শিৱসাগৰত উলহ-মালহেৰে দেশৰ ৭৭ সংখ্যক স্বাধীনতা দিৱস উদযাপন
গৌৰীসাগৰঃ সমগ্ৰ দেশৰ লগতে শিৱসাগৰ জিলাতো আজি দেশৰ ৭৭ সংখ্যক স্বাধীনতা দিৱস দিনজোৰা কাৰ্য্যসূচীৰে উলহ-মালহেৰে উদযাপন কৰা হয়। শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত ঐতিহাসিক বৰ্ডিং খেলপথাৰত আয়োজিত স্বাধীনতা দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰি জনস্বাস্থ্য কাৰিকৰী, পৰ্যটন আৰু কৌশল নিয়োজন আৰু উদ্যমিতা বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে৷ পতাকা উত্তোলনৰ পূৰ্বে মন্ত্ৰী গৰাকীয়ে দেশৰ স্বাধীনতাৰ হকে প্ৰাণ আহুতি দিয়া বীৰ শ্বহীদ সকলক স্মৰণ কৰি স্থানীয় আনন্দৰাম বৰুৱা উদ্যান আৰু পিয়লি ফুকন উদ্যানত অনুষ্ঠিত শ্বহীদ তৰ্পণ কাৰ্যসূচীত
অংশগ্ৰহণ কৰে৷ ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ পিছত মন্ত্ৰী গৰাকীয়ে বৰ্ডিং খেলপথাৰত কুচ-কাৱাজত অংশগ্ৰহণ কৰা আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীৰ অভিবাদন গ্ৰহণ কৰে৷ জিলা আয়ুক্ত আদিত্য বিক্ৰম য়াদৱ আৰু আৰক্ষী অধীক্ষক শুভ্ৰজ্যোতি বৰাৰ উপস্থিতিত মুখ্য অতিথি ৰূপে প্ৰদান কৰা ভাষণত মন্ত্ৰী গৰাকীয়ে দেশৰ বীৰ শ্বহীদ, মুক্তি-যুঁজাৰু সকলৰ চৰম ত্যাগ আৰু আত্মবলিদানৰ বিষয়ে শ্ৰদ্ধাৰে সোঁৱৰাৰ লগতে দেশৰ সীমান্ত আৰু আভ্যন্তৰীণ সুৰক্ষাত নিয়োজিত নিৰাপত্তা বাহিনী সমূহৰ সাহস আৰু পৰাক্ৰমৰ কথা কৃতজ্ঞতাৰে স্মৰণ কৰে৷ ভাষণ প্ৰসঙ্গত মন্ত্ৰীগৰাকীয়ে ঐতিহ্যনগৰী শিৱসাগৰক শেক্সপিয়েৰৰ জন্মভূমি ইংলেণ্ডৰ
ষ্টেনফৰ্ড-অন-এভনৰ দৰে বিশ্ব পৰ্যটন ক্ষেত্ৰৰূপে গঢ়ি তোলাৰ প্ৰচুৰ সম্ভাৱনীয়তা আছে বুলি উল্লেখ কৰে৷ নিজ ভাষণত তেওঁ কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে জিলাখনৰ সৰ্বোত্তম উন্নতিৰ লক্ষ্যৰে গ্ৰহণ কৰা জনকল্যানকামী আঁচনি সমূহৰ বিষয়ে উল্লেখ কৰি এই সমূহৰ সফল ৰূপায়ণৰ বাবে জনসাধাৰণৰ পূৰ্ণ সহযোগিতা কামনা কৰে৷ তেওঁ জিলাখনৰ শিক্ষা, স্বাস্থ্য, গ্ৰামোন্নয়ণ, কৃষি তথা ইয়াৰ সহযোগী খণ্ড, উদ্যোগ- বাণিজ্য, শক্তি, পথ- যোগাযোগ, জনস্বাস্থ্য কাৰিকৰী, পৰিবহন আদি বিভাগৰ অধীনস্থ আঁচনি সমূহৰ দ্ৰুত আৰু ফলপ্ৰসূ ৰূপায়ণৰ ক্ষেত্ৰত জিলা প্ৰশাসনে অগ্ৰাধিকাৰ প্ৰদান কৰি আহিছে বুলি উল্লেখ কৰে৷ ইয়াৰ পিছতে মুখ্য অতিথি গৰাকীয়ে
স্বাধীনতা দিৱস উপলক্ষে অনুষ্ঠিত কৰা বিভিন্ন প্ৰতিযোগিতাৰ বিজয়ী প্ৰতিযোগী, বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা প্ৰদৰ্শন কৰা ব্যক্তি, কুচ-কাৱাজত অংশগ্ৰহণ কৰা বিজয়ী দলসমূহক পুৰস্কাৰ প্ৰদান কৰাৰ লগতে স্থানীয় সাংবাদিক সকলৰ সৈতে এক প্ৰেছ মীটত অংশ গ্ৰহণ কৰে আৰু জিলাখনৰ বিভিন্ন বিভাগে স্থাপন কৰা বিপনী সমূহ পৰিদৰ্শন কৰে৷ আজিৰ স্বাধীনতা দিৱসৰ কাৰ্যসূচীত সহস্ৰাধিক ৰাইজৰ লগতে থাওৰা বিধান সভা সমষ্টিৰ বিধায়ক সুশান্ত বৰগোঁহাই, নিমন্ত্ৰিত বিশিষ্ট অতিথিসকল, জিলা প্ৰশাসনৰ বিষয়া সকল আৰু বিভিন্ন বিভাগৰ মূৰব্বী বিষয়াসকল উপস্থিত থাকে। স্বাধীনতা দিৱস উপলক্ষে আজি পুৱা ৫ বজাৰ পৰা ৬ বজালৈ
প্ৰভাত ফেৰী, পুৱা ৬ বজাৰ পৰা ৭ বজালৈ দেশ প্ৰেমমূলক গীত-মাত প্ৰচাৰ, পুৱা ৭ বজাত নিজ নিজ বাসগৃহত ৰাষ্ট্ৰীয় পতাকা উত্তোলন, পুৱা ৭-৩০ বজাত শিক্ষানুষ্ঠান, চৰকাৰী, বে-চৰকাৰী, অৰ্ধ-চৰকাৰী কাৰ্য্যালয়ত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হয়। আবেলি জিলা প্ৰশাসন আৰু শিৱসাগৰ প্ৰেছ ক্লাৱৰ মাজত প্ৰীতি ফুটবল খেল অনুষ্ঠিত হয় ৷