ashomiyapatrika.com

২০১৪ বৰ্ষতে উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখালৈ উন্নীত কৰিব বিচৰা ১২৩ হাইস্কুলৰ ঘৰ দুৱাৰ, ব্যৱহাৰিক কোঠা জৰাজীৰ্ণ

0 32

গৌৰীসাগৰঃ অসমৰ ১২৩ খন হাইস্কুলক ২০১৪ বৰ্ষতে তদানীন্তন শিক্ষামন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখালৈ উন্নীত কৰাৰ বাবে প্ৰায় ১৭ লাখৰ অধিক টকা খৰচ কৰি দুটা শ্ৰেণী কোঠাৰ লগতে এটা লেব’ৰেটৰী কোঠাৰ নিৰ্মাণ ন মাহৰ ভিতৰত সম্পূৰ্ণ কৰিছিল গড়কাপ্তানি বিভাগৰ অধীনত ঠিকাদাৰৰ জৰিয়তে। এই ক্ষেত্ৰত যিসমূহ বিদ্যালয়ৰ মেট্ৰিকৰ ফলাফল ভাল আৰু ন-দহ কিলোমিটাৰ বাসাৰ্ধৰ ভিতৰত কোনো উচ্চতৰ মাধ্যমিক বা উচ্চতৰ মাধ্যমিকৰ বিজ্ঞানশাখা নাছিল তেনে বিদ্যালয়ক অগ্ৰাধিকাৰ দিয়া হৈছিল।ইয়াৰোপৰি সকলো দিশৰ পৰা সুচল হোৱাকৈ লক্ষ্য কৰিও উচ্চতৰ মাধ্যমিকৰ বিজ্ঞানশাখা খোলাৰ

ব্যৱস্হা লোৱা হৈছিল। কিন্তু ২০১৪ বৰ্ষৰ ২০২৩ বৰ্ষলৈ প্ৰায় এঘাৰ বছৰ পাৰ হ’ল অসমৰ শিক্ষা বিভাগে উক্ত বিদ্যালয় সমূহত বিজ্ঞান শাখা খুলিবলৈ সক্ষম নহল।জানিব পৰামতে অসম সচিবালয়তে সেই ফাইল বিগত এঘাৰ বছৰ পৰি ৰল।শেহতীয়াকৈ শিক্ষা মন্ত্ৰী গৰাকীয়ে ৰাজ্যখনত বিজ্ঞান শাখাত পঢ়া ছাত্ৰ-ছাত্ৰীৰ সংখ্যা নগণ্য হৈ পৰিছে বুলি নিজেই উল্লেখ কৰি এই সংখ্যা মাথোঁ ১৮ শতাংশ বুলি উল্লেখ কৰিছে। কিন্তু বিজ্ঞান শাখাত পঢ়াৰ বাবে শিক্ষা বিভাগৰ ফালৰ পৰা কি ব্যৱস্হা গ্ৰহণ কৰিছে ওপৰত উল্লেখ কৰা উদাহৰণেই যথেষ্ট। বহু বিদ্যালয়ত জৰাজীৰ্ণ অৱস্থালৈ গতি কৰিছে সেই সময়ত নিৰ্মিত দুটা শ্ৰেণী কোঠাৰ সৈতে লেব’ৰেটৰী কোঠা। শিৱসাগৰ জিলাতে এনে বিদালয় আছে নখন। বিজ্ঞান শাখাত

পঢ়ুৱাবৰ বাবে এনে বিদালয়ত স্নাতকোত্তৰ বিজ্ঞান ডিগ্ৰীধাৰী শিক্ষকো তিনি-চাৰিটা বিষয়ৰ হাইস্কুল পৰ্যায়ত আছিল। কিন্তু শিক্ষা বিভাগে বিগত এঘাৰ বছৰে এই কামটো কৰিব নোৱাৰিলে। শিক্ষা বিভাগে কিন্তু এনে একাংশ বিদ্যালয়ত বিজ্ঞান শাখা ৰাখি থৈছে য’ত খুব বেছি দুই-তিনিজন ছাত্ৰ-ছাত্ৰী আছে কিন্তু মোটা দৰমহা দি বিষয় শিক্ষক ৰাখি থৈছে। ৰাজ্যখনৰ বহু শিক্ষানুষ্ঠানৰ কলা-বাণিজ্য শাখাতো একে অৱস্থা। শাখা আছে, ছাত্ৰ-ছাত্ৰী নাই। শাখা য’ত প্ৰয়োজন তালৈও আনিব নোৱাৰে, কাৰণ একাংশ সচেতন শিক্ষানুৰাগীৰ মাজত হৈ-চৈ লাগি যায়। সোণালী জয়ন্তী-ৰূপালী জয়ন্তী গৰকা

বিদ্যালয়ৰ কথা আহে। পিছদুৱাৰেদি ৰাজনীতিৰ বতাহ বলে। আনহাতে অসমৰ মহাবিদ্যালয়সমূহৰ পৰা বৰ্তমানেও চৰকাৰে উচ্চতৰ মাধ্যমিক শাখা আঁতৰাবলৈ সক্ষম হোৱা নাই। বিগত দুটামান বৰ্ষত এনে হোৱা দেখা গৈছে হব লগা বিদ্যালয়ত উচ্চতৰ শাখা খোলাৰ অনুমতি দিয়া নাই আৰু কম সংখ্যক ছাত্ৰ-ছাত্ৰীথকা বিদ্যালয়কে শাখা খোলাৰ অনুমতি দিছে। বিজ্ঞান শাখাত পঢ়া ছাত্ৰ-ছাত্ৰীৰ সংখ্যা দিনক দিনে নগণ্য হৈ আহিছে বুলি শিক্ষা মন্ত্ৰী গৰাকীয়ে কিন্তু এই কথা উপলব্ধি কৰাৰ বিপৰীতে গাঁৱৰ এজন ছাত্ৰ বা ছাত্ৰী এগৰাকীয়ে ব্যক্তিগত খণ্ডৰ চিনিয়ৰ চেকেণ্ডেৰীত পঢ়ি কিমান খৰচান্ত হব লগা হৈছে সেই কথা উপলব্ধি কৰিব নোৱাৰাতো দুৰ্ভাগ্যজনক।

বিজ্ঞান শাখাৰ চৰকাৰী যিকেইখন বিদ্যালয় আছে ক’ৰবাত পদাৰ্থবিদ্যাৰ অথবা কোনোখনত গণিতৰ বিষয় শিক্ষক নাই। প্ৰকৃততে শিক্ষা বিভাগে এই কথা এতিয়াও উপলদ্ধি কৰিব পৰা নাই যে যিকোনো এটা বিষয়ৰ শিক্ষকৰ পদ খালি হৈ পৰাৰ লগে লগে সেই বিষয়ত কমেও এমাহৰ ভিতৰত নিযুক্তি দিয়া দৰকাৰ। কাৰণ ছাত্ৰ-ছাত্ৰীৰ বাবে সময় ৰৈ নাথাকে। শিক্ষা বিভাগে শেহতীয়াকৈ নতুন শিক্ষা নীতি অনুসৰি হাইস্কুলসমূহত একাদশ-দ্বাদশ শ্ৰেণী আৰম্ভ কৰাৰ আগতে এটা নিৰ্দিষ্ট সীমাৰ ভিতৰত একোখন হাইস্কুলত একাদশ-দ্বাদশ শ্ৰেণী আৰম্ভ নকৰি সকলো বিদ্যালয়তে যদি খোলাৰ অনুমতি প্ৰদান কৰে পুণৰ ভৱিষ্যতে যে বহু বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ

অভাৱত বেমেজালিৰ সৃষ্টি হব বা শিক্ষা বিভাগে নিজেই সৃষ্টি কৰি লব সেই কথা নিশ্চিত। শিক্ষাসেতু পৰ্টেলৰ পৰা এখন বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা চাই,মেট্ৰিকৰ ফলাফলৰ লগতে দূৰত্ব আদিও চাই একাদশ-দ্বাদশ শ্ৰেণীখোলাৰ অনুমতি দিয়া প্ৰয়োজন।

Leave A Reply

Your email address will not be published.