ashomiyapatrika.com

মন্ত্ৰী কেশৱ মহন্তই আনুষ্ঠানিকভাৱে মুকলি কৰিলে জিয়াকুৰ ৰিজাৰ্ভ আদৰ্শ চিকিৎসালয়

0 36

গুৱাহাটীঃ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই আজি কামৰূপ জিলাৰ ছয়গাঁও বি.পি.এইচ.চি.ৰ অধীনৰ জিয়াকুৰ ৰিজাৰ্ভ আদৰ্শ চিকিৎসালয় আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰি ইয়াৰ সেৱা জনসাধাৰণৰ বাবে উৎসৰ্গিত কৰে। এই উদ্বোধনী অনুষ্ঠানত পলাশবাৰী বিধানসভা সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়া, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ প্ৰধান সচিব, অবিনাশ যোশী, অসম চৰকাৰৰ প্ৰাক্তন স্বাস্থ্য মন্ত্ৰী, কমলা কান্ত কলিতা, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ অভিযান সঞ্চালক, ডাঃ এম.এচ. লক্ষ্মীপ্ৰিয়া, কামৰূপৰ জিলা উপায়ুক্ত কীৰ্তি জল্লী, স্বাস্থ্য সেৱা সঞ্চালকালয়ৰ সঞ্চালক ডাঃ নীলমাধৱ দাস, ৰাষ্ট্ৰীয় স্বাস্থ্য

অভিযান অসমৰ কাৰ্যবাহী সঞ্চালক ডাঃ মনোজ কুমাৰ চৌধুৰী, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ বিশেষ কৰ্তব্যৰত বিষয়া পংকজ চমুৱা, কামৰূপৰ স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক ডাঃ মহিতোষ বেনাৰ্জীকে ধৰি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ উচ্চ পদস্থ বিষয়া সকলে অংশ গ্ৰহণ কৰে। শুভ-উদ্বোধনী অনুষ্ঠানত বক্তব্য প্ৰদান কৰি পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াই নৱনিৰ্মিত আদৰ্শ চিকিৎসালয়খনে বৃহত্তৰ অঞ্চলটোৰ জনসাধাৰণলৈ উন্নত চিকিৎসা সেৱা প্ৰদান কৰিবলৈ সক্ষম হব বুলি আশা প্ৰকাশ কৰে। তেওঁ লগতে চিকিৎসালয় খনৰ চিকিৎসক, কৰ্মচাৰী সকলকে ধৰি বৃহত্তৰ অঞ্চলটোৰ জনসাধাৰণক চিকিৎলায় খন সুকলমে

পৰিচালনা কৰাৰ দিশত আন্তৰিকতাৰে সহায়-সহযোগিতা আগবঢ়োৱাৰ বাবে আহ্বান জনায়। আদৰ্শ চিকিৎসালয় খন মুকলি কৰি প্ৰদান কৰা ভাষণত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই কয় যে এতিয়াৰ পৰা এই বৃহত্তৰ অঞ্চলটোৰ জনসাধাৰণে স্বাভাৱিক প্ৰসৱ, বহিঃসেৱা, টিকাকৰণ, জৰুৰীকালীন সেৱাৰ লেখীয়া সেৱা সমূহ এই আদৰ্শ চিকিৎসালয় খনতে লাভ কৰিব পাৰিব। তেওঁ লগতে কয় যে অতি সোনকালেই এই চিকিৎসালয়খনত চিজেৰিয়ান প্ৰসৱ সেৱা আৰম্ভ কৰাৰ লগতে ৰঞ্জন ৰশ্মি সেৱাও আৰম্ভ কৰা হ’ব। এই চিকিৎসালয় খন উন্নীত কৰণৰ দিশটো ৰাজ্য চৰকাৰে প্ৰচেষ্টা চলাব বুলি তেওঁ কয়। ৰাজ্য খনত বৰ্তমান থকা

১২ খন চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা অহা তিনি বছৰত ২৪ খনলৈ বৃদ্ধি হব বুলি তেওঁ কয়। ইয়াৰউপৰিও চৰকাৰে কৰ্কট চিকিৎসালয়ৰ সংখ্যা ১৮ খনলৈ বৃদ্ধি কৰাৰ বাবে পৰিকল্পনা লৈ থকাৰ কথা আজিৰ অনুষ্ঠানতে উল্লেখ কৰে৷

Leave A Reply

Your email address will not be published.