নব গঠিত বেচৰকাৰী সংগঠন স্নেহাশীষৰ উদ্যোগত হাতীঘূলি মজলীয়া বিদ্যালয়ত যোগাসন, নৃত্য, গীতৰ কৰ্মশালা
গৌৰীসাগৰঃ অলপতে গঠিত হোৱা বেচৰকাৰী অনুষ্ঠান স্নেহাশীষৰ উদ্যোগত যোৱা ২৬ অক্টোবৰৰ পৰা ২৮ অক্টোবৰলৈকে হাতীঘূলি মজলীয়া বিদ্যালয়ত যোগাসন, নৃত্য, গীত আৰু SWOT ‘এনালাইচিচ’ৰ কৰ্মশালা আয়োজন কৰে ৷ মুখ্যতঃ শিশু আৰু ছাত্ৰ-ছাত্ৰী সকলৰ সৰ্বাংগীণ বিকাশ আৰু সমস্যা বিলাকৰ বাবে সমাধানৰ বাবে কাম কৰিবলৈ প্ৰচেষ্টা লৈছে তৰুণ প্ৰজন্মৰ এই সকল যুৱক-যুৱতীয়ে ৷ তাৰেই প্ৰথম প্ৰচেষ্টা হিচাবে আমগুৰি শিক্ষা খণ্ডৰ অধীনস্থ হাতীঘূলি মজলীয়া বিদ্যালয় আৰু ৩২৩ নং হাতীঘূলি প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত যোগাসন দলীয় নৃত্য, দলীয় গীত আৰু SWOT ‘এনালাইচিচ’ৰ জৰিয়তে ছাত্ৰ ছাত্ৰী
সকলৰ মাজত থকা শক্তি(Strength) দুৰ্বলতা (weakness), সুযোগ(Opportunity), ভাবুকি(Threat)ৰ বিষয়ে বিশেষ ভাবে প্ৰশিক্ষণ প্ৰদান কৰে ৷ সামৰণি দিনা ছাত্ৰ-ছাত্ৰী সকলে দলীয় নৃত্য,দলীয় গীত পৰিবেশন কৰি ৰাইজৰ সমাদৰ লাভ কৰে ৷ স্নেহাশীষৰ সদস্যা ব্লক ছেংফা মহন ফুকনে আঁতধৰা অনুষ্ঠানত সাংবাদিক ৰাজীৱ দত্ত, হাতীঘূলি মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী তৰুলতা বৰুৱা, পৰিচালনা সমিতিৰ সভাপতি মনোজ নাথ আৰু ৩২৩ নং হাতীঘূলি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী জুনু শইকীয়া উপস্থিত থাকে। আটাইকেউগৰাকী বক্তাই নব গঠিত বেচৰকাৰী সংস্থা স্নেহাশীষ কাৰ্যপন্থাক প্ৰশংসা কৰি শুভেচ্ছামূলক বক্তৃতা প্ৰদান কৰে৷ স্নেহাশীষৰ
সভাপতি স্নেহা চাংকাকতিয়ে উদ্দেশ্যে ব্যাখা কৰা অনুষ্ঠানত হাতীঘুলি মজলীয়া বিদ্যালয়ৰ শিক্ষয়িত্ৰীদ্বয় ৰূপা শইকীয়া, তৰু প্ৰভা নাথ ,অভিভাৱকৰ হৈ অপৰূপা চুতীয়াই স্নেহাশীষৰ প্ৰচেষ্টাক শলাগ জনায়৷ অনুষ্ঠানত স্নেহাশীষৰ হৈ বিশ্বজিত কোঁৱৰ, স্নেহা চাংকাকতি, গীতা স্বামী ফুকন, অনন্যা দত্তই গীত পৰিৱেশন কৰে৷ স্নেহাশীষৰ প্ৰধান সম্পাদক কৌস্তুৱ চেতিয়াই শলাগ জ্ঞাপন কৰা অনুষ্ঠানত ছালেউদ্দিন আহমেদ আৰু ব্লক ছেংফা মহন ফুকনে নৃত্য পৰিৱেশন কৰে ৷