ashomiyapatrika.com

সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা, আয়োগৰ ইতিবাচক আৰম্ভণিঃ সংশোধনীৰ পৰামৰ্শ ছাত্ৰ সন্থাৰ

0 44

জিলাসমূহৰ চাৰিসীমাৰ ভিতৰতে সমষ্টি পুনৰ নিৰ্ধাৰণ কৰা হওকঃ ডিব্ৰুগড় জিলাৰ লাহোৱাল আৰু শিৱসাগৰৰ আমগুৰি সমষ্টিটো বিলুপ্ত হ’ব নালাগিছিল

গুৱাহাটীঃ ভাৰতৰ নিৰ্বাচন আয়োগে অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ অংশ হিচাপে শেহতীয়াকৈ খচৰা প্ৰকাশ কৰিছে। খচৰা সম্পৰ্কত আয়োগে ১১ জুলাইৰ ভিতৰত ৰাইজৰ মতামত দাখিল কৰিবলৈ কৈছিল। সদৌ অসম ছাত্ৰ সন্থা চমুকৈ আছুৱে নির্বাচন আয়োগলৈ লিখিত প্রতিবেদন প্ৰেৰণ কৰিছে। মুখ্য নির্বাচন আয়ুক্তৰ অসম ভ্ৰমণৰ সময়ত ছাত্ৰ সন্থাই আয়োগক সাক্ষাৎ কৰি সন্থাৰ দৃষ্টিভংগী দাখিল কৰিব৷ আজি সংবাদমেল যোগে এই মন্তব্য কৰে আছু নেতৃত্বই৷ সংবাদমেলত নেতৃত্বই কয় অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিষয়টোত মুখ্য নির্বাচনী আয়ুক্তক ইং ২৭ মাৰ্চতে দাখিল কৰা স্মাৰক পত্ৰত সদৌ অসম ছাত্ৰ সন্থাই সন্থাৰ দৃষ্টিভংগী বিস্তৃতভাবে ব্যাখ্যা

কৰিছিল। ছাত্ৰ সন্থাই ২০০১ চনৰ লোকপিয়লৰ ভিত্তিত অসমৰ বিধান সভা আৰু সংসদীয় সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ প্ৰক্ৰিয়াক স্পষ্টভাৱে আদৰণি জনাইছে। অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিষয়টো ভাৰতবৰ্ষৰ আন ৰাজ্যতকৈ পৃথক। কাৰণ অবৈধ বিদেশী নাগৰিকৰ অবাধ প্ৰব্ৰজনে অসমত খিলঞ্জীয়া মানুহৰ পৰিচয়ৰ প্ৰতি ভাবুকি মাতি আনিছে।অসম ভ্ৰমণলৈ অহা ভাৰতবৰ্ষৰ মুখ্য নির্বাচনী আয়ুক্ত ৰাজীৱ কুমাৰক সাক্ষাৎ কৰি ছাত্ৰ সন্থাই দাখিল কৰা স্মাৰক পত্ৰত কৈছিল ‘অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণ অসমৰ খিলঞ্জীয়া মানুহৰ বাবে অন্যতম ৰক্ষাকবচ। সেইবাবে আছুৱে অসমত খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থকাকৈ আৰু অসমৰ খিলঞ্জীয়া মানুহৰ হাতত

সৰ্বকালৰ বাবে নির্ণায়ক অধিকাৰ নিশ্চিতভাৱে থকাকৈ অসমত সমষ্টি পুনৰ নিৰ্ধাৰণ হোৱাটো বিচাৰিছে। সমষ্টি পুনৰ নিৰ্ধাৰণ কৰোতে অসমৰ জনবিন্যাসৰ বিষয়টো চকু দিব লাগিব। গোলাঘাট, যোৰহাট, শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড়, তিনিচুকীয়া, ধেমাজি, লক্ষীমপুৰ জিলাকে ধৰি যিসমূহ জিলাত জনবিন্যাসৰ পৰিবৰ্তনে প্ৰভাৱ পেলোৱা নাই সেইসমূহ জিলাত সমষ্টি কমিব নালাগিব৷ জিলাসমূহৰ চাৰিসীমাৰ ভিতৰতে সমষ্টি পুনৰ নিৰ্ধাৰণ কৰা হওক।’ শেহতীয়াকৈ ভাৰতৰ নিৰ্বাচনী আয়োগে অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰকাশ কৰিছে। খচৰাখন সম্পৰ্কত সদৌ অসম ছাত্ৰ সন্থাই স্পষ্ট মত প্ৰকাশ কৰি কয় এইয়া নির্বাচনী আয়োগৰ ইতিবাচক

আৰম্ভণি৷ খচৰাখনত কিছু সংশোধনৰ প্ৰয়োজন আছে। প্রয়োজনীয় সংশোধনৰ ব্যৱস্থা গ্ৰহণেৰে অসমত খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থকাকৈ আৰু অসমৰ খিলঞ্জীয়া মানুহৰ হাতত সৰ্বকালৰ বাবে নির্ণায়ক অধিকাৰ থকাকৈ নিৰ্বাচনী আয়োগে এই প্রক্রিয়া ইতিবাচকভাৱে সম্পূৰ্ণ কৰিব বুলি ছাত্ৰ সন্থাই আশা কৰিছে। অসমৰ বিধান সভাত অনুসূচিত জনজাতি আৰু অনুসূচিত জাতিৰ বাবে সংৰক্ষিত আসন বৃদ্ধিৰ সিদ্ধান্ত আদৰণীয়। বি.টি.আৰ. আৰু পাহাৰীয়া জিলা পশ্চিম কাৰ্বি আংলঙত আসন বৃদ্ধিৰ সিদ্ধান্ত আদৰণীয়। কোকৰাঝাৰ আৰু ডিফু সংসদীয় সমষ্টি দুটা অনুসূচিত জনজাতিৰ বাবে সংৰক্ষণৰ ব্যৱস্থা বাহাল ৰখাটো ইতিবাচক কথা। ধেমাজি

জিলা, লক্ষীমপুৰ জিলা আৰু তিনিচুকীয়া জিলাত একোটাকৈ সমষ্টি বৃদ্ধি হোৱাটো এক যোগাত্মক সিদ্ধান্ত। কিন্তু ডিব্ৰুগড় জিলাৰ লাহোৱাল সমষ্টি আৰু শিৱসাগৰ জিলাৰ আমগুৰি সমষ্টিটো বিলুপ্ত হ’ব নালাগিছিল। সমষ্টি দুটা বাহাল ৰখাৰ ব্যৱস্থা কৰিব লাগে৷ চাবুৱা সমষ্টি, টিংখং সমষ্টি, শিৱসাগৰ সমষ্টি, যোৰহাট সমষ্টি, হাজো সমষ্টি, টিহু সমষ্টি, বঙাইগাঁও সমষ্টি, চতিয়া সমষ্টিকে ধৰি অসমৰ কেতবোৰ অঞ্চলত সমষ্টিৰ সীমা নিৰূপণৰ ক্ষেত্ৰত ৰাইজৰ মাজত যিসমূহ যুক্তিপূর্ণ আপত্তি উত্থাপিত হৈছে সেইসমূহ আয়োগে ইতিবাচকভাবে বিবেচনা কৰা উচিত। নামনি আৰু মধ্য অসমত জনবিন্যাস সলনিয়ে প্রভাৱ নেপেলোৱা কেতবোৰ সমষ্টিৰ

সীমা নির্ধাৰণত সেই অঞ্চলৰ খিলঞ্জীয়া জনসাধাৰণৰ মাজত অসন্তুষ্টিৰ সৃষ্টি হৈছে। আয়োগে বিষয়টো বিবেচনা কৰা উচিত। অসম চৰকাৰে স্বীকৃতি প্ৰদান কৰা ‘খিলঞ্জীয়া অসমীয়া মুছলমান’ জনসাধাৰণৰ স্বাৰ্থ সুৰক্ষিত কৰাকৈ প্রয়োজনীয় পদক্ষেপ গ্রহণ কৰা উচিত। বৰাক উপত্যকাৰ বিষয়টো নির্বাচনী আয়োগে চকু দিয়া উচিত। অসমৰ ঐতিহ্যপূর্ণ অঞ্চলৰ ঐতিহ্য বিঘ্নিত কৰিব নালাগে। উদাহৰণস্বৰূপে ঐতিহ্যমণ্ডিত জনীয়া সত্ৰৰ নামৰ আধাৰত থকা জনীয়া সমষ্টিৰ নাম একে ৰাখি পূৰ্বৰ দৰে বৰপেটা লোকসভা এলেকাত ৰখাটো উচিত। একেধৰণে হাজোৰ দিহিনা সত্ৰৰ এলেকা হাজো সমষ্টিত ৰখাটো উচিত। এইয়া উদাহৰণহে। সমগ্র অসমত এনে

ঐতিহ্যমণ্ডিত অঞ্চলৰ ঐতিহ্যক অটুত ৰাখিবলৈ আয়োগক ছাত্ৰ সন্থাই আহ্বান জনাইছে। ঐতিহাসিক কাৰণত অসমৰ বহুতো সমষ্টিৰ নামাকৰণ কৰা হৈছিল। সেই ঐতিহাসিক নামবোৰ সলনি নকৰিবলৈ ছাত্ৰ সন্থাই আয়োগক আহ্বান জনাইছে। অসম আন্দোলনৰ পাছত ১৯৮৫ চনত ঐতিহাসিক অসম চুক্তি সম্পাদিত হৈছিল। ১৯৮৬ চনত ছাত্ৰ সন্থাই তেতিয়াৰ কেন্দ্ৰীয় চৰকাৰক অসম চুক্তিৰ ৬ নং দফা অনুসৰি অসমৰ খিলঞ্জীয়া মানুহৰ বাবে সাংবিধানিক ৰক্ষাকবচৰ পৰামৰ্শ দাখিল কৰিছিল। অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিষয়টো এই পৰামর্শাৱলীৰ অন্যতম পৰামর্শ আছিল। সেই দৃষ্টিভংগীৰে বৰ্তমান অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণ ১৯৮৫ চনৰ অসম

চুক্তি সম্পাদন হোৱাৰ পিছৰ ১৯৯১ চনৰ লোকপিয়লৰ ভিত্তিত হ’ব লাগিছিল। তথাপিও এইবাৰ ২০০১ চনৰ আধাৰত অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াক ছাত্ৰ সন্থাই আদৰণি জনাইছে। কিন্তু ২০২৬ চনৰ পিছত অসমত হ’বলগীয়া সমষ্টি পুনৰ নিৰ্ধাৰণ ১৯৮৫ চনত অসম চুক্তি সম্পাদন হোৱাৰ পিছৰ লোকপিয়ল ১৯৯১ চনৰ আধাৰত হোৱা উচিত। তেতিয়াহে অসম চুক্তিৰ ৬ নং দফাই প্ৰদান কৰা সাংবিধানিক ৰক্ষাকবচৰ প্ৰতিশ্ৰুতি সাৰ্থক হ’ব। অসমৰ পৰৱৰ্তী সমষ্টি পুনৰ নিৰ্ধাৰণৰ সময়ত অসমৰ খিলঞ্জীয়া মানুহৰ হাতত নির্ণায়ক অধিকাৰ থকা সমষ্টি কোনো কাৰণত কমিব নালাগিব আৰু অসমৰ খিলঞ্জীয়া মানুহৰ বাবে সমষ্টিৰ সংখ্যা বৃদ্ধি হ’ব লাগিব।

আজিৰ সংবাদমেলত আছুৰ মূখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, উপদেষ্টা প্ৰকাশ চন্দ্ৰ দাস, ভাৰপ্ৰাপ্ত সভাপতি উৎপল শৰ্মা, সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা, শিক্ষা সম্পাদক ভৱজিত বেজবৰুৱাকে ধৰি কেইবাগৰাকী বিষয়ববীয়া উপস্থিত আছিল৷

Leave A Reply

Your email address will not be published.