কোঁৱৰপুৰত শ্ৰী শ্ৰী শংকৰদেৱৰ ৫৭৫ সংখ্যক জন্মোৎসৱৰ আয়োজন
গৌৰীসাগৰঃ ১৯৫২ চনতে প্ৰতিষ্ঠা হোৱা দিখৌমুখ আঞ্চলিক বৈষ্ণৱ সমাজেও বিগত সময়ৰ দৰে এইবাৰো নতুন প্ৰজন্মক শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ জীৱন, আদৰ্শ, ধৰ্ম, দৰ্শন আৰু সাহিত্য-সংস্কৃতিৰ সৈতে সংপৃক্ত কৰি সমাজত গুৰুজনাই দি যোৱা শান্তি, প্ৰগতি প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্য আগত ৰাখি অহা ২৩ আৰু ২৪ অক্টোবৰত কোঁৱৰপুৰ মৌজাৰ শান্তিপুৰ গাওঁ পঞ্চায়তৰ অধীনৰ গটঙা গাঁৱৰ নামঘৰত, দিখৌমুখ আৰু শান্তিপুৰবাসী ৰাইজৰ সহযোগত, গটঙা গাঁৱৰ ৰাইজৰ আতিথ্যত শ্ৰী শ্ৰী শংকৰদেৱৰ ৫৭৫ সংখ্যক জন্ম জয়ন্তী আয়োজন কৰিছে৷ এই উপলক্ষে প্ৰবীণ কুমাৰ বৰুৱাক সভাপতি, শান্তনু দাসক কাৰ্যকৰী সভাপতি, অজিত
কলিতাক সাধাৰণ সম্পাদক, দিগন্ত কলিতা আৰু সমীৰণ বৰুৱাক যুটীয়া সম্পাদক হিচাপে লৈ এখনি বৃহৎ আদৰণি সমিতি গঠন কৰা হয়৷ এই উপলক্ষে ২২ অক্টোবৰৰ দিনা পুৱা ন বজাত শিক্ষাবিদ ভদ্ৰেশ্বৰ হাজৰিকা সোঁৱৰণী জিলা ভিত্তিত সাহিত্য প্ৰতিযোগিতা৷ উক্ত প্ৰতিযোগিতা খনি উদ্ধোধন কৰিব শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক পংকজজ্যোতি হাজৰিকাই৷ সঞ্চালনা কৰিব সাংবাদিক প্ৰশান্ত দত্তই। ২৩ অক্টোবৰ দিনা পুৱা জেষ্ঠ নাগৰিক লিলা বড়া আৰু শিক্ষাবিদ তিলেশ্বৰ দত্তই গছপুলি ৰোপণ কৰাৰ পাছতেই সভাপতি উপেন ভৰালীয়ে পতাকা উত্তোলন কৰিব৷ ন বজাত ভাগৱত শোভাযাত্ৰা উদ্ধোধন কৰিব ভাগৱত ব্যাখ্যাকাৰ অৰূপ
শইকীয়াই৷ দিনৰ এঘাৰ বজাত অনাতাঁৰ শিল্পী টংকেশ্বৰ দত্তৰ সোঁৱৰণত সদৌ অসম ভিত্তিত বৰগীত, সত্ৰীয়া নৃত্য আৰু খোলবাদন প্ৰতিযোগিতাখনি উদ্ধোধন কৰিব টিয়ক চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ অধ্যাপক ৰবীন শইকীয়াই৷ সঞ্চালনা কৰিব শান্তিপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক বিজয় কৃষ্ণ দত্তই৷ ২৪ অক্টোবৰ দিনা দিনৰ এঘাৰ বজাত আঞ্চলিক বৈষ্ণৱ সমাজৰ সভাপতি উপেন ভৰালীৰ সঞ্চালনাত অনুষ্ঠিত ধৰ্মালোচনী সভাখনি উদ্ধোধন কৰিব শিৱসাগৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° প্ৰফুল্ল কলিতাই। নিদিষ্ট বক্তা হিচাবে উপস্থিত থাকিব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰচাৰ শাখাৰ প্ৰাক্তন সভাপতি জগত বনিয়া। বিশিষ্ট অতিথি
হিচাপে উপস্থিত থাকিব অৱসৰপ্ৰাপ্ত অধ্যাপক ভূপেন্দ্ৰ নাথ হাজৰিকা৷ সন্ধ্যা সাত বজাত যুগল চন্দ্ৰ বড়াৰ সোঁৱৰণত শিশু সকলৰ দ্বাৰা ‘সিন্ধুমুনিৰ পিতৃভক্তি, দশৰথৰ স্বৰ্গ উদ্ধাৰ’ ভাওনা ভাগি উদ্ধোধন কৰিব যোৰহাট জিলাৰ যানবাহন শাখাৰ পৰিদৰ্শক ধনঞ্জয় শইকীয়াই৷ গতিকে সমুহ ৰাইজক উপস্থিত থাকিবৰ বাবে মুল সমিতিৰ কাৰ্যকৰী সভাপতি ৰুবুল বৰা আৰু যুটীয়া সম্পাদক দীনমণি ভূঞা, মনোজ বড়াই অনুৰোধ জনাইছে৷