ashomiyapatrika.com

পলাশবাৰীৰ নহিৰা গোধাপাৰাত বিনামূলীয়া স্বাস্থ্য শিৱিৰ

0 72

মিৰ্জাঃ পলাশবাৰী সমষ্টিৰ নহিৰা গোধাপাৰা বেডমিণ্টন ক্লাৱৰ উদ্যোগত আৰু শোভা মেডিক’জ বিজয়নগৰৰ সৌজন্যত নহিৰা গোধাপাৰাৰ শ্ৰীশ্ৰী বুঢ়া ভাঙৰা গোঁসাইঘৰ প্ৰাঙ্গণত আজি এটি বিনামূলীয়া স্বাস্থ্য শিৱিৰ অনুষ্ঠিত হয়। শিৱিৰত মেডিচিন বিভাগৰ অভিজ্ঞ চিকিৎসক ডাঃ জয়ন্ত দাস, প্ৰসুতি বিভাগৰ ডাঃ গায়িত্ৰী শৰ্মা আৰু দাঁতৰ চিকিৎসক আস্থা আগৰৱালে অঞ্চলটোৰ প্ৰায় দুই শতাধিক লোকক প্ৰসুতি, বিভিন্ন ৰোগ আৰু দা‍ঁতৰ চিকিৎসা সেৱা প্ৰদান কৰাৰ লগতে বিনামূলীয়া ঔষধ বিতৰণ কৰে। উক্ত শিৱিৰত শোভা মেডিক’জৰ স্বত্বাধিকাৰী যুগল নাথ, নহিৰা গোধাপাৰা শ্ৰীশ্ৰী বুঢ়া ভাঙৰা গোসাই ঘৰৰ সভাপতি জ্যোতিষ ভাগৱতী,

সম্পাদক কমলেশ্বৰ শৰ্মা, নহিৰা গোধাপাৰা বেডমিণ্টন ক্লাৱৰ সভাপতি মুনীন্দ্ৰ দাসৰ লগতে বহুকেইজন বিশিষ্ট লোক উপস্থিত থাকে। স্বাস্থ্য শিৱিৰিত জুতিকা ঠাকুৰীয়া, গোপাল দাস আৰু শচীন্দ্ৰ দাসে বিশেষভাৱে সহযোগিতা আগবঢ়ায়। উক্ত বিনামূলীয়া স্বাস্থ শিৱিৰ অনুষ্ঠিত কৰাৰ বাবে অঞ্চলটোৰ ৰাইজে উদ্যোক্তাসকলক ভূয়সী প্ৰংশসা কৰিছে।

Leave A Reply

Your email address will not be published.