ashomiyapatrika.com

দক্ষিণ পশ্চিম কামৰূপ ছাত্ৰ সন্থাৰ উদ্যোগত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ অৰ্হতা সম্পৰ্কে কৰ্মশালা

0 45

বকোঃ সদৌ অসম ছাত্ৰ সন্থাৰ অন্যতম শাখা কামৰূপ জিলাৰ দক্ষিণ পশ্চিম কামৰূপ ছাত্ৰ সন্থাৰ উদ্যোগত আজিৰ পৰা শুভাৰম্ভ কৰা হৈছে অসম চৰকাৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰি পাৱলৈ সক্ষম হোৱা অৰ্হতাৰ প্ৰশিক্ষণ কৰ্মশালা। দক্ষিণ পশ্চিম কামৰূপ ছাত্ৰ সন্থাৰ উপ সভাপতি ৰিংকু ৰাভা, সাধাৰণ সম্পাদক অজিত আলী আৰু সহকাৰী সম্পাদক ধনঞ্জয় ৰাভাই জনোৱা মতে এই বৰ্ষৰ পৰা বৃহত্তৰ অঞ্চলটোৰ শিক্ষিত নিবনুৱা ছাত্ৰ ছাত্ৰীৰ মাজত অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ বাবে ল’ব লগা অৰ্হতাৰ ওপৰত বিশেষ জ্ঞান অৰ্জন কৰিবলৈ অভিজ্ঞ শিক্ষকৰ দ্বাৰা বিনামূলীয়া পাঠদানৰ শুভাৰম্ভ কৰা হয়। আনহাতে বকোত ছাত্ৰ

সন্থাৰ উদ্যোগত বিগত বছৰবোৰৰ দৰে এই বৰ্ষও আয়োজন কৰা হৈছে নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ মাজত বিনামূলীয়াকৈ গণিত, বিজ্ঞান আৰু ইংৰাজী বিষয়ৰ পাঠদান। এই পাঠদানৰ ফলত বছৰি বকো অঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ বিশেষ উপকাৰ হোৱা পৰিলক্ষিত হৈছে। ইফালে নতুনকৈ আৰম্ভ কৰা শিক্ষিত নিবনুৱাৰ মাজত চাকৰিৰ অৰ্হতাৰ বিশেষ জ্ঞানৰ পাঠ্যক্ৰম পাঠদানে বিশেষ উপকাৰ সাধন কৰিব বুলি সমাজ সংগঠনৰ নেতৃবৃন্দই জানিব দিয়ে।

Leave A Reply

Your email address will not be published.