ৰন্ধন কৰ্মীৰ প্ৰাপ্য শীঘ্ৰে আদায় দিয়কঃ আলোচনাৰ মাজেৰে ৰন্ধন কৰ্মীৰ সমস্যা সমাধান কৰক – চি আই টি ইউ
গুৱাহাটীঃ যোৱা ১৭ জুলাইৰ পৰা সমগ্ৰ অসমত ৰন্ধন কৰ্মীসকলে ধাৰাবাহিক আন্দোলনত নামিছে। নূ্ন্যতম মজুৰি আইনৰ ভিত্তিত ৰন্ধন কৰ্মচাৰীৰ মাননি এহাজাৰ টকালৈ বৃদ্ধি কৰা, মাননি নিয়মীয়া আৰু সম্পুৰ্ণকৈ আদায় দিয়া, সমস্ত বকেয়া মাননি শীঘ্ৰে সম্পুৰ্ণ আদায় দিয়া, মাননি প্ৰদানৰ খেলিমেলি আতৰ কৰা, বিদ্যালয় একত্ৰিকৰণ আৰু অন্যান্য কাৰণত কাম হেৰুওৱা ৰন্ধন কৰ্মীৰ এককালীন তিনি লাখ টকাকৈ সাহায্য প্ৰদান কৰাৰ দাবীত আৰু মধ্যাহ্ন ভোজন আঁচনি বেচকাৰী প্ৰতিষ্ঠানলৈ হস্তান্তৰৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰাথমিক শিক্ষাখণ্ড আৰু জিলা শিক্ষা বিষয়াৰ কাৰ্যালয়ত এই বিক্ষোভ আন্দোলন চলি আছে। এই আন্দোলনৰ আজি দ্বিতীয় দিনাও
ৰাজ্যখনৰ বিভিন্ন শিক্ষাখণ্ডৰ কাৰ্যালয়ত সংগঠিত হৈছে। ৰাজ্যখনৰ প্ৰতিকুল বতৰকো নেওচি প্ৰায় আটাইবোৰ জিলাতেই শশ ৰন্ধন কৰ্মীয়ে এই আন্দোলনত অংশ গ্ৰহণ কৰিছে। আগন্তুক দুদিন ধৰি এই আন্দোলন অব্যাহত থাকিব বুলি সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ সভানেত্ৰী ভনিতা পাঠক আৰু সাধাৰণ সম্পাদিকা কণকলতা দাসে জনাইছে। উল্লেখ যোগ্যে যে চি আই টি ইউয়ে ৰন্ধন কৰ্মীৰ এই আন্দোলনৰ প্ৰতি পূৰ্ণ সমৰ্থন জনাইছে। চি আই টি ইউয়ে ৰন্ধন কৰ্মচাৰীসকলৰ প্ৰাপ্য আদায়ৰ দাবীত যোৱা সময়ছোৱাত কেইবাবাৰো অসম চৰকাৰলৈ স্মাৰক পত্ৰ প্ৰদান কৰিছিল। ইয়াৰ উপৰিও যোৱা ১ নৱেম্বৰত জিলাই জিলাই শ্ৰম কাৰ্যালয়ত
ধৰ্ণা কাৰ্যাসূচী ৰূপায়ণৰ জৰিয়তে শ্ৰম আয়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰিছিল। ইয়াৰ উপৰিও যোৱা ১১ ফেব্ৰুৱাৰীত গুৱাহাটীত নজিৰবিহিন শ্ৰমিক সমাৱেশ সংগঠিত কৰি চৰকাৰলৈ বাৰ্তা প্ৰেৰণ কৰা হৈছিল। চি আই টি ইউয়ে বিজ্ঞপ্তি যোগে কয় যে অসমৰ লাখ লাখ আঁচনিভূক্ত কৰ্মচাৰীক সামান্য মাননি প্ৰদান কৰি কাম কৰাই আছে। শ্ৰম আইন মতে কৰ্মচাৰীসকলে মজুৰি পোৱাটো উচিত। কিন্তু কাম কৰাই উপযুক্ত মজুৰি প্ৰদান কৰাৰ বিপৰিতে অসমৰ বিজেপি চৰকাৰখনে কিছুমান সস্তিয়া আঁচনিৰ মাধ্যমত সামান্য ধন প্ৰদান কৰি ৰাজনীতি কৰি আহিছে। আঁচনি কৰ্মচাৰীসকলক
বৰ্তমানেও আইনী সুবিধা ভৱিষ্যনিধি, ই এছ আই চি, পেঞ্চন প্ৰদান কৰা হোৱা নাই। এনে পৰিস্থিতিত অসমৰ অতি গৰীৱ পৰিয়ালৰ এই ৰন্ধন কৰ্মীসকলে ধাৰাবাহিক আন্দোলনত নামিবলৈ বাধ্য হৈ পৰিছে। চি আই টি ইউয়ে ৰন্ধন কৰ্মচাৰীসকলৰ সমস্যাবোৰ শীঘ্ৰে এক সুস্থিৰ আলোচনাৰ মাজেৰে সমাধান কৰা বাবে চৰকাৰক অনুৰোধ জনয়৷