ashomiyapatrika.com

শিক্ষাৰ্থীৰ বৌদ্ধিক, মানসিক বিকাশৰ উদ্দেশ্যঃ কামৰূপ (মহানগৰ) জিলাৰ প্ৰতিটো সমষ্টিতে গ্ৰীষ্ম কালীন কৰ্মশালা

0 45

গুৱাহাটীঃ অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ সহযোগত ছাত্ৰ-ছাত্ৰীৰ বৌদ্ধিক আৰু মানসিক বিকাশৰ উদ্দেশ্যৰে জিলাখনৰ চাৰিওটা বিধানসভা সমষ্টিত গ্ৰীষ্মকালীন কৰ্মশালাৰ আয়োজন কৰা হৈছে৷ দহদিনীয়াকৈ ষষ্ঠ শ্ৰেণীৰ পৰা স্নাতক পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ বাবে আয়োজন কৰা কৰ্মশালা আজি দিছপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত সোণাপুৰৰ হহৰা হাইস্কুলত আৰম্ভ হৈছে৷ এই কৰ্মশালাত ছাত্ৰ- ছাত্ৰীসকলক কাৰ্বি আৰু তিৱা লোকনৃত্য শিকোৱা হ’ব৷ দিছপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত হেঙেৰাবাৰীত থকা প্ৰীতিৰেখা কলা আৰু সংস্কৃতি বিদ্যালয়ত ১৭ জুলাইৰ পৰা টোকাৰী গীত আৰু

দিহা নামৰ কৰ্মশালা আৰম্ভ হ’ব৷ ১৭ জুলাইৰ পৰা পশ্চিম গুৱাহাটী বিধানসভা সমষ্টিৰ সাওকুছি তিনিআলিত থকা বেটকুছি হাইস্কুলত নাটক আৰু পামহিত থকা পাৰিজাত অকাডেমীত সত্ৰীয়া নৃত্যৰ কাৰ্মশালা আৰম্ভ হ’ব৷ একেদৰে জালুকবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত কামাখ্যা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ১৭ জুলাইৰ পৰা নাটকৰ কৰ্মশালা আৰম্ভ হ’ব৷ পূৱ গুৱাহাটী বিধানসভা সমষ্টিৰ উজানবজাৰ বাৰোৱাৰীত থকা প্ৰগতি শিল্পী সংঘত আবৃত্তিৰ আৰু চানমাৰিস্থিত গুৱাহাটী কমাৰ্ছ কলেজত কামৰূপীয়া লোকগীত আৰু নিচুকনি গীতৰ কৰ্মশালা ১৮ জুলাইৰ পৰা আৰম্ভ হ’ব৷ কৰ্মশালাত ছাত্ৰ-ছাত্ৰী সকলক বিশেষজ্ঞৰ দ্বাৰা নাটক, কবিতা আবৃত্তি, সত্ৰীয়া নৃত্য, লোক গীত, লোক নৃত্য ইত্যাদিৰ প্ৰশিক্ষণ প্ৰদানৰ ব্যৱস্থা কৰা হৈছে৷

Leave A Reply

Your email address will not be published.