ashomiyapatrika.com

মণিপুৰৰ সংঘটিত নিৰ্লজ্জ ঘটনাক গৰিহণা গৰিয়া যুৱ ছাত্ৰ পৰিষদৰ

0 37

নিউজ ডেক্সঃ মণিপুৰৰ সংঘটিত নিৰ্লজ্জ ঘটনাক সদৌ অসম গৰিয়া যুৱ ছাত্ৰ পৰিষদে তিব্ৰ ভাষাৰে নিন্দা কৰিছে৷ সংবাদ মাধ্যমৰ জৰিয়তে ভৱিষ্যত দিনত যাতে কোনো অঞ্চল বা ৰাজ্যত এনেধৰণৰ ঘটনা যাতে যাতে সংঘটিত হব নোৱাৰে তাৰ প্ৰতি সষ্টম হৈ থাকিবলৈ চৰকাৰক আহ্বান জনায়৷ সংগঠনটোৱে লগতে কয় যিখন চৰকাৰে ‘বেটি বাচাও বেটি পঢ়াও’ শ্লোগান দিয়ে সেই চৰকাখনৰ আমোলত আজি দুজনীকৈ যুৱতীক ৰাজহুৱা ভাবে উলংগ কৰি পেৰেড কৰালে৷ ইয়াতকৈ লজ্জাৰ বিষয় আৰু হব পাৰেনে বুলিও প্ৰশ্ন উত্থাপন কৰে৷ চৰকাৰখনৰ নেতৃত্বত থকা কেইজনৰ যদি সচাকৈ

মানবীয়তা আছে যদি সচাকৈ তেওলোকে এই কাণ্ডত নিৰ্লজ্জ অনুভব কৰিছে তেন্তে তেওলোকে অনতি পলমে দায়িত্ব এৰিব লাগে৷ এতিয়ালৈ এই চৰকাৰখনৰ সময়চোৱাত এনে কেইবাটাও ঘটনা সংঘটিত হৈ গৈছে। কিন্তু এই ঘটনাটো সকলোতকৈ ভয়ানক কাণ্ড। তাৰ পিছতো কিন্তু আমাৰ মুখ্যমন্ত্ৰীয়ে নিৰ্লজ্জ ভাবে আন ৰাজ্যৰ লগত তুলনা কৰি কলে বোলে ‘ৰাজস্থান পশ্চিমবংগতো ধৰ্ষণ হয় “ইয়াতকৈ দুখৰ বিষয় আৰু কি হব পাৰে৷ যদি এনেই হয় তেন্তে চৰকাৰ আমাক কিয় লাগে বুলিও সংগঠনটোৰ নেতৃত্বই উল্লেখ কৰে৷

Leave A Reply

Your email address will not be published.