ashomiyapatrika.com

বকো উন্নয়ণ খণ্ডৰ গাওঁ পঞ্চায়তত চৰকাৰী গৃহ অনুমোদনত বিসংগতি

0 40

এজনৰ নামত আৱন্টিত গৃহৰ ধন আনৰ নামত জমাঃ চুবাই চুবাই প্ৰতিক্ৰিয়া

বকোঃ ৰাজ্যৰ বি জে পি নেতৃত্বাধীন চৰকাৰে স্বচ্ছ আৰু নিকা তথা দূৰ্ণীতি মুক্ত প্ৰশাসনৰ শ্লোগান সততে আওৰাই থাকে। কিন্তু প্ৰকৃতাৰ্থত ওলোটা ছবিহে দেখা যায়। বিশেষকৈ ৰাজ্য চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোউন্নয়ন বিভাগত সংঘটিত হয় নাভূত নাশ্ৰুত ঘটনা। উল্লেখ্য যে কামৰূপ জিলাৰ বকো উন্নয়ণ খণ্ডৰ এলেকাৰ পঞ্চায়ত কাৰ্য্যালয়ত এক আমোদ জনক দূৰ্ণীতিৰ ঘটনা সংঘটিত হৈছে। বিশেষকৈ উন্নয়ণ খণ্ডটোৰ ৭৪ নং পূৱ লুকী গাওঁ পঞ্চায়তত সংঘটিত হৈছে চৰকাৰী গৃহ আৱন্টনত বিসংগতি। এই অভিযোগ পঞ্চায়ত খনৰ বহু সংখ্যক হিতাধীকাৰীৰ। চৰকাৰী গৃহ আৱন্টন পোৱা হিতাধীকাৰী ক্ৰমে খৰাপাৰা কলিতাপাৰাৰ দীপক কলিতা, দক্ষিণ

পুখুৰীপাৰাৰ উলুপাৰা চুবাৰ সঞ্জীৱ ৰাভা, ধোপগুৰীৰ ৰবিন ৰাভাই চৰকাৰী ভাৱে গৃহ আৱন্টন পোৱাৰ পিছত সম্পূৰ্ণ নীতি নিয়মৰ মাজেৰে নথি পত্ৰ জমা কৰা সত্বেও পঞ্চায়ত কৰ্মী আৰু বিষয়াৰ ভুলৰ বাবে তেওঁলোকে গৃহৰ নামত দিয়া ধন লাভ কৰা নাই। এয়া মাত্ৰ উদাহৰণ হে। এনে বহু বহু বিসংগতিৰে চলিছে পঞ্চায়ত খন। ইফালে বকো উন্নয়ণ খণ্ডৰ অধিকাংশ পঞ্চায়তত চৰকাৰী আৱাস গৃহৰ আৱন্টনত বিসংগতি হোৱা অভিযোগ উত্থাপন হোৱা তথ্য মজুত আছে। একাধিক পঞ্চায়তত জৱ কাৰ্ড, পথ নিৰ্মাণ, অন্যান্য আঁচনি ৰূপায়ণত বিসংগতি হোৱাৰ অভিযোগ আছে।

Leave A Reply

Your email address will not be published.