ashomiyapatrika.com

ভাৰতৰ নিৰ্বাচন আয়োগৰ মুখ্য বিষয়াক সাক্ষাৎ ৰাভা জাতীয় যুৱ পৰিষদৰ

0 105

বকোঃ ৰাভা জাতীয় যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি প্ৰফুল্ল ৰাভাৰ নেতৃত্বত ৫ জনীয়া প্ৰতিনিধি দলে যোৱা ২১ জুলাইত গুৱাহাটীৰ শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰৰ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত ভাৰতৰ মুখ্য নিৰ্বাচন আয়োগৰ প্ৰতিনিধি দলক সাক্ষাৎ কৰে। ৰাভা যুৱ পৰিষদৰ দলটোৱে গোৱালপাৰা জিলাৰ দুধনৈ, পশ্চিম গোৱালপাৰা আৰু কামৰূপ জিলাৰ বকো বিধানসভা সমষ্টি কেইটা অনুসুচীত জনজাতিৰ বাবে সংৰক্ষণ কৰিবলৈ মুখামুখি সাক্ষ্য প্ৰদান কৰে। দলটোৱে নিৰ্বাচন আয়োগৰ আগত প্ৰকাশ কৰে যে ২০০১ চনৰ জনসংখ্যাৰ আধাৰত লোকসভা আৰু বিধানসভা সমষ্টি পুনৰ নিৰ্ধাৰণ কামৰ ক্ষেত্ৰত গোৱালপাৰা জিলাৰ চাৰিওটা সমষ্টি আৰু

কামৰূপ জিলাৰ বকো, ছমৰীয়া সমষ্টি, পলাশবাৰী সমষ্টি আৰু পশ্চিম গুৱাহাটী সমষ্টিৰ অধীনস্থ গাৰো আৰু হাজং জনগোষ্ঠী অন্যান্য পিছপৰা শ্ৰেণীত অন্তৰ্ভুক্ত আছিল। ইফালে ২০০৩ চনৰ অধ্যাদেশৰ জৰিয়তে ভৈয়াম অনুসূচীত জনজাতিৰ মৰ্যদা পোৱা গাৰো আৰু হাজং জনগোষ্ঠীক অনুসূচীত জনজাতি মুঠ জনসংখ্যাত গণনা কৰিবলৈ আহ্বান জনায়। ইয়াৰোপৰি বকো, দুধনৈ আৰু পশ্চিম গোৱালপাৰা তিনিওটা বিধানসভা সমষ্টি অনুসূচীত জনজাতিৰ বাবে সংৰক্ষণৰ যি খচৰা প্ৰকাশ কৰিছে ইয়াক বাহাল ৰাখিবলৈ অনুৰোধ জনায় বুলি সাংবাদিকক জানিব দিয়ে সভাপতি প্ৰফুল্ল ৰাভাই। তাৰোপৰি দলটোৱে ৮ টা বিধানসভা সমষ্টি সাঙুৰি ‘দুধনৈ

লোক সভা সমষ্টি’ নতুনকৈ সৃষ্টি কৰি এই ৮ টা পিছপৰা বিধানসভা সমষ্টিৰ ৰাইজৰ উন্নয়নৰ কাৰণে অনুৰোধ জনায়। মুখ্য নিৰ্বাচন আয়োগৰ প্ৰতিনিধিৰ সৈতে হোৱা মতামত সোহাদ্যপুৰ্ণ আছিল আৰু সকলো বিষয় মনোযোগেৰে শুনিছে বুলি প্ৰকাশ কৰে। ৰাভা যুৱ পৰিষদৰ দলটো আশাবাদী হৈ পৰিছে যে ৰাইজে বিচৰা ধৰণেৰে তিনিওটা সমষ্টি অনুসূচিত জনজাতিৰ বাবে সংৰক্ষণ প্ৰায় নিশ্চিত বুলি কয়। নিৰ্বাচন আয়োগৰ প্ৰতিনিধি দলক সাক্ষাৎ কৰা সময়ত সকলো সদস্য আৰু তথ্য পাতি যোগান ধৰি সকলো প্ৰকাৰে সহযোগ কৰা কেন্দ্ৰীয় সমিতিৰ লগতে জিলা সমিতিৰ সকলো বিষয় ববীয়াক ধন্যবাদ জনাইছে সভাপতি গৰাকীয়ে।

Leave A Reply

Your email address will not be published.