ashomiyapatrika.com

প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ হিচাপ বিভাগৰ দায়িত্বত উত্তৰ পূব মণ্ডলৰ মূৰব্বীৰ অম্বৰীশ বৰ্মন

0 38

গুৱাহাটীঃ ভাৰতীয় প্ৰতিৰক্ষা হিচাপ সেৱাৰ (আইডিএএছ) ২০০৫ চনৰ বিষয়া অম্বৰীশ বৰ্মনে আজি প্ৰতিৰক্ষা মন্ত্ৰণায়ৰ উত্তৰ-পূব মণ্ডলৰ গুৱাহাটীস্থ কার্যালয়ত প্ৰতিৰক্ষা হিচাপ নিয়ন্ত্রক (চিডিএ) হিচাপে দায়িত্ব গ্ৰহণ কৰিছে। এনে শীর্ষ পদ লাভ কৰা তেৱেই প্ৰথমজন অসমীয়া। এই গুৰুত্বপূৰ্ণ দায়িত্বভাৰ অম্বৰীশ বৰ্মনে গ্ৰহণ কৰা সূত্ৰে তেওঁ এতিয়া উত্তৰ-পূব মণ্ডলত প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ অধীনত পৰিচালিত সশস্ত্র বাহিনীৰ বিত্তীয় উপদেষ্টাৰ উপৰি মন্ত্ৰালয়ৰ সমস্ত হিচাপ, খৰচ, বিত্তীয় পৰিচালনাকে ধৰি বিত্তীয় দিশৰ লগত জড়িত সকলো দিশ পর্যবেক্ষণ কৰাৰ কৰ্তৃত্ব লাভ কৰিব। গুৱাহাটীত কাৰ্যভাৰ গ্ৰহণ কৰাৰ আগলৈকে বৰ্মন

ডেপুটেছনত প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। উল্লেখ্য অসমৰ ডিব্ৰগড়ৰ বাসিন্দা বৰ্মন দিল্লীৰ শ্ৰীৰাম কলেজ অব কর্মাচ আৰু দিল্লী স্কুল অব ইকনমিকছৰ প্ৰাক্তন এলুমনী আছিল। তেওঁ ভাৰতৰ লগতে বিদেশৰ কেবাখনো প্রখ্যাত বিত্তীয় ব্যৱস্থাপনা আৰু পৰিচালনা প্রতিষ্ঠানত উচ্চ প্রশিক্ষণ গ্রহণ কৰিছিল। ১৭ বছৰীয়া চাকৰি কালত প্ৰতিৰক্ষা মন্ত্ৰণায়ৰ বিভিন্ন বিভাগত বিত্তীয় ব্যৱস্থাপনাৰ দিশটো পৰিচালনা কৰিছিল৷ ইয়াৰ উপৰিও ভাৰত চৰকাৰৰ গুৰুত্বপূৰ্ণ জল শক্তি অভিযানত কেন্দ্ৰীয় নডেল বিষয়া আৰু পেন্স উপদেষ্টা কমিটীৰো সদস্যৰ দৰে গুৰু দায়িত্ব বহন কৰিছিল। তেনেদৰে ভাৰতীয় নৌ সেনাৰ সন্মানীয় বুলি পৰিচিত Commendation of the chief of Navel Staff বঁটাও ২০১৬ চনত অম্বৰীশ বৰ্মনে লাভ কৰিছিল।

Leave A Reply

Your email address will not be published.