ashomiyapatrika.com

ৰঙিয়া ‘বি ডিভিজন’ ফুটবল লীগঃ চেম্পিয়ন কেতেকীবাৰী, ৰাণাৰ্চ আপ প্ৰক্ষালন ক্লাৱ

0 71

ৰঙিয়াৰ পৰা পহৰেদ আলী আহমেদঃ ৰঙিয়া জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত জয়ন্তীপুৰ যোগেশ্বৰ বিদ্যাপীঠ হাইস্কুল খেলপথাৰত চলি থকা ৰঙিয়া ‘বি ডিভিজন ফুটবল লীগ’ প্ৰতিযোগিতাৰ আজিৰ অতি উত্তেজনাপূৰ্ণ ফাইনেলত কেতেকীবাৰী জ্ঞানদা সংঘই ২ – ১ গ’লৰ ব্যৱধানত বাইহাটা চাৰিআলিৰ প্ৰক্ষালন ক্লাৱক পৰাজিত কৰি চেম্পিয়ন খিতাপ অৰ্জন কৰে৷ প্ৰতিকুল বতৰকো নেওচি দুয়োটা দলৰ সুন্দৰ খেল প্ৰদৰ্শনত ফুটবল খেলপ্ৰেমী ৰাইজে যথেষ্ট আমোদ লাভ কৰে।

ফাইনেল খেলখনৰ শ্ৰেষ্ঠ খেলুৱৈ বটা কেতেকীবাৰী জ্ঞানদা সংঘৰ ফাৰুক আব্দুল্লাই লাভ কৰাৰ বিপৰীতে শ্ৰেষ্ঠ গ’লদাতা আৰু লীগৰ শ্ৰেষ্ঠ খেলুৱৈ বটা লাভ কৰে বাইহাটা চাৰিআলিৰ প্ৰক্ষালন ক্লাৱৰ ক্ৰমে প্ৰাঞ্জল ডেকা আৰু চাহিল মৰকে।আজিৰ খেলখন পৰিচালনা কৰে ৰেফাৰী পহৰেদ আলী আহমেদ, বাহাৰুল ইছলাম, জয়ন্ত মাধৱ দাস,ধ্ৰুৱজ্যোতি কলিতা, আনচাৰ উদ্দিন আহমেদ আৰু সতীশ ডেকাই। আনহাতে অসম ফুটবল সন্থাৰ উপ সভাপতি তথা জিলা ক্ৰীড়া

সন্থাৰ সাধাৰন সম্পাদক মুকুতানন্দ ভট্টাচার্য্য, উপ সভাপতি সঞ্জয় তালুকদাৰ, আব্দুল জব্বৰ,সহকাৰী সম্পাদক তাৰিফুল ইছলাম, উৎপল ভূঞা, ক্ৰিকেট সম্পাদক নয়নজ্যোতি দাস প্ৰমূখ্যে বিষয়ববীয়াসকলৰ উপস্থিতিত খেলখনৰ আৰম্ভণিতে ৰাজ্য সভাৰ সাংসদ ভুৱনেশ্বৰ কলিতাই দুয়োটা দলৰ খেলুৱৈ সকলৰ সৈতে চা চিনাকি হৈ সাৰুৱা বক্তব্য আগবঢ়ায় চুড়ান্ত খেলখন উদ্বোধন কৰে৷

Leave A Reply

Your email address will not be published.