ashomiyapatrika.com

শংকৰদেৱ অসমীয়া জাতিৰ হৃদপিণ্ডঃ তুৱাৰাম খনিকৰ

0 83

গৌৰীসাগৰঃ শ্ৰীমন্ত শংকৰদেৱ অসমীয়া মানুহৰ তেজৰ ধমনিত প্ৰবাহিত । তেওঁৰ দৰ্শন ভাবাদৰ্শন এৰি অসমীয়া মানুহে একো কৰিব নোৱাৰে। নামঘৰত শংকৰদেৱ, ধৰ্মত শংকৰ, গীত-মাতত শংকৰ, ভাওনাত শংকৰ, জীৱন শৈলীত শংকৰ, শংকৰদেৱ নাই ক’ত ? সেয়েহে শংকৰদেৱক বিজ্ঞানৰ যন্ত্ৰ কেলিডচ্ কপৰ লগত তুলনা কৰিব পাৰি। শংকৰদেৱ কল্পতৰু বৃক্ষ, যি বটবৃক্ষক যিহকেই বিছৰা যায় তাকেই পোৱা নাই। শ্ৰীমন্ত শঙ্কৰ হৰি ভকতৰ জানা যেন কল্পতৰু বুলি যথাৰ্থ ভাবেই কোৱা হৈছে৷ তেওঁ আছিল পৰিবেশন ৰচনা কৰোতা৷ হৰিনাম কীৰ্ত্তন, ভাওনা, নৃত্য গীতে এনে এটা পৰিবেশ সৃষ্টি কৰিবলৈ বিছাৰিছিল যত হৃদয়ৰ বেয়া ভাবনাবোৰ

নাইকীয়া হৈ যায়। এইদৰেই কয় বিশিষ্ট শিক্ষাবিদ তথা চাৰিং শ্বহীদ মণিৰাম দেৱান মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অৱসৰী মুৰব্বী অধ্যাপক তুৱাৰাম খনিকৰে। নকটানি ফাকুম গাঁৱৰ হৰিমন্দিৰ প্ৰাঙ্গণত দহখন গাঁৱৰ ৰাইজৰ সহযোগত ৫৭৫ তম শ্ৰী শ্ৰী শংকৰদেৱ জন্মোৎসৱৰ আজি মুকলি সভাখনিত সঞ্চালনা কৰে টিয়ক চন্দ্ৰ কমল বেজবৰুৱা মহাবিদ্যালয়ৰ অধ্যাপক ৰবিন শইকীয়াই । উদযাপন সমিতিৰ সম্পাদক হেমন্ত বড়াই আঁত ধৰা আৰু কায্যকৰী সভাপতি বিনন্দ চাংমাইয়ে আদৰণি ভাষণ দিয়া সভাখনিত নিদিষ্ট বক্তা হিচাপে গড়গাঁও মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অৱসৰী অধ্যাপক ডক্তৰ অৰুন্ধতী মহন্তই গোটেই

অসমজুৰি বিস্তৃত যাৰ নাম সেয়াই শংকৰদেৱ বুলি মন্তব্য কৰি এক তত্ত্ব গধুৰ বক্তৃতা প্ৰদান কৰে৷ সুৰজিৎ পাটৰৰ বৰগীতে আৰম্ভ হোৱা সভাখনিত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে অনু সিনহা, স্বৰ্ণ মহন্ত, বিজুমণি দত্ত । ২৩ ছেপ্টেম্বৰৰ দিনা পুৱা দহখন গাঁৱৰ পৰা সদ্ভাৱনা যাত্ৰা অহাৰ পাছতেই দহখন গাঁৱৰ দহজন বয়োজ্যোষ্ঠ ব্যক্তিৰ দ্বাৰাই পতাকা উত্তোলন কৰাৰ পাছতেই শিক্ষাবিদ দীপক আৰন্ধৰাই গছপুলি ৰোপণ কৰে । তাৰ পাছতেই বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হয় । প্ৰতিযোগিতাৰ ফলাফল এনেধৰণৰ চিত্ৰাংকন প্ৰতিযোগিতাত ‘ক’ শাখাৰ প্ৰথম অনুষ্মিতা নেওগ, দ্বিতীয় নিবিড় নিয়ৰ শইকীয়া, তৃতীয় অভিপ্ৰাণ বৰুৱা, উদগণি অৰ্চিতা ভূঞা

আৰু ‘খ’ শাখাৰ প্ৰথম হৰিপ্ৰিয়া নেওঁগ, দ্বিতীয় সৌৰভ ৰাজখোৱা, তৃতীয় গীতাশ্ৰী শইকীয়া, উদগণি প্ৰয়াসী পীয়ুষ বৰুৱা ৰচনা প্ৰতিযোগিতাত ‘ক’শাখাৰ প্ৰথম নিবিড় নিয়ৰ শইকীয়া আৰু ‘খ’ শাখাৰ প্ৰথম সৌৰভ ৰাজখোৱা, দ্বিতীয় হৰিপ্ৰিয়া নেওঁগ, তৃতীয় গীতাশ্ৰী শইকীয়া। বৰগীত প্ৰতিযোগিতাত প্ৰথম সুৰজিৎ পাঠক, দ্বিতীয় অংকুৰ নাথ, তৃতীয় বৃষ্টি প্ৰিয়া গগৈ, উদগণি দেৱলীনা দেউৰী আৰু প্ৰিয়াংকু বড়া। খোল বাদন প্ৰতিযোগিতাত প্ৰথম প্ৰত্যুপ্ৰতীম ৰাজখোৱা, দ্বিতীয় দিপু দত্ত, তৃতীয় আকাশ দত্ত, উদগণি সমীৰণ নেওঁগ। ভাওনাৰ সংলাপ নিক্ষেপ প্ৰতিযোগিতাত প্ৰথম প্ৰদীপ বৰঠাকুৰ, দ্বিতীয় অবিনাশ শইকীয়া, তৃতীয় শিল্পী হাতীবৰুৱা দাস। দিহাসম্ৰাট কমলা গগৈৰ দিহানামে নতুন মাত্ৰা প্ৰদান কৰে। ৰাতিলৈ ‘বাণ পৰাজয়’ ভাওনা প্ৰদৰ্শনে দুদিনীয়া কাৰ্যসূচীৰ সামৰণি পৰে৷

Leave A Reply

Your email address will not be published.