এছ টি এফৰ অভিযানঃ দুই পশুধনৰ অবৈধ সৰবৰাহকাৰীক আটক, নগদ ২৬ লাখ ৫০ হাজাৰ টকা আৰু বলেৰ’ গাড়ী জব্দ
গুৱাহাটীঃ উত্তৰ পূৱৰ দুৱাৰমুখ গুৱাহাটী মহানগৰীয়েইদি বিভিন্ন অবৈধ কাৰ্যকলাপ চলি আহিছে৷ এনে কাৰ্যকলাপ ৰোধৰ বাবে চেষ্টা অব্যাহত ৰাখিছে অসম আৰক্ষীয়ে৷ অসম এছ টি এফৰ ডি আই জি পাৰ্থ সাৰথি মহন্ত, আই পি এছে বিশেষ সূত্ৰৰ পম খেদি এছ টি এফৰ-ৰ এটা অভিযানকাৰী দলে আজি সন্ধিয়া গুৱাহাটীৰ পৰা ৰাওনা হৈ যোৰাবাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ সহযোগত যোৰাবাট এলেকাত এটি যুটীয়া অভিযান চলাই দুজনকৈ পশুধনৰ অবৈধ সৰবৰাহকাৰীক বৃহৎ পৰিমাণৰ নগদ ধনৰ সৈতে আটক কৰিবলৈ সক্ষম হয়। আটকাধীন ব্যক্তি দুজনৰ পৰা নগদ ২৬ লাখ ৫০ হাজাৰ টকা, এই এছ ০১ এফ এফ ০৫২৭ পঞ্জীয়নকৃত নম্বৰৰ এখন মহিন্দ্ৰ বলেৰ’
গাড়ী আৰু দুটা মোবাইল ফোন উদ্ধাৰ কৰি জব্দ কৰা হয়। আজিৰ অভিযানটোত আটক কৰা ব্যক্তি দুজন হ’ল মৰিগাওঁ জিলাৰ দানদোৱা গাঁৱৰ মঃ ছামচুদ্দিন আহমেদ ওৰফে বগা (৩১) আৰু মঃ ছাহিদুল ইছলাম (৩১)। এই সংক্ৰান্তত গোচৰ তৰি তদন্ত চলাই আইনগত বিহিত ব্যৱস্হা ল’বলৈ আতকাধীন ব্যক্তি দুজনৰ লগতে জব্দকৃত নগদ ধন, বলেৰ’ গাড়ীখন আৰু মোবাইল ফোন দুটা এছটিএফ-ৰ দলটোৱে যোৰাবাট আৰক্ষীক চমজাই দিয়ে।