ashomiyapatrika.com

শিক্ষাবিদ ললিত ভট্টাচাৰ্য্যৰ পৰলোক

0 62

গৌৰীসাগৰঃ শিৱসাগৰ জিলাৰ দিখৌমুখ মগলৌৰ নিবাসী অৱসৰপ্ৰাপ্ত সহকাৰী শিক্ষক ললিত ভট্টাচাৰ্যৰ (৭৯) আজি পুৱা ৭.৩৫ ডিব্ৰুগড়স্থিত এখন ব‍্যক্তিগত নাচিংহোমত পৰলোক প্ৰাপ্তি হয়। কালুগাওঁ উচ্চতৰ মাধ‍্যমিক বিদ্যালয়ৰ পৰা ২০০৬ চনত অৱসৰ গ্ৰহন কৰা শিক্ষাবিদগৰকীয়ে অৱসৰৰ পাছতে সামাজিক ভাৱে একান্তভাৱে জড়িত হৈ পৰিছিল। দিখৌমুখ বৈদিক বৈষ্ণৱ সমাজৰ প্ৰাক্তন সভাপতি, গৌৰীসাগৰ জেষ্ঠ নাগৰিক মঞ্চৰ, দিখৌমুখ মহাবিদ্যালয় পৰিচালনা সমিতি সদস্যৰ লগতে জ‍্যোতিৰ্ষী হিচাপে জনপ্ৰিয়তা লাভ কৰাৰ ভট্টাচাৰ্য্য মৃত্যুত অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰে। নশ্বৰদেহ আহি গৃহ পোৱাৰ পাছতে এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৰূপায়ন হয়৷

সাংস্কৃতিক কৰ্মী মণ্টু কলিতাই আতঁ ধৰা অনুষ্ঠানত দিখৌপৰীয়া বৈদিক বৈষ্ণৱ সমাজ, দিখৌমুখ মহাবিদ্যালয়, গৌৰীসাগৰ উচ্চ মাধ‍্যমিক বিদ্যালয়, খনাখোকোৰা উচ্চ মাধ‍্যমিক বিদ্যালয়, গৌৰীসাগৰ জেষ্ঠ নাগৰিক মঞ্চ, বহমঠুৰি সাংস্কৃতিক চৰ্চা কেন্দ্ৰ, ত্ৰিলোচনৰ সাংস্কৃতিক মঞ্চ, গৌৰীসাগৰ, ধনেখোৱা ৰাইজ, মগলৌ ৰাইজৰ লগতে বহুতো অনুষ্ঠান,গণ্য মাণ‍্য ব‍্যক্তিয়ে পুষ্পাঞ্জলি অৰ্পন কৰি শেষ বিদায় জনায়।মৃত্যুৰ সময়ত তেখেতে পত্নী, দুজন পুত্ৰ আৰু দুগৰাকী বিবাহিত কন্যাসহ বহু আত্মীয় স্বজনক এৰি থৈ যায়।

Leave A Reply

Your email address will not be published.