ashomiyapatrika.com

কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগঃ জকাইচুক পথাৰত উন্নত কৃষি প্ৰযুক্তিৰ শুভাৰম্ভ

0 40

জহা আৰু ৰঙা বাও চাউলৰ ‘সুগন্ধি’ ব্ৰেণ্ড উন্মোচন

গৌৰীসাগৰঃ কৃষি বিজ্ঞান কেন্দ্ৰ শিৱসাগৰৰ উদ্যোগত নাবাৰ্ডৰ অৰ্থ সাহাৰ্যৰে আজি জকাইচুক ৰঙা চাউল কৃষক উৎপাদনমুখী গোটৰ অন্তৰ্গত নকটানী কালুগাঁৱত “ইফকো কৃষান কোঃ লিমিটেড” নামৰ এটা কোম্পানীৰ দ্বাৰা পৰিচালিত এক উন্নত কৃষি প্ৰযুক্তিৰ শুভাৰম্ভ কৰা হয়৷ কৃষক পলাশ দহোটীয়াৰ কৃষি পথাৰত ইফকোৰ জ্যেষ্ঠ প্ৰবন্ধক সুৰজ কুমাৰ সিনহা,নবাৰ্ডৰ শিৱসাগৰ জিলা প্ৰবন্ধক মিঃ ৰাভা,কৃষি বিজ্ঞানী ড°অৰুন্ধতী বৰদলৈৰ লগতে কৃষি বিজ্ঞান কেন্দ্ৰৰ আন আন বিষয়া কৰ্মচাৰীৰ উপস্থিতিত নাবাৰ্ডৰ মুখ্য প্ৰবন্ধক নবীন ডিংৰাই আনুস্থানিক ভাবে ফিটা কাটি শুভ উন্মোচন কৰে৷ ইফকোৰ দ্বাৰা পৰিচালিত উক্ত প্ৰযুক্তিৰ জৰিয়তে

অঞ্চলটোৰ দুই কিলোমিটাৰ ব্যাসাৰ্ধৰ বতৰৰ আগলি বতৰা, মাটিৰ গুণাগুন, আদ্ৰতা, কৃষিক্ষেত্ৰত প্ৰয়োগ কৰিবলগা সাৰৰ পৰিমান, দৰব আৰু শস্য সমুহত হব পৰা ৰোগ সম্বন্ধে নিখুত বটৰা সংগ্ৰহ কৰি কৃষকৰ মাজত এক বিশেষ এপৰ যোগেৰে সদৰি কৰিব বুলি ইফকোৰ কাৰিকৰী বিষয়া সকলে জানিবলৈ দিয়ে৷ ইয়াৰ পিচতে গৌৰীসাগৰ বহুমুখী প্ৰকল্প ভৱনত অনুস্থিত এখন সভাত নাবাৰ্ডৰ মুখ্য প্ৰবন্ধক নাভিন ধিংৰাইয়ে জকাইচুক ৰঙা চাউল কৃষক উৎপাদনমুখী গোট আৰু মুং ডুং কৃষক উৎপাদন মুখী গোটৰ দ্বাৰা উৎপাদিত ৰঙা বাও চাউল আৰু কেতেকী জহা চাউলৰ ‘সুগন্ধি’ নামৰ পেকেটিং

ব্ৰেন্দটোও আনুস্থানিক ভাবে উন্মোচন কৰি ডিংৰাই কয় যে এই কৃষক সকলৰ দ্বাৰা উৎপাদিত উন্নত মানৰ চাউলৰ ব্ৰেন্দটোৱে বিশ্বৰ বজাৰ দখল কৰিব৷ কিয়নো এই কেইবিধ চাউলৰ বহু উপকাৰিতা আছে৷ ইফালে এই সভাতে গ্ৰামীন বিকাশ বেংকৰ জৰিয়তে নাবাৰ্ডে ১১৩গৰাকী কৃষকক ৭.৫কোটি টকাৰ ঋণৰ প্ৰ পত্ৰও প্ৰদান কৰে মুখ্য প্ৰবন্ধক গৰাকীয়ে৷

Leave A Reply

Your email address will not be published.