ৰঙিয়া ‘বি ডিভিজন’ ফুটবল লীগঃ কমলপুৰ এফ চিৰ ছেমি ফাইনেলত প্ৰৱেশ
ৰঙিয়াঃ ৰঙিয়া জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত জয়ন্তীপুৰ যোগেশ্বৰ বিদ্যাপীঠ হাইস্কুল খেলপথাৰত চলি থকা ৰঙিয়া ‘বি ডিভিজন ফুটবল লীগ’ প্ৰতিযোগিতাৰ আজিৰ অন্তিমখন লীগ খেল অমীমাংসিত হয়৷ সুন্দৰ খেল প্ৰদৰ্শন কৰি কমলপুৰ এফ চিয়ে খৈৰাবাৰী ফুট গধূলী ক্লাৱক ২ গ’ল দিয়ে যদিও অতি আমোদজনক খেল খেলি দুইটি গল পৰিশোধ কৰে ফুট গধূলী ক্লাৱে ।আনহাতে কমলপুৰ এফ চিৰ ৭ নম্বৰ জাৰ্চি পৰিহিত খেলুৱৈ জিতু দাস আৰু খৈৰাবাৰী ফুট গধূলী ক্লাৱৰ ৫ নম্বৰ জাৰ্চি পৰিহিত খেলুৱৈ সঞ্জীৱ কলিতাক নীতি বৰ্হিভূত খেল প্ৰদৰ্শন কৰাত দুয়ো গৰাকী খেলুৱৈকে ৰেফাৰীয়ে ৰঙা কাৰ্ড দেখুৱাই
খেলপথাৰৰ পৰা বাহিৰ কৰি দিয়ে৷ আজিৰ খেলখন পৰিচালনা কৰে ৰেফাৰী ৰিজুল হক চৌধুৰী, চহিদুল আলম, তপন শৰ্মা আৰু পহৰেদ আলী আহমেদে ।উল্লেখ্য যে লীগৰ পইন্ট অনুসৰি ছেমিফাইনেলত প্ৰৱেশ কৰে কমলপুৰ এফ চি, বাইহাটা চাৰিআলিৰ প্ৰক্ষালন ক্লাৱ, কেতেকীবাৰী জ্ঞানদা সংঘ আৰু পীতাম্বৰৰ বাৰদৈ ক্লাৱ। ১ আগষ্টত প্ৰথম ছেমিফাইনেল প্ৰক্ষালন ক্লাৱে কমলপুৰ এফ চিৰ বিৰুদ্ধে আৰু ২ আগষ্টত কেতেকীবাৰী জ্ঞানদা সংঘই পীতাম্বৰৰ বাৰদৈ ক্লাৱৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা আগবঢ়াব৷ ৫ আগষ্টত চূড়ান্ত খেলখন অনুষ্ঠিত হব বুলি জানিবলৈ দিয়ে ৰঙিয়া জিলা ক্ৰীড়া সন্থাৰ সাধাৰন সম্পাদক মুকুতানন্দ ভট্টাচার্য্যই।