ashomiyapatrika.com

বিহু অসমীয়া সংস্কৃতিৰ বৰভেটিঃ ড° চিন্ময় কলিতা

0 43

ছমৰীয়াত বিহু নৃত্য কৰ্মশালাৰ সফল সমাপ্তি

বকোঃ অসম চৰকাৰৰ ২০২৩ বৰ্ষৰ বিহুৰ বিশ্ব অভিলেখ গঢ়া কাৰ্য্যসূচীত অংশগ্ৰহণ কৰা কামৰূপ জিলাৰ বকো সমষ্টিৰ ঐতিহ্যমণ্ডিত ছমৰীয়া সত্ৰৰ ১৩ গৰাকী নাচনী যুৱতীৰ উদ্যোগত আৰু ছমৰীয়া আঞ্চলিক যুৱক সংঘৰ সহযোগত যোৱা ১৫ জুলাইৰ পৰা ২১ জুলাইলৈ ছমৰীয়া ৰাম সৰস্বতী খেলপথাৰত সাতদিনীয়া বিনামূলীয়া বিহু নৃত্য কৰ্মশালাৰ আয়োজন কৰা হৈছিল৷ উক্ত কৰ্মশালাৰ সফল পৰিসমাপ্তিৰে যোৱা কালি কৰ্মশালা স্থলীত এখনি মুকলি সভাৰ আয়োজন কৰা হয়৷ সভা খনত অসমৰ জনপ্ৰিয় অভিনেত্ৰী ভ্ৰান্তি মেধী, ৰাজ্যখনৰ যুৱ অনুপ্ৰেৰণাসূচক বক্তা তথা ৰাজনৈতিক নিবন্ধকাৰ ড° চিন্ময় কলিতা, যুৱ সাংবাদিক অভিজিৎ কলিতা, পৰিবেশ

কৰ্মী অপৰ্ণা হাজৰিকা, অধ্যাপক ড° লোহিত ৰাভা, শিক্ষক মালব্য দাস, সমাজকৰ্মী হাফিজ আলীকে ধৰি বিভিন্ন বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে ৷ ইফালে শিক্ষক ভগদত্ত কলিতাই সভাপতিৰ আসন অলংকৃত কৰা সভাখনত আদৰণি ভাষণ আগবঢ়ায় দিপান্বিতা কলিতাই ৷ সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰা যুৱ বক্তা ড° চিন্ময় কলিতাই বিহুক অসমীয়া সংস্কৃতিৰ বৰভেটি হিচাপে চিহ্নিত কৰি ই এক অনন্য সংস্কৃতিৰ স্বকীয়তা ৰক্ষাৰ দায়িত্ব যুৱ প্ৰজন্মৰ বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায়৷ আনহাতে আন এগৰাকী নিমন্ত্ৰিত অতিথি জনপ্ৰিয় অভিনত্ৰী ভ্ৰান্তি মেধিয়ে বিশ্ব অভিলেখত অংশগ্ৰহণ কৰা ১৩ গৰাকী বিশেষ নাচনী নিজ পুৰস্কাৰৰ

ধনেৰে এনদৰে বিনামূলীয়া কৰ্মশালাৰ আয়োজন কৰাৰ পদক্ষেপক শলাগি নিজৰ তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায় ৷ এইখিনিতে উল্লেখযোগ্য যে এই প্ৰংশসনীয় কৰ্মশালাৰ আয়োজন কৰা তেৰ গৰাকী বিশেষ নাচনী হৈছে – জুমি দাইনাপালি, দিপান্বিতা কলিতা, ময়ুৰাক্ষী ভৰালী, টিনামনি দাস, অংকিতা কলিতা, চুমি দাইনাপালি, অলিভা কলিতা, ধনমণি কলিতা, ৰিম্পীমণি কলিতা, শিখা দাস, ৰিনি মজুমদাৰ, পূৰৱী কলিতা আৰু আশামণি কলিতা শেষত কৰ্মশালাত অংশগ্ৰহণ কৰা প্ৰতিগৰাকী প্ৰশিক্ষাৰ্থীক মানপত্ৰ প্ৰদান কৰা হয় আৰু অনন্য সাংস্কৃতিক কাৰ্য্যসূচীৰে এই অনুষ্ঠানটোৰ সফল সমাপ্তি হয়৷

Leave A Reply

Your email address will not be published.