আপকুৰ উদ্যোগত শ্বহীদ সাংবাদিক কমলা শইকীয়াক স্মৰণ
গৌৰীসাগৰঃ আপকু শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত আৰু গৌৰীসাগৰবাসী ৰাইজৰ সহযোগত আপকু শিৱসাগৰ জিলা সমিতিৰ দ্বাৰা প্ৰতিষ্ঠিত কৰা গৌৰীসাগৰস্থিত অসমৰ প্ৰথম শ্বহীদ সাংবাদিক কমলা শইকীয়াৰ প্ৰতিমূৰ্ত্তিত আজি ৩২ সংখ্যক মৃত্যু বাৰ্ষিকী উপলক্ষে ৩২গৰাকী বিশিষ্ট ব্যক্তিৰ দ্বাৰাই বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি জনোৱা হয়। উক্ত অনুষ্ঠানত দৈনিক জনমভূমি কাকতৰ কাৰ্যবাহী সম্পাদক সঞ্জীৱ কুমাৰ ফুকন, বাৰ্তা সম্পাদক তথা কমলা শইকীয়া স্মাৰক ন্যাসৰ সম্পাদক দীপজ্যোতি গোস্বামী, গুৱাহাটী প্ৰেছ ক্লাবৰ উপ সভাপতি যতীত ভাগৱতী, বিশিষ্ট সাংবাদিক পংকজ দুৱৰা, কমলা শইকীয়াৰ পুত্ৰদ্বয় ধনঞ্জয় শইকীয়া,
জনঞ্জয় শইকীয়া, অসম উন্নতি সভাৰ সাধাৰণ সম্পাদক শৰৎ হাজৰিকা, অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক অনন্ত দত্ত, সমাজকৰ্মী ঠানু ভৰালী, মনজিৎ ফুকন, মহেন্দ্ৰ শইকীয়া, ৰেখামণি বৰা, জীৱন কৰ্মকাৰ, নন্দু আগৰৱালা, প্ৰধান শিক্ষক মুকুট ডেকা, বিজয়কৃষ্ণ দত্ত, টুটু কলিতা, যোগল শইকীয়া, মৃগাংক শইকীয়া, মণ্টু কলিতা,ৰুণুমী বৰা, বৰুণ বৰা, মাধুয্য দত্ত, প্ৰশান্ত দত্ত, প্ৰশান্ত কুমাৰ নেওগকে ধৰি ৩২ গৰাকী গণ্য মান্য ব্যক্তিয়ে ৩২ গছি বন্তি প্ৰজ্বলন কৰি বৰেণ্য সাংবাদিকগৰাকীৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰে। আপকু শিৱসাগৰ জিলা সমিতিৰ কাৰ্যকৰী সভাপতি ৰাজীৱ দত্তই আঁত ধৰা আৰু সম্পাদক ৰিতুপৰ্ণ ভৰালীয়ে শলাগ জনোৱা অনুষ্ঠানটিত জিলা সমিতিৰ সভাপতি পদুম কুমাৰ শইকীয়াই অভ্যাগত সকলক আদৰণি জনায়৷