ashomiyapatrika.com

অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু কামৰূপ জিলা প্ৰশাসনৰ সহযোগত বকো বিধানসভা সমষ্টি ভিত্তিত গ্ৰীষ্মকালীন কৰ্মশালা শুভাৰম্ভ

0 55

বকোঃ অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু কামৰূপ জিলা প্ৰশাসনৰ সহযোগত আজিৰ পৰা বকো সমষ্টি ভিত্তিত গ্ৰীষ্মকালীন কৰ্মশালা খন শুভাৰম্ভ হয়। উল্লেখ্য যে ৰাজ্যৰ শিক্ষাৰ্থীৰ মানসিক – বৌদ্ধিক তথা শাৰীৰিক উৎকৰ্ষৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰি আহিছে বিভিন্ন উল্লেখনীয় পদক্ষেপ। শিক্ষাৰ্থীৰ সাংস্কৃতিক বুদ্ধি মত্তাক গুৰুত্ব প্ৰদান কৰিয়েই অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত আজিৰ পৰা আৰম্ভণিৰ দিন হিচাপে লৈ ষষ্ঠ শ্ৰেণীৰ পৰা স্নাতক শ্ৰেণী পৰ্য্যন্ত শিক্ষাৰ্থীৰ মাজত প্ৰতিটো বিধানসভা সমষ্টি ভিত্তিত নাটক, সত্ৰীয়া নৃত্য, লোক নৃত্য, তথা পৰম্পৰাগত নৃত্য,

আবৃত্তি আৰু তৰ্ক বিষয়ক দুটাকৈ দহ দিনীয়া প্ৰশিক্ষণ কৰ্মশালা আয়োজন কৰে। বকো আঞ্চলিক যুৱক সংঘৰ কাৰ্য্যালয় প্ৰাংগনত ৰাভা লোক নৃত্যৰ দহ দিনীয়া কৰ্মশালা খন বন্তি প্ৰজ্বলন কৰি আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্য্যবাহী পাৰিষদ সুমিত ৰাভাই। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত জিলা প্ৰশাসনৰ সহযোগত আয়োজন কৰা গ্ৰীষ্মকালীন কৰ্মশালা খন শুভাৰম্ভ অনুস্থানত উপস্থিত থাকে বকো ৰাজহ চক্ৰৰ চক্ৰ বিষয়া দিৱস বৰদলৈ, বকো আঞ্চলিক যুৱক সংঘৰ সভাপতি তথা প্ৰাক্তন বিধায়ক জ্যোতিপ্ৰসাদ দাস, বিশিষ্ট শিক্ষাবিদ ড° গণেশ্বৰ চহৰীয়া, বকো হাইস্কুলৰ প্ৰধান

শিক্ষক ৰাজেশ মহন্ত, সাংবাদিক বিদ্যুৎ বিকাশ বৰুৱা, শতাধিক শিক্ষাৰ্থী ছাত্ৰ ছাত্ৰীৰ উপৰিও বহু সংখ্যক অভিভাৱক অভিভাৱিকা। ইফালে যুৱ শিল্পী মনোজ দাসে আত ধৰা অনুস্থানত ৰাভা লোক নৃত্যৰ সমল ব্যক্তি তথা প্ৰশিক্ষক যুৱ শিল্পী কুশল ৰাভাকে ধৰি বহু কেইজন শিল্পীয়ে অংশগ্ৰহণ কৰে।

Leave A Reply

Your email address will not be published.