ৰঙিয়া ‘বি ডিভিজন’ ফুটবল লীগঃ ৰঙিয়া ৰেলৱে এফ চি আৰু খৈৰাবাৰীৰ খেল অমীমাংসিত
ৰঙিয়াঃ ৰঙিয়া জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত জয়ন্তীপুৰ যোগেশ্বৰ বিদ্যাপীঠ হাইস্কুল খেলপথাৰত চলি থকা ৰঙিয়া ‘বি ডিভিজন ফুটবল লীগ’ প্ৰতিযোগিতাৰ আজিৰ এখন উত্তেজনাপূৰ্ণ লীগখেলত দুয়োটা দলে ৩ -৩ গ’ল দি অমীমাংসিত ভাৱে সামৰণি মাৰে৷ আনহাতে খৈৰাবাৰী ফুট গধূলী ক্লাৱৰ ১৫ নম্বৰ জাৰ্চি পৰিহিত খেলুৱৈ গৰাকীয়ে মাৰাত্মক খেল প্ৰদৰ্শন কৰাত ৰেফাৰীয়ে তেওঁক খেলপথাৰৰ পৰা বাহিৰ কৰি দিয়ে। ইয়াৰোপৰি খৈৰাবাৰী ফুট গধূলী ক্লাৱৰ ১৩ নম্বৰ, ২ নম্বৰ আৰু ৩ নম্বৰ খেলুৱৈ তিনিগৰাকীক হালধীয়া কাৰ্ড দেখুৱাৰ বিপৰীতে ৰঙিয়া এন এফ ৰেলৱে এফ চিৰ ৭ নম্বৰ আৰু ৩ নম্বৰ জাৰ্চি পৰিহিত খেলুৱৈ দুগৰাকীকো খেল পৰিচালকে হালধীয়া কাৰ্ড দেখুৱাই। আজিৰ খেলখন পৰিচালনা কৰে ৰেফাৰী নিপন মেধি, বাহাৰুল ইছলাম, অনিল বড়ো আৰু পহৰেদ আলী আহমেদে৷ কাইলৈ আন এখন লীগ খেলত বাইহাটা চাৰিআলিৰ প্ৰক্ষালন ক্লাৱে পীতাম্বৰৰ বাৰদৈ ক্লাৱৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা আগবঢ়াব৷