন উপ সভাপতি হৰেণ গগৈ, বৰ্তমানৰ উপ সভাপতি উজ্জ্বল পাওগাম, সদৌ অসম কবি সন্মিলনৰ প্ৰধান সম্পাদক পাৰভিজ হুছেইন, শিৱসাগৰ জিলা প্ৰাক্তন সভাপতি ত্ৰিদীপ কুমাৰ বৰগোহাঞি, মানৱজ্যোতি দেউৰী, জয়জ্যোতি গগৈ, সুৱন চিং গাম, শিৱসাগৰ জিলা প্ৰাক্তন সম্পাদক প্ৰশান্ত কুমাৰ নাথ৷ আজিৰ ডিজিটেল যুগত
যন্ত্ৰই যেতিয়া সকলো কাম কৰিব পৰা হ’ল মানুহৰ অনুভূতি, আবেগবোৰৰ যেন পৰিবৰ্তন ঘটিছে যাৰ বাবে কাব্যিক চিন্তা চৰ্চাৰো হ্ৰাস পাবলৈ ধৰিছে বুলি মন্তব্য কৰি পাৰভিজ হুছেইনে নৱ প্ৰজন্মক কাব্য চৰ্চা কৰিবলৈ আহ্বান জনায়৷ আজিৰ সভাত চাৰিখনকৈ গ্ৰন্থ উন্মোচন হয়৷ কবি সন্মিলনৰ মুখপত্ৰ “কাব্য গুঞ্জন” উন্মোচন কৰে আমগুৰি আউনীআটীয় হেমচন্দ্ৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ যোগেশ কিশোৰ ফুকনে৷ স্মৃতিগ্ৰন্থ “জাঁজীপৰীয়া” উন্মোচন কৰে টিংখাং মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰৱক্তা ড° যতীন কোঁৱৰে৷ বিশিষ্ট কবি দুষ্যন্ত মাধৱ বৰুৱাৰ “নামদাঙৰ উচুপনি”
উন্মোচন কৰে শিক্ষা কুমুদ ঘোষে আৰু বিশিষ্ট কবি কুন্তলা কৈল্যানী সন্দিকৈৰ “প্ৰেমৰ শেষ পৃষ্ঠা নেথাকে” উন্মোচন কৰে যতীন নাথে৷ আজিৰ অনুষ্ঠানতেই ২০২৩ বৰ্ষৰ শিৱসাগৰ জিলাৰ শ্ৰেষ্ঠ তিনিটা শাখা নিৰ্বাচন কৰা হয়৷ প্ৰথম স্থান নাজিৰা কবি সন্মিলন, দ্বিতীয় স্থান শিৱসাগৰ কবি চক্ৰ আৰু তৃতীয় স্থান লাভ কৰে জাঁজী শাখা কবি সন্মিলনে৷ তদপৰি ২০২৩ বৰ্ষৰ শ্ৰেষ্ঠ যুৱ কবি বঁটা লাভ কৰে “চাকা লাকা ব’ম ব’ম” কবিতা পুথিৰ বাবে জাঁজী শাখাৰ অনিন্দিতা বৎসায়ণে৷ জাঁজী শাখা কবি সন্মিলনে আজি গোটেই জীৱন জাঁজী জামুগুৰিত কিতাপৰ ব্যৱসায় কৰি জাঁজীবাসীৰ হৃদয় জয় কৰা ডিম্বেশ্বৰ বৰুৱাক ৰাজহুৱাভাৱে সম্বৰ্দ্ধনা জনায়৷ আজিৰ
অনুষ্ঠানৰ লগত সংগতি ৰাখি স্ব- ৰচিত কবিতা লিখা আৰু চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰি হয়৷ কবিতাৰ উচ্চ শাখাত উদগনি বঁটা লাভ কৰে ক্ৰমে মৃদুলা দত্ত আৰু লখিমী নেওগে৷ চিত্ৰাংকনৰ উচ্চ শাখাত প্ৰথম দ্ব্যানদীপ গগৈ, দ্বিতীয় সুকন্যা সুমন গগৈ আৰু তৃতীয় হয় সীমান্ত চাংমাই৷ উদগনি বঁটা পায় জুৱলি বড়াই৷ নিম্ন শাখাৰ প্ৰথম নিবিড় মৰম গগৈ, দ্বিতীয় কৃষ্ণেন্দু দত্ত আৰু তৃতীয় হয় এঞ্জেলিনা গগৈ৷ উদগনি বঁটা পায় দিম্পী গগৈয়ে৷ স্থানীয় শিল্পী কৃষ্টিনা দত্তৰ গীত, কণমানি আকাংক্ষা খাউণ্ডৰ নৃত্য, হৰেন গগৈৰ গীত পৰিৱেশন আৰু বহুসংখ্যক কবিৰ কবিতা গুঞ্জনেৰে আজিৰ অনুষ্ঠানটো অধিক জীপাল কৰি তোলে৷