দিব্যাংগয়ো বাধাৰ সৃষ্টি নকৰা কবি – শিক্ষক ৰবিন ৰাভাৰ জীৱন গাঠাঃ ব্ৰেইলি পদ্ধতিৰে সাহিত্য চৰ্চা কৰি আহিছে
বকোঃ এগৰাকী জীৱন যুদ্ধত হাৰ নমনা দিব্যাংগ কবি – শিক্ষক ৰবিন ৰাভাই অনুভৱৰ পৃথিৱীত খোজত খোজ মিলাই চলিছে। মাত্ৰ শ্ৰৱন শক্তিৰ অনুভৱত বিশ্ব জয় কৰিব বিচৰা শিক্ষক গৰাকী হৈছে কামৰূপ জিলাৰ বকো ৰাজহ চক্ৰৰ অন্তৰ্গত ২ নং শাখাতি গাওঁৰ কঠোৱৰীৰ ৰবিন ৰাভা। জানিব পৰা মতে বৰদুৱাৰ বাগানৰ অসম মাতৃ মজলীয়া বিদ্যালয়ত শিক্ষকতা কৰা ৰবিন ৰাভাই দৃষ্টিহীন হোৱাৰ পিছতো মনৰ অদম্য হেপাহেৰে ‘মায়াবী ৰাতি নামি আহে জোন’ নামৰ কবিতা পুথি প্ৰকাশ কৰি প্ৰশংসা বুটুলিবলৈ সক্ষম হৈছে। ইফালে বহু বহু গুণৰ অধিকাৰী ৰবিন ৰাভাই অসম সাহিত্য সভাৰ পৰা সন্মান অৰ্জন কৰাৰ লগতে শাশ্বত কবি চক্ৰ মনিয়েৰীৰ পৰা
শাশ্বত কাব্য প্ৰণৱ বঁটা পাৱলৈ সক্ষম হৈছে। ইফালে শিক্ষক গৰাকীয়ে ব্ৰেইলি পদ্ধতিৰে শিক্ষা প্ৰদান কৰাৰ উপৰিও কবিতা আৰু অন্যান্য লিখা মেলা কৰি সাহিত্য চৰ্চা কৰি আহিছে। এই ক্ষেত্ৰত অসমৰ প্ৰবীণ কবি তথা লেখক বিৰিঞ্চি ৰাভাৰ তৎপৰতাত আজি বকোৰ বিশিষ্ট কবি সাহিত্যিক সুৰেন্দ্ৰ স্বৰ্গীয়াৰী আৰু এই প্ৰতিবেদকে ৰবিন ৰাভাৰ বাস গৃহত শিক্ষক গৰাকীৰ জীৱন নিৰ্বাহৰ পৰিক্ৰমাৰ বিষয়ে জানিব বিচৰাত তেওঁ জানিব দিয়ে যে ল’ৰালি কালত চকুৰ সমস্যা নাছিল। কিন্তু দশম শ্ৰেণীত পঢ়ি থকা সময়তে চকুৰ অখুখত ভোগে। ইয়াৰ পিছতে পৰ্যায়ক্ৰমে চকুৰ সমস্যা বাঢ়ি যায় আৰু কালক্ৰমত সম্পূৰ্ণ অন্ধ হৈ পৰে। ইফালে জীৱন যুজত হাৰ নমনা
ৰবিন ৰাভাই ব্ৰেইলি পদ্ধতিৰে শিক্ষা গ্ৰহণ কৰে আৰু উচ্চ মাধ্যমিক দেওনা পাৰ কৰি শিক্ষকৰ চাকৰি লাভ কৰে। ইয়াৰ পিছতে এম এ পাছ কৰে। প্ৰকাশ্য যে শিক্ষকতা কৰাৰ উপৰিও কাব্য চৰ্চা, গীত মাত, বাদ্যযন্ত্ৰৰ জ্ঞান অতুলনীয়। গুৰু গম্ভীৰ আৰু শান্ত শিষ্ট স্বভাৱৰ শিক্ষক গৰাকীক বৰ্তমান পৰিচাৰ্য্য কৰে জ্যেষ্ঠ্য ভগ্নী সুশীলা ৰাভাই। অবিবাহিত শিক্ষক গৰাকীৰ আছে বহু সামাজিক কৰ্মৰ নিদৰ্শন। হাইস্কুল পৰ্য্যায়ত পঢ়ি থকা সময়ত দৌৰ আৰু ফুটবল খেলুৱৈ হিচাপে সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছিল। আনহাতে গাওঁ অঞ্চলত বহু সামাজিক কৰ্মৰ লগত জড়িত হৈ আহিছে বুলি জানিব
দিয়ে শুভাকাংশী সকলে। মুঠৰ ওপৰত শিক্ষক – শিল্পী ৰবিন ৰাভাৰ জীৱন গাঠা এক ব্যতিক্ৰমী চৰিত্ৰৰ। অন্ধ দিব্যাংগ ৰবিন ৰাভাই শব্দৰ অনুভূতিৰে সৃষ্টি কৰে জীৱন যুজৰ সমল। তেখেতৰ সু মঙ্গল কামণা কৰিছোঁ।