ashomiyapatrika.com

ধাৰাপুৰ ছাত্ৰ সন্থাৰ উদ্যোগত বিশেষ অভিনন্দন অনুষ্ঠানঃ ৪২ গৰাকী মেধাবী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

0 52

গুৱাহাটীঃ ‘পিতৃ-মাতৃৰ মনত পুহি ৰখা সপোন আৰু আশাক তেওঁলোকৰ সন্তানে কেতিয়াও দুখ দিব নালাগে৷ সন্তানৰ প্ৰতি পুহি ৰখা সপোন আৰু আশাক যদিহে তেওঁলোকৰ সন্তানে বাস্তৱায়িত কৰি তোলে, তেতিয়া সমাজখন সর্বাংগসুন্দৰ আৰু সু-শৃংখলিত হৈ উঠিব৷ সন্তানক জোৰ কৰি অভিভাৱক সকলে কেতিয়াও পাঠ্যক্ৰমৰ বোজা জাপি দিব নালাগে। সন্তান সকলৰ মনত লুকাই থকা আকাংশ আৰু হাবিয়াসৰ প্ৰতি অভিভাৱক সকল প্ৰতিনিয়ত সচেষ্ট হৈ থকা অতি গুৰুত্বপূৰ্ণ কথা ’ ধাৰাপুৰ ছাত্ৰ সন্থাই আজি আয়োজন কৰা বিশেষ অভিনন্দন অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি আজি এই গুৰুত্বপূৰ্ণ মন্তব্য কৰে গুৱাহাটী

বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ বিভাগৰ সঞ্চালক ড° ৰঞ্জন কুমাৰ কাকতিয়ে৷ উল্লেখ্য যে ধাৰাপুৰ ছাত্ৰ সন্থাই প্ৰতিবছৰৰ দৰে আজি সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ চুড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ বৃহত্তৰ ধাৰাপুৰ অঞ্চললৈ সুনাম কঢ়িয়াই অনা মেধাবী ছাত্ৰ ছাত্ৰী সকলক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে পশ্চিম গুৱাহাটী মহাবিদ্যালয় প্ৰাংগনত এখন বিশেষ অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰে৷ ধাৰাপুৰ ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি সৌৰভ কাকতিৰ সভাপতিত্বত অনুষ্ঠিত বিশেষ অভিনন্দন অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ছাত্ৰ কল্যাণ সঞ্চালক ড° কাকতিয়ে ভাষণ প্ৰসংগত নতুন

ৰাষ্ট্ৰীয় শিক্ষা নীতি সম্পৰ্কত এক তত্ত্ব গধুৰ পৰ্যালোচনা আগবঢ়োৱাৰ লগতে ছাত্ৰ-ছাত্ৰী সকলৰ ভৱিষ্যত জীৱনত সুবিধা হোৱাকৈ ভিন্ন নতুন পাঠ্যক্ৰম সন্দৰ্ভত আলোকপাত কৰে৷ আনহাতে অনুষ্ঠানটোত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকি ধাৰাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ উৎপল শৰ্মাই ৰাষ্ট্ৰীয় শিক্ষা নীতি আৰু ছাত্ৰ-ছাত্ৰী সকলৰ ভৱিষ্যত সন্দৰ্ভত এক মননশীল পৰ্যালোচনা আগবঢ়ায়। ধাৰাপুৰ ছাত্ৰ সন্থাৰ সদস্যা সকলে পৰিবেশন কৰা এটি শ্ৰুতিমধুৰ সমবেত সংগীতেৰে অনুষ্ঠানটো শুভাৰম্ভণি কৰাৰ পিছত সভাখন আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থাৰ সভাপতি ৰজমিল আলিয়ে৷ সদৌ গুৱাহাটী ছাত্র সন্থাৰ

বিত্ত সম্পাদক নিতু ৰাজবংশীয়ে আঁত ধৰা সভাখনৰ আৰম্ভণিতে উদ্দেশ্য ব্যাখ্যা কৰে ধাৰাপুৰ ছাত্ৰ সন্থাৰ উপদেষ্টা সোণমণি কলিতাই। উল্লেখ্য যে বিশেষ অভিনন্দন অনুষ্ঠানটোৰ জৰিয়তে সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত ধাৰাপুৰ অঞ্চললৈ সুনাম কঢ়িয়াই অনা ৪২ গৰাকী মেধাবী ছাত্ৰ-ছাত্ৰীক ফুলাম গামোচা, অভিনন্দন পত্ৰ আৰু একোটাকৈ স্মাৰক প্ৰদান কৰি আনুষ্ঠানিক ভাৱে সম্বৰ্ধনা জনোৱা হয়৷ লগতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ধাৰাপুৰ অঞ্চলৰ সৰ্বোচ্চ নম্বৰ প্ৰাপক তৃষাৰাণী কলিতা, উচ্চতৰ মাধ্যমিকৰ কলা শাখা আৰু বাণিজ্য শাখাত ধাৰাপুৰ অঞ্চলৰ সৰ্বোচ্চ নম্বৰ প্ৰাপক ক্ৰমে

কংকণা দেৱী আৰু জ্যোতিস্মিতা কলিতাক প্ৰয়াত বাণীকান্ত কাকতি আৰু সত্যৱতী কাকতি সোঁৱৰণী এককালীন বঁটা প্ৰদান কৰা হয়। অনুষ্ঠানটোৰ সৈতে সংগতি ৰাখি ধাৰাপুৰ উচ্চতৰ মাধ্যমিকৰ বিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰা মুনিন্দ্ৰ কলিতা, মাইকণ দেৱী আৰু মদন ঠাকুৰীয়াক আনুষ্ঠানিক ভাৱে বিদায় সম্বৰ্ধনা জনোৱা হয়৷ তদুপৰি গ্ৰীষ্মকালীন বন্ধত ধাৰাপুৰ ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজন কৰা চিত্ৰাংকন প্ৰতিযোগিতাৰ তিনিটা শাখাৰ বিজয়ী ৯ গৰাকী প্ৰতিযোগীক বঁটা সমূহ প্ৰদান কৰা হয়৷ বিশেষ অভিনন্দন অনুষ্ঠানটোত সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক ৰাইফউদ্দিন আহমেদ, সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ সভাপতি কমল

মহন্ত, সাধাৰণ সম্পাদক প্ৰাঞ্জল ডেকা, উপদেষ্টা অলকেশ নাথ, উপ-সভাপতিদ্বয় ক্ৰমে জিতেন দাস আৰু ৰূপম কুমাৰ দাস, পশ্চিম গুৱাহাটী ছাত্ৰ সন্থাৰ সভাপতি জিন্টুমণি শৰ্মা, সাধাৰণ সম্পাদক ধ্ৰুৱজ্যোতি দাস, উপদেষ্টা ৰঞ্জন কলিতাকে ধৰি কেবাগৰাকী ছাত্ৰনেতাৰ লগতে গুৱাহাটী উন্নতি সভাৰ উপ-সভাপতি ধনেশ্বৰ কলিতা, গুৱাহাটী উন্নতি সভাৰ সদস্য তপন দাস, ধাৰাপুৰ তালুকৰ সভাপতি দ্বীজেন্দ্র কলিতা উপস্থিত থাকে৷

Leave A Reply

Your email address will not be published.