ashomiyapatrika.com

শংকৰদেৱ বিদ্যা মন্দিৰ, গৌৰীসাগৰৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ধ্ৰুৱেশ্বৰ নাথৰ অভিনন্দন গ্ৰন্থ ‘নান্দনিক’ উন্মোচন পুথিভঁৰালৰ দ্বাৰ মুকলি

0 27

তপস্যা নকৰাকৈ আজিৰ সমাজত বহুতে যশস্যা বিচাৰে- তুৱাৰাম- খনিকৰৰ

গৌৰীসাগৰঃ শিক্ষক সেইজনেই শিক্ষক যি জনে নিদিষ্ট চিলেবাচৰ পৰা আঁতৰি আঁহি ছাত্ৰ-ছাত্ৰীক নিজৰ উদ্ভাৱনী চিন্তাৰে যুগ সাপেক্ষে আগবঢ়াই নিব পাৰে৷ আমি বহুতেই শিক্ষক হয় যদিও উদ্ভাৱন কৰা প্ৰক্ৰিয়াটো আমি নকৰো৷ এগৰাকী শিক্ষক বিদ্যালয়ৰ শিক্ষক হোৱা লগতে এখন ঘৰৰ আৰু এখন সমাজৰো শিক্ষক হ’ব লাগিব৷ আৰু সেই শিক্ষকেই পৃথিৱীৰ এন্ধাৰ আতৰোৱা সেনানী সকলক তৈয়াৰ কৰিব লাগিব সুনিপুণ ভাৱে৷এটা সন্তান মানুহৰ সংগত ডাঙৰ নহলে ভবিষ্যতৰ দিনত তেঁও কেতিয়াও প্ৰকৃত মানুহ হ’ব নোৱাৰে৷ তপস্যা নোহোৱাকে যশস্যা বিচাৰিলে জীৱনৰ বাটত সি বৰ বেয়াকৈ উজুটি খাব৷ ইয়াৰ বাবে ঘৰখন সংস্কাৰী হ’ব লাগিব৷ এখন

সংস্কাৰী ঘৰৰ সন্তানেহে পিছলৈ এখন সমাজৰ গতি দিব পাৰিব৷ এই মন্তব্য বিশিষ্ট শিক্ষাবিদ তুৱাৰাম খনিকৰৰ ৷ ২০০৪ চনত অসম জাতীয় বিদ্যালয়ৰ আহিত গৌৰীসাগৰত প্ৰতিষ্ঠা লাভ কৰা শংকৰদেৱ বিদ্যা মন্দিৰ, গৌৰীসাগৰ পৰিচালনা সমিতিৰ প্ৰতিষ্ঠাপক সভাপতি তথা পৰৱৰ্তী দীৰ্ঘ সময়ৰ অধ্যক্ষ ধ্ৰুৱেশ্বৰ নাথৰ অভিনন্দন গ্ৰন্থ “নান্দনিক” আনুস্থানিক ভাবে উন্মোচন কৰি কালি চাৰিং শ্বহীদ মনিৰাম দেৱান মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তুৱাৰাম খনিকৰে এনেদৰে কয়৷ ৰাজীৱ দত্ত আৰু জীৱন কৃষ্ণ গোস্বামীৰ দ্বাৰা সম্পাদিত অভিনন্দন গ্ৰন্থ খনি উন্মোচন কৰি তেওঁ আৰু কয় যে প্ৰকৃততে কোনোবা এজন ব্যক্তিক

অভিনন্দন জনোৱা নহয়৷ জনোৱা হয় তেওৰ গুণৰাজীক৷ ধ্ৰুৱেশ্বৰ নাথৰ গুণৰাজীকহে আজি অভিনন্দন জনোৱা হৈছে৷ ছাত্ৰ-ছাত্ৰী সকলক উদ্দেশ্য শিক্ষাবিদ গৰাকীয়ে আৰু কয় যে আকাশ সদৃশ মনৰ বিশালতা আৰু সাগৰ সদৃশ জ্ঞানৰ গভীৰতা বুজিবলৈ এক সংস্কাৰী মনৰ অধিকাৰী হ’ব লাগিব৷ তাৰোপৰি তেখেতে ছাত্ৰছাত্ৰী সকলক জ্ঞানৰ অনুসন্ধিৎসু অন্বেষণত ব্ৰতী হ’বলৈ আহ্বান জনায়৷ ইফালে ইয়াৰ পুৰ্বে বিদ্যালয়খনৰ নৱনিৰ্মিত গ্ৰন্থাগাৰটিৰ দ্বাৰ মুকলি কৰে শিৱসাগৰ মহাবিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত মুখ্য গ্ৰন্থাগাৰিক তথা সদৌ অসম গ্ৰন্থাগাৰিক সন্থাৰ প্ৰাক্তন সভাপতি দেৱ হাজৰিকাই৷ দ্বাৰ উন্মোচন কৰি সভাত হাজৰিকাই কয় যে

সাম্প্ৰতিক সময়ত অসমৰ বিদ্যালয় বোৰত গ্ৰন্থাগাৰ বহু নিন্মখাপৰ হৈ আছে৷ গ্ৰন্থাগাৰটো এখন বিদ্যালয়ৰ হৃদপিণ্ড বুলি কোৱা হয় যদিও আজি পৰ্যন্ত কোনো এখন চৰকাৰে এজনো গ্ৰন্থাগাৰিকৰ নিযুক্তি দিব নোৱাৰাটো দুৰ্ভাগ্যজনক৷ গ্ৰন্থ অধ্যয়নে জ্ঞানৰ সন্ধান দিয়ে৷ সেয়ে একোখন কিতাপ মানেই একো একোজন পণ্ডিত৷ সাংবাদিক ৰাজীৱ দত্তই আঁত ধৰা সভাখনত নাজিৰা মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ড° জীৱন কলিতা বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি সাৰগৰ্ভ বক্তৃতা প্ৰদান কৰে৷সভাত অভিনন্দিত ধ্ৰুৱেশ্বৰ নাথে জীৱনৰ অভিজ্ঞতা সুঁৱৰি আবেগিক হৈ উঠে৷ বিদ্যালয়ৰ সমবেত সংগীতেৰে শুভাৰম্ভ হোৱা, পৰিচালনা সমিতিৰ সম্পাদক

প্ৰদীপ বৰুৱাই উদ্দেশ্য ব্যাখ্যা কৰা কৰে৷ বিদ্যালয়ৰ প্ৰধান শিক্ষক ভবেন গগৈয়ে আদৰণি ভাষন দিয়া সভাখনত বিদ্যালয় খনৰ আন এগৰাকী অৱসৰী শিক্ষক খগেশ্বৰ শইকীয়াকো বিদায় সম্বৰ্দ্ধনা জনোৱা হয়৷ বিদ্যালয়ৰ দুগৰাকী ছাত্ৰীয়ে বৰগীত আৰু জয়ন্ত হাজৰিকাৰ গীত পৰিবেশন কৰা সভাখনত শান্তিপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী প্ৰধান শিক্ষক ড° সোণেশ্বৰ বৰা, দিখৌমুখ মহাবিদ্যালয়ৰ অৱসৰী অধ্যক্ষ পবিত্ৰ কুমাৰ দত্ত, ডিমৌ আঠাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী অধ্যক্ষ থানেশ্বৰ কলিতা, বিশিষ্টা সমাজসেবীকা প্ৰেমদা হাজৰিকা, ধ্ৰুৱেশ্বৰ নাথৰ সহধৰ্মিনী অৰুণা নাথ, ঘনকান্ত বৰা কণিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ গুণমণি

কলিতা, বিদ্যালয়ৰ পৰিচালনা সমিতিৰ প্ৰতিষ্ঠাপক সম্পাদক তথা অৱসৰপ্ৰাপ্ত শিক্ষক জীৱন কলিতা, পৰিচালনা সমিতিৰ সভাপতি নৃপেন হাজৰিকাকে ধৰি বহুকেজন গণ্য মান্য ব্যক্তি উপস্থিত থাকে৷ ইফালে এই সভাতে দেৱ হাজৰিকা, অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী অঞ্জনা শইকীয়া চুতীয়া, খনামুখ উঃমাঃবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ মানিক লাহনকে ধৰি কেইবাগৰাকী ব্যক্তিয়ে গ্ৰন্থাগাৰলৈ একাধিক গ্ৰন্থ দান কৰে৷

Leave A Reply

Your email address will not be published.