বজাৰাপাৰা এফ.চি.ক্লাৱৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ -ছাত্ৰীক বিনামূলীয়া ইউনিফৰ্ম বিতৰণ
মিৰ্জাঃ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত বজৰাপাৰা এফ.চি.ক্লাৱৰ উদ্যোগত বজাৰাপাৰা ৰাজহুৱা বাসুদেৱ নামঘৰ প্ৰাংগণত কালি বৃহত্তৰ বজাৰাপাৰা অঞ্চলৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ উত্তীৰ্ণ পচিশ গৰাকী ছাত্ৰ-ছাত্ৰীৰ মাজত বিনামূলীয়া ইউনিফৰ্ম বিতৰণ কৰা হয়। এই উপলক্ষে বজাৰাপাৰা এফ,চি ক্লাৱৰ সভাপতি মৃদুল দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাত এফ.চি. ক্লাৱৰ উপদেষ্টা নিৰোদ কুমাৰ দাসে সভাত অংশ কৰি দিয়া ভাষণত এফ.চি.ক্লাৱ গঠনৰ উদ্দেশ্যৰ বিষয়ে বিস্তৃত ব্যাখ্যা দাঙি ধৰে ছাত্ৰ-ছাত্ৰীসকলে মনোযোগেৰে অধ্যয়ণ কৰি অঞ্চলটোলৈ সুনাম কঢ়িয়াই আনিব পাৰিব বুলি আশা প্ৰকাশ কৰে। সভাত অৱসৰ প্ৰাপ্ত শিক্ষক যোগেশ
কুমাৰ, ৰোহিনী কুমাৰ, প্ৰাক্তন গাঁও প্ৰধান প্ৰবীন বৰুৱা, চিত্ৰা বৰুৱাই অংশগ্ৰহণ কৰি ছাত্ৰ ছাত্ৰীৰ উদ্দেশ্যি প্ৰেৰণা মূলক ভাষণ প্ৰদান কৰে। সভাত তৰুণ দাস, দেবেন দাস, অৰবিন্দ কুমাৰ, দ্বীপমণি দাস, মিঠুন কুমাৰ, জোনটি দাস, নীৰেন মহন্ত,জ্যেষ্ঠ সাংবাদিক বলেন কলিতাকে ধৰি কেইবাগৰাকী বিশিষ্ট লোক উপস্থিত থাকে। প্ৰাক্তন ছাত্ৰ নেতা নয়নমণি দাসে আঁত ধৰা সভাত সভাত ছাত্ৰ- ছাত্ৰীসকলক ইউনিফৰ্ম প্ৰদান কৰা হয়।