ashomiyapatrika.com

গুৱাহাটীৰ দুৰৱস্থাৰ বাবে দায়ী মন্ত্ৰী অশোক সিংঘালঃ তপন কুমাৰ কলিতা

0 43

গুৱাহাটী মহানগৰীৰ ঠায়ে ঠায়ে পানীৰ পাইপ বোমা, আৰামত দিন কটাইছে চৰকাৰেঃ তৃণমূল কংগ্ৰেছ

গুৱাহাটীঃ অসম তৃণমূল কংগ্ৰেছৰ কামৰূপ মহানগৰ জিলাৰ সভাপতি তপন কুমাৰ কলিতাই শণিবাৰে গুৱাহাটীৰ জুৰোড এলেকাত সংঘটিত পানীৰ পাইপ বিস্ফোৰণ ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে গুৱাহাটী মহানগৰ উন্নয়ন মন্ত্ৰী অশোক সিংঘালৰ সমালোচনাত মুখৰ হৈ পৰে। এক প্ৰেছ বিবৃতিত তেওঁ জনায় যে, অসমৰ ৰাজধানী তথা উত্তৰ-পূব ভাৰতৰ দুৱাৰদলি গুৱাহাটী মহানগৰত এতিয়া নাগৰিকৰ জীৱন সংশয়ৰে ভৰা। য’তে ত’তে অবৈধ নিৰ্মাণ, উৰণীয়া সেতুবোৰৰ লগতে বিষয়া-কৰ্মচাৰীৰ দুৰ্নীতিয়ে অনিয়মৰ পোহাৰ মেলা গুৱাহাটী মহানগৰীক এতিয়া নৰকৰ সমপৰ্যায়ৰ কৰি তোলাৰ পাছত সঘনাই হৈ থকা পাইপ

বিস্ফোৰণবোৰ হৈ পৰিছে মৰণফাণ্ড। ইটোৰ পাছত সিটো পাইপ বিস্ফোৰণৰ ঘটনাৰে অভিলেখ গঢ়া গুৱাহাটী পানী যোগান আঁচনিৰ পানীৰ পাইপ ফুটি জন-ধনৰ ক্ষতি সাধনৰ কৰাৰ পাছত শণিবাৰে পুনৰ এই মহানগৰীৰৰ জু-ৰোড এলেকাত অন্য এক পানীৰ বিস্ফোৰণ সংঘটিত হৈ জনতাৰ হাৰাশাস্তি হয়। জিলা সভাপতি তপন কলিতাই লগতে কয় যে, মহানগৰীৰ খাৰঘূলিৰ পৰা আৰম্ভ হোৱা পানীৰ পাইপৰ বিস্ফোৰণ ধন-জনৰ ক্ষতিসাধন কৰাৰ পাছত ইয়াক লৈ মন্ত্ৰী অশোক সিংঘাল তথা মুখ্যমন্ত্ৰী নিজেই সৰৱ হৈ পৰিছিল যদিও সেয়া ফুটুকাৰ ফেনতহে পৰিণত হৈছে। শণিবাৰৰ ঘটনাৰ পৰিপ্ৰেক্ষিটত কামৰূপ মহানগৰ জিলা তৃণমূল কংগ্ৰেছৰ সভপতি তপন কলিতাই মন্ত্ৰী অশোক সিংঘালক সকিয়াই দি হুংকাৰ দি কয় যে শীঘ্ৰেই এই পানীৰ পাইপ বিস্ফোৰণৰ ঘটনা প্ৰতিৰোধ নহ’লে বা মহানগৰবাসীৰ খোৱাৰ পানীৰ সমস্যাৰ উচিত সমাধান নকৰিলে বৃহৎ গণ আন্দোলন গঢ়ি তোলা হ’ব।

Leave A Reply

Your email address will not be published.