ashomiyapatrika.com

উত্তৰনৰ জীয়া মালাধাৰী

0 25

অফুৰন্ত দুখত নিমজ্বিত
দু‌‌:স্থজনৰ আস্থাহীন অস্তিত্ব
বিৰোধৰ কণ্ঠ ৰোধ কৰিবলৈ
পায় সুযোগ অবিঘ্নিত
সপোনবোৰ থিতাপি লয় হৃদয়ৰ মাজত
শব্দৰ গুঁঠিৰ মায়াজালত
অন্তৰীক্ষৰ শব্দৰ জ্যোতিস্কত
চিনাকি সুৰৰ মায়াবী নিশা
স্বপ্নদ্ৰষ্টা স্ফীত দৃশ্যপত
এলান্ধুত ভৱিষ্যত মন্থনত
সমাহত হোৱা অমৃত চেতনা
কলীয়া ডাৱৰৰ এন্ধাৰ মানচিত্ৰ ৰেখাবোৰ
সত্তাৰ উল্লাষত ধূসৰিত অক্ষয়
ৰৌদ্ৰদগ্দ্বা জীৱনৰ স্বপ্নালুতাৰ চুড়াবোৰ
হঠাৎ দহন অমৃত বাণীৰ
একাকীকত্বৰ মেঘালী চুলিটাৰী
ঊৰ্দ্ধদিশে হয় কেশ বৃক্ষৰ কুঠৰীত।

         ৰিতুপৰ্ণ শৰ্মা
         বেলতলা গুৱাহাটী
         যোগাযোগ:
         ৯৭০৭০৭৫৮৪৪
Leave A Reply

Your email address will not be published.