ডিমা হাছাও জিলাৰ জল জীৱন মিছন আৰু স্বচ্ছ ভাৰত মিছনৰ ওপৰত পৰ্যালোচনা সভাত মন্ত্ৰী জয়ন্ত মল্লবৰুৱা
হাফলংঃ জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি জনস্বাস্থ্য কাৰিকৰী বিভাগ, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ তথা জিলা জল আৰু স্বচ্ছতা অভিযানৰ সকলো বিষয়াৰ সৈতে এখন বৈঠকত অধ্যক্ষতা কৰি উত্তৰ কাছাৰ পার্বত্য স্বায়ত্ত পৰিষদ এলেকাত জলজীৱন মিছন আৰু স্বচ্ছ ভাৰত অভিযানৰ আঁচনিসমূহ ৰূপায়নৰ বিতং খতিয়ান লয়। ইয়াৰোপৰি মন্ত্ৰী বৰুৱাই খোৱাপানীৰ অভাৱত জর্জৰিত জিলাখনত আঁচনিসমূহ সম্পূর্ণ ভাৱে ৰূপায়ন কৰাৰ ক্ষেত্রত আহি পৰা বিভিন্ন সমস্যা আৰু তাৰ সমাধানৰ বাবে আঁচনি আৰু পদক্ষেপসমূহৰ পর্যালোচনা কৰি এক নির্দিষ্ট সময়ৰ ভিতৰত কাম সম্পূর্ণ কৰাৰ নির্দেশ দিয়ে, যাতে প্রধানমন্ত্রী
নৰেন্দ্ৰ মোদীয়ে এই অভিলাষী আঁচনি অনুসৰি গ্ৰাম্যাঞ্চলৰ সমগ্র জনগণে নলযোগে বিশুদ্ধ খোৱা পানী লাভ কৰিব পাৰে। উক্ত বিষয়ত সংবাদ মাধ্যমক সম্বোধন কৰি মন্ত্ৰী বৰুৱাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ডিমা হাছাও জিলাৰ প্ৰতিটো ঘৰতেই বিশুদ্ধ পানী যোগান ধৰাৰ কাৰণে আগবঢ়োৱা অভুতপূৰ্ব অৱদানৰ কাৰণে ধন্যবাদ জনায়। ইয়াৰোপৰি তেওঁ উল্লেখ কৰে যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত হাফলং চহৰৰ কাৰণে গ্ৰহণ কৰা AMRUT আঁচনিৰ জৰিয়তে চহৰখনৰ নগৰীয়া খোৱাপানীৰ ব্যৱস্থা অতি সঠিক ৰূপত পৰিচালিত হৈ আছে। তেওঁ লগতে কয় যে ডিমা হাছাও জিলাই অসমৰ একমাত্ৰ জিলা হিচাপে ODF plus সন্মান লাভ কৰি খুব
সুন্দৰ ভাৱে চাফ-চিকুনতাৰ ক্ষেত্ৰত এক বিশেষ ছবি দাঙি ধৰিছে। পাৰ্বত্য জিলাসমূহত পৰিবহন আদি সকলো বাধা নেওচি ২০২৪ চনত ভিতৰত প্ৰতিটো ঘৰতেই বিশুদ্ধ খোৱা পানীৰ যোগান ধৰিবলৈ পূৰ্ণগতিত কাম চলি থকা বুলিও মন্ত্ৰী বৰুৱাই জানিবলৈ দিয়ে। তেওঁ লগতে স্বায়ত্ত শাসিত পৰিষদৰ সদস্যসকলক নিজৰ নিজৰ ক্ষেত্ৰত জনসাধাৰণৰ খোৱা পানীৰ সা-সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি আৰু অধিক আগ্ৰহেৰে কামবোৰ আগুৱাই লৈ যাবলৈ অনুৰোধ জনায়। আজিৰ বৈঠকত মন্ত্ৰী নন্দিতা গার্লোছা, সাংসদ হৰেন সিং বে’, উত্তৰ কাছাৰ পার্বত্য স্বায়ত্ত পৰিষদৰ মুখ্য কার্যবাহী সদস্য দেৱলাল গার্লোছা, কার্যবাহী সদস্যসকলৰ লগতে সদস্যসকলো উপস্থিতি থাকে।