কংগ্ৰেছ দলৰ উদ্যোগত গুৱাহাটী আৰু শিলচৰত ‘মৌন সত্যাগ্রহ’
ৰাহুল গান্ধীৰ প্ৰতি চৰকাৰে কৰা অন্যায় আচৰণৰ বিৰুদ্ধে প্ৰতিবাদ
গুৱাহাটীঃ সত্য আৰু ন্যায়ৰ পক্ষে ঠিয় হৈ স্বৈৰতান্ত্রিক বিজেপি শাসনৰ বিপক্ষে স্বোচ্ছাৰ হৈ গণতন্ত্ৰ আৰু ধৰ্ম নিৰপেক্ষতাক সুৰক্ষা দিয়াৰ যুঁজৰ নেতৃত্ব বহন কৰা কংগ্ৰেছ দলৰ অন্যতম শীর্ষ নেতা ৰাহুল গান্ধীৰ প্ৰতি চৰকাৰে কৰা অন্যায় আচৰণৰ প্ৰতিবাদত আজি ব্ৰহ্মপুত্ৰ আৰু বৰাক দুয়োটা উপত্যকাতে ‘মৌন সত্যাগ্রহ’ৰ কাৰ্য্যসূচী পালন কৰা হয়। গুৱাহাটীৰ মানবেন্দ্ৰ শৰ্মা চৌহদত দলৰ ৰাজ্যিক নেতৃবৰ্গৰ লগতে বিভিন্ন জিলাৰ পৰা অহা তিনি হেজাৰৰো অধিক কর্মকর্তাই এই মৌন সত্যাগ্রহত অংশ গ্ৰহণ কৰে। একেদৰে বৰাক উপত্যকাৰ তিনিখন জিলাৰ নেতা-কৰ্মী সকলৰ উপস্হিতিত শিলচৰ চহৰৰ পার্ক ৰোড স্হিত ইন্দিৰা ভৱন চৌহদত অসম
প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰাৰ নেতৃত্বত উক্ত ‘মৌন সত্যাগ্ৰহ’ কাৰ্য্যসূচী পালন কৰা হয়। কেইবা শ নেতা-কৰ্মীৰ উপস্হিত থকা উক্ত মৌন সত্যাগ্ৰহ কাৰ্য্যসূচীত প্ৰদেশ কংগ্ৰেছৰ কাৰ্য্যকৰী সভাপতি কমলাক্ষ দে পুৰকায়স্হৰ লগতে বিধায়ক মিছবাহুল ইছলাম লস্কৰ আৰু শিলচৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি জিলাৰ সভাপতি ত্ৰয়ৰ সৈতে দলৰ বিভিন্ন বিভাগ আৰু কোষৰ কৰ্মকৰ্তা তথা কৰ্মী সকলে অংশ গ্রহণ কৰে। একেদৰে গুৱাহাটী মহানগৰৰ দিশপুৰস্হিত মানবেন্দ্ৰ শৰ্মা চৌহদত দলৰ সাংসদ, বিধায়ক তথা ৰাজ্যিক সমিতিৰ বিষয়ববীয়া সকলৰ ওপৰিও কামৰূপ মহানগৰ আৰু কামৰূপ গ্রাম্য দুয়োখন জিলা, নলবাৰী, দৰং, বাক্সা,
বৰপেটা, বঙাইগাওঁ, গোৱালপাৰা, হোজাই, ধুবুৰী আৰু মানকাছাৰ জিলাৰ দলীয় সভাপতি সকলৰ লগতে বৃহৎ সংখ্যক বিষয়ববীয়া আৰু দলৰ কৰ্মী বাহিনীয়ে মৌন সত্যাগ্রহত অংশ গ্রহণ কৰে। সাংসদ গৌৰৱ গগৈ, বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়া, উপ-দলপতি ৰকিবুল হুছেইন, দলৰ কাৰ্য্যকৰী সভাপতি ৰাণা গোস্বামী আৰু বিধায়ক জাকিৰ হুছেইন শিকদাৰ তথা বিধায়ক ক্ৰমে বসন্ত দাস, নুৰুল হুদা, দিগন্ত বৰ্মন, ভাস্কৰ বৰুৱা, আব্দুৰ ৰহিম আহমেদ, প্ৰদীপ সৰকাৰ, ডাঃ আছিফ মহম্মদ নজৰ, আফতাব উদ্দিন মোল্লাহ, এ কে ৰছিদ মণ্ডল, প্ৰাক্তন সাংসদ দ্বিজেন শর্মা, বলীন কুলি, আব্দুল হামিদ, ৰাম প্ৰসাদ শৰ্মা, মাধৱ ৰাজবংশীৰ লগতে দলৰ
বিভিন্ন পৰ্য্যায়ৰ নেতৃবৰ্গৰ মাজৰ অকন বৰা, নৃপেন ঠাকুৰীয়া, বালিকা লাহন পেগু, ববিতা শর্মা, প্রাক্তন বিধায়ক মতিউৰ ৰহমান, মেহদী আলম বৰা, কিশোৰ কুমাৰ ভট্টাচাৰ্য্য, অপূর্ব কুমাৰ ভট্টাচাৰ্য্য, ৰমেন কুমাৰ বৰঠাকুৰ, ৰামান্না বৰুৱা, বিপুল গগৈ, মানস বৰা, অৰুণ তিৱাৰী, খলিলুৰ ৰহমান, আনোৱাৰ আহমেদ, দীপ বায়ন, মীৰা বৰঠাকুৰ গোস্বামী, গোপাল শর্মা, কন্দৰ্প কলিতা, কনকন দাস, কুশল কুমাৰ শৰ্মা, ৰমেশ জৈন, মুস্তাক গোলাম ওছমানি, মহছিন খান, ৰমনী দাস, পীতাম্বৰ যোশী, চাজিয়া বেগম, পৱন শৰ্মা, ৰাতুল পাটোৱাৰী, প্ৰণৱ কুমাৰ শইকীয়া, ৰাতুল কলিতা, জুৱেৰ আনম, কৃষাণু বৰুৱাকে আদি কৰি অন্যান্য বিষয়ববীয়াসহ প্রায় তিনিহেজাৰ নেতা কৰ্মীৰ যোগদানেৰে গুৱাহাটীত ‘মৌন সত্যাগ্রহ’ কেইবাঘন্টা জুৰি পালন কৰা হয়৷