জিলমিল ডাঞ্চ এণ্ড এক্টিং ফ্লোৰ বকোৰ পঞ্চদশ বৰ্ষৰ প্ৰশিক্ষন কৰ্মশালা সম্পন্ন
বকোঃ দক্ষিণ কামৰূপৰ অগ্ৰণী শিল্পী গঢ়া সাংস্কৃতিক মঞ্চ জিলমিল ডাঞ্চ এণ্ড এক্টিং ফ্লোৰৰ দহ দিনীয়া প্ৰশিক্ষণ কৰ্মশালাৰ আজি সামৰণি পৰে। উল্লেখ্য যে এই বৰ্ষত পঞ্চদশ সংখ্যক বৰ্ষৰ বাৰ্ষিক প্ৰশিক্ষণ কৰ্মশালা আয়োজন কৰা হৈছিল। জিলমিল ডাঞ্চ এণ্ড এক্টিং ফ্লোৰ বকোৰ অধ্যক্ষ মনোজ (মন) দাসে জনোৱা মতে তেওঁৰ অনুস্থানৰ উদ্যোগত বকো আঞ্চলিক যুৱক সংঘৰ লগতে কলেজ অৱ এডুকেশ্বন বকোৰ সহযোগত যোৱা ২ জুলাইৰ পৰা অনুস্থিত কৰা হৈছিল নৃত্য আৰু অভিনয়ৰ প্ৰশিক্ষণ কৰ্মশালা খন। কলেজ অৱ এডুকেশ্বন বকোৰ প্ৰেক্ষাগৃহত আয়োজন কৰা কৰ্মশালাৰ আজি সামৰণি পৰে। অধ্যক্ষ মনোজ দাসে জনোৱা মতে পুৱাৰ ভাগত
নটৰাজৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভণি কৰে ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্য্যবাহী পাৰিষদ সুমিত ৰাভা, অসমৰ জনপ্ৰিয় খাদ্য বিশেষজ্ঞ তথা শৰীৰ চৰ্চাবীদ ত্ৰিবেণী ওজা, মহাবিদ্যালয় খনৰ প্ৰধান সচিব ড° গণেশ্বৰ চহৰীয়াৰ লগতে বকো সমষ্টিৰ প্ৰাক্তন বিধায়ক জ্যোতিপ্ৰসাদ দাসে। ইয়াৰ পিছতে ছাত্ৰ ছাত্ৰীৰ দ্বাৰা নৃত্য প্ৰদৰ্শন আৰু এখনি চুটি নাট মঞ্চস্থ কৰা হয়। কৰ্মশালা খন পৰিচালনা কৰে জিলমিল ডাঞ্চ এণ্ড এক্টিং ফ্লোৰৰ অধ্যক্ষ মনোজ (মন) দাসে। ইফালে মুঠ ৭৫ গৰাকী ছাত্ৰ – ছাত্ৰীয়ে নৃত্য আৰু অভিনয় কৰ্মশালাত অংশগ্ৰহণ কৰে আৰু ছাত্ৰ ছাত্ৰীক প্ৰমাণ পত্ৰৰ লগতে পোন প্ৰথমবাৰৰ বাবে ছাত্ৰ ছাত্ৰীক বিভিন্ন শিতানত এৱাৰ্ড আৰু জলপানি
দিয়া হ’য়। কৰ্মশালাৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকে কলেজ অৱ এডুকেশ্বন বকোৰ সচিব প্ৰধান তথা বকো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড° গণেশ্বৰ চহৰীয়াই, ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্য্যবাহী পাৰিষদ সুমিত ৰাভা, অসমৰ জনপ্ৰিয় খাদ্য বিশেষজ্ঞ তথা শৰীৰ চৰ্চাবীদ ত্ৰিবেণী ওজা, বকো সমষ্টিৰ প্ৰাক্তন বিধায়ক জ্যোতিপ্ৰসাদ দাস, মিষ্টাৰ ইউনিভাৰ্ছ তথা শৰীৰ চৰ্চাবীদ গোলাপ ৰাভা আৰু বিশিষ্ট কৌতুক অভিনেতা মোহন কলিতাকে ধৰি বহু সংখ্যক শিল্পী ক’লা কুশলী। অনুস্থানত গীত মাত নৃত্যৰ উপৰিও এখন ছুটি নাট প্ৰদৰ্শন কৰা হয়।