ওদালগুৰি মহাবিদ্যালয়ত গ্ৰীষ্মকালীন কৰ্মশালাৰ সফল সামৰণি
টংলাৰ পৰা অৰূপ বড়োঃ অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু ওদালগুৰি জিলা প্ৰশাসনৰ সহযোগত ওদালগুৰি মহাবিদ্যালয়ত বিধানসভা ভিত্তিত ১০ দিনীয়া গ্ৰীষ্মকালীন কৰ্মশালা সফল সামৰণি পৰে। উলহ মালহেৰে উৎযাপন কৰা অনুষ্ঠান খনত ওদালগুৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ লুক দৈমাৰীয়ে মুখ্য অতিথি হিচাপে উপস্থিত থাকি অনুষ্ঠানটোৰ শুভাৰম্ভণি কৰে। অনুষ্ঠান খনত ছাত্ৰ ছাত্ৰী সকলে কৰ্মশালাত শিকা বিভিন্ন বিষয় নাটক, লোক তথা পৰম্পৰাগত নৃত্য, সংগীত, কবিতা আবৃত্তি, বক্তৃতা আৰু তৰ্কৰ ওপৰত সুন্দৰ প্ৰদৰ্শন কৰি কৰ্মশালাটো জীপাল হৈ পৰে। ওদালগুৰি মহাবিদ্যালয়ৰ প্ৰবক্তা ৰাতুল ভড়ালীয়ে
পৰিচালনা কৰা অনুষ্ঠানটোত বড়ো সাহিত্য সভাৰ সভাপতি সমৰসিং বসুমতাৰী আই চি ডি এছ পৰিদৰ্শক চাৰোনা বসুমতাৰী, প্ৰাথমিক বি এছ এছ সম্পাদক কাৰ্তিক বসুমতাৰী লগতে পৰিচালনা সমিতিৰ চক্ৰধৰ ব্ৰহ্মই বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। উক্ত অনুষ্ঠান খনতে কৰ্মশালাত অংশগ্ৰহণ কৰা ৪৫ গৰাকী ছাত্ৰ-ছাত্ৰীক অংশগ্ৰহণৰ প্ৰমাণ পত্ৰ দিয়া হয়। কৰ্মশালাটোৰ শেষত শলাগৰ শৰাই আগবঢ়াই এম আৰ এছ ডিৰ অধ্যক্ষ মিলন দাসে।