ashomiyapatrika.com

হাটশিঙিমাৰীৰ হাজিৰহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আইন সজাগতা সভা

0 39

হাটশিঙিমাৰীঃ দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীৰ পৰা প্ৰায় ১০ কিঃমিঃ নিলগত হাজিৰহাট অঞ্চলত আজি জিলা আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগ বাল্যবিৱাহ শিশু শ্ৰমিক আৰু ড্ৰাগছৰ বিৰুদ্ধে এখন সজাগতা মূলক সভা অনুষ্ঠিত কৰা হয়৷ আইন সজাগতা সভাৰ জৰিয়তে বাল্যবিৱাহ, শিশু শ্ৰমিক আৰু ড্ৰাগছৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ চেষ্টা কৰে৷ হাজিৰহাট গাওঁ পঞ্চায়তৰ প্ৰাক্তন সভাপতি আমিনুল ইছলামৰ সভাপতিত্বত অনুষ্ঠিত সভা খনত মুখ্যঅতিথি হিচাপে উপস্থিত থাকে জিলা আইন সেৱা প্ৰাধিকাৰী বিষয়া জয়ন্ত কুমাৰ শইকীয়া৷ বাল্যবিৱাহ, শিশু শ্ৰমিক আৰু ড্ৰাগছে সমাজ খনক কেনেদৰে ধ্বংস কৰে আৰু এই বিলাক

মাৰাত্মক সামাজিক ব্যাধিৰ পৰা সমাজক আইনৰ সহায়ত কেনেদৰে ৰক্ষা কৰিব পৰা যায় তাৰ ওপৰত গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে জিলা আইন সেৱা প্ৰাধিকাৰী বিষয়া জয়ন্ত কুমাৰ শইকীয়া। সভাখন উপস্থিত আছিল হাজিৰহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ৰফিকুল ইছলাম, হাজিৰহাট অঞ্চলৰ গাওঁ প্ৰধান সকলোৰ লগতে প্ৰায় শতাধিক স্থানীয় ৰাইজ৷ হাজিৰহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত জিলা আইন প্ৰাধিকাৰীৰ সেবাৰ উদ্যোগত শিশুৰ আইন অধিকাৰ সন্দৰ্ভত এখন সজাগতা সভাৰ আয়োজন কৰে। উক্ত সজাগতা সভাত উপস্থিত আছিল জিলা আইন প্ৰাধিকাৰী বিষয়া জয়ন্ত কুমাৰ শইকীয়া, হাজিৰহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ

ৰফিকুল ইছলামৰ লগতে হাজিৰহাট অঞ্চলৰ প্ৰায় শতাধিক সচেতন ৰাইজ৷ উল্লেখ্য যে আজিৰ সভাত জয়ন্ত কুমাৰ শইকীয়াই শিশুৰ অধিকাৰ আইন সম্পৰ্কত জিলা আইন প্ৰাধিকাৰীৰ সেৱাৰ পৰা পোৱা বিনামূলীয়াকৈ কেনেদৰে লাভ কৰিব সেই বিষয়ে অবগত কৰায় লগতে বাল্য বিবাহ, শিশু শ্ৰমিক, ড্ৰাগছৰ দৰে নিশাজাতীয় দ্ৰব্য সেৱনৰ বিৰুদ্ধে বিতংভাবে আলোচনা কৰে৷

Leave A Reply

Your email address will not be published.