আঞ্চলিক বৈষ্ণৱ সমাজ দিখৌমুখৰ উদ্যোগত অনুষ্ঠিত প্ৰতিযোগিতাত খনাখোকোৰা হাইস্কুলৰ কৃতিত্ব
গৌৰীসাগৰঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫ সংখ্যক জন্মোৎসৱ উপলক্ষে যোৱা ২২ অক্টোবৰত শান্তিপুৰ অঞ্চলৰ গটঙা নামঘৰত অনুষ্ঠিত কবিতা, চিত্রাংকণ, কুইজ প্ৰতিযোগিতাত খনাখোকোৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিযোগিতাত যোগদান কৰা ছাত্ৰ-ছাত্ৰী সকলে তিনিওটা শাখাত স্হান লাভ কৰিবলৈ সক্ষম হয়। কবিতা আবৃত্তি প্ৰতিযোগিতাৰ খ শাখাত এই বিদ্যালয়খনৰ ছাত্রী দেবাহুতি দত্তই তৃতীয় স্থান, চিত্রাংকণ প্ৰতিযোগিতাৰ খ শাখাত শান্তনু দত্তই দ্বিতীয় স্হান আৰু কুইজ প্ৰতিযোগিতাৰ উচ্চ শাখাত যুগান্ত বৰুৱা, প্ৰত্যুত প্ৰতিম ৰাজখোৱা, ৰাজদ্বীপ বড়াৰ দলে দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে ইয়াৰ পূৰ্বে ১১ অক্টোবৰত
মগৰাহাট উচ্চ মাধ্যমিক বিদ্যালয়ৰ হীৰক জয়ন্তী উপলক্ষে জিলা ভিত্তিক অনুষ্ঠিত হোৱা প্ৰতিযোগিতাৰ কুইজত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীয়ে দ্বিতীয় স্থান, তৰ্ক প্ৰতিযোগিতাত তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছিল। ইয়াৰোপৰি বিদ্যালয়খনৰ ছাত্রী প্ৰাৰ্থনা বড়াই গুৱাহাটীত অনুষ্ঠিত হোৱা জেভলিন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি কলিকতাত খেলিবৰ বাবে নিৰ্বাচিত হৈছে। উল্লেখ্য যে সীমিত সা-সুবিধা তথা একক প্ৰচেষ্টাৰ ফলশ্ৰতিত এই বিদ্যালয়খনত অধ্যয়নৰত বহুতো ছাত্ৰ-ছাত্ৰীয়ে শেহতীয়াকৈ অসম চৰকাৰৰ দ্বাৰা অনুষ্ঠিত শিক্ষক বাচনিৰ টেট্ পৰীক্ষা, তৃতীয়-চতুৰ্থবৰ্গৰ পৰীক্ষা, আৰক্ষী বিষয়াৰ বাবে অনুষ্ঠিত পৰীক্ষা, ভাৰতীয় সেনা বাহিনীৰ
পৰীক্ষা আদিত সুখ্যাতিৰে উত্তীৰ্ণ হৈ সংস্থাপনৰ বাট মোকোলাবলৈ সক্ষম হৈছে। অন্যহাতে এইখন বিদ্যালয়ৰ বহু কেইজন ছাত্ৰ-ছাত্ৰীয়ে সুচিকিৎসক, মহাবিদ্যালয়ৰ অধ্যাপক, অভিযন্তা হৈ দেশৰ বাবে সেৱা আগবঢ়াই অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে।