গ্ৰাম্য পুথিভঁৰাল সন্থাৰ উদ্যোগত পঢ়ুৱৈ দিৱস পালনৰ প্ৰস্তুতিঃ আয়োজক সমিতি গঠন
বকোঃ সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ কামৰূপ আৰু গোৱালপাৰা জিলা সমিতিৰ যৌথ উদ্যোগত অহা ২০ জুলাইত উদযাপন কৰা হ’ব পণ্ডিত প্ৰবৰ, শিক্ষাবিদ কৃষ্ণকান্ত সন্দিকৈৰ ১২৫ বছৰীয়া জন্ম দিনত পঢ়ুৱৈ দিৱস। এই উপলক্ষে আজি গোৱালপাৰা জিলাৰ কোঠাকুঠীৰ বেংডোবা সুৰুজজ্যেতি ৰূপা ক্লাৱত আয়োজন কৰা হয় অভ্যৰ্থনা সমিতি গঠনৰ বাবে সাধাৰণ সভা। গোৱালপাৰা জিলা গ্ৰাম্য পুথিভঁৰাল সন্থাৰ সাধাৰণ সম্পাদক প্ৰতাপ অধিকাৰীয়ে আত ধৰা আৰু উদ্যেশ্য বাখ্যা কৰা সভাত পৌৰহিত্য কৰে বেংডোবা সুৰুজজ্যেতি ৰূপা ক্লাৱৰ সভাপতি ভেনাছ খাখলাৰীয়ে। ক্লাৱৰ সম্পাদক মনোজ কুমাৰ ৰাজবংশীৰ তৎপৰতাত
আয়োজন কৰা সভাত ৰাজ্যিক সমিতিৰ উপ সভাপতি ধীৰেণ শৰ্মা, সাংগঠনিক সম্পাদক মিলন কুমাৰ দাস, কাৰ্য্যনিৰ্বাহক সদস্য দ্বীজেন নাথৰ উপৰিও ৰাজ্যিক সমিতিৰ কেৱাজনো বিষয় ববীয়া, কামৰূপ জিলা সমিতিৰ প্ৰধান সম্পাদক বিষ্ণু ৰাম দাস, সাংস্কৃতিক সম্পাদক কনক কুমাৰ, ক্ৰীড়া সম্পাদক নিপেন তালুকদাৰ, গোৱালপাৰা জিলা সমিতিৰ উপ সভাপতি দেৱেন ভৌমিক সহ কেৱা জনো বিষয় ববীয়াকে ধৰি বহু সংখ্যক সংঘ, ক্লাৱ আৰু পুথিভঁৰালৰ কৰ্মী উপস্থিত থাকে। সভাত পুথিভঁৰাল সন্থাৰ বিষদ আলাপ আলোচনা কৰা হয় আৰু পঢ়ুৱৈ দিৱস উদযাপনৰ বাবে যুৱ সমাজ কৰ্মী সুৰ্য্য ৰাভাক সভাপতি আৰু মনোজ কুমাৰ
ৰাজবংশীক সম্পাদক হিচাপে লৈ গঠন কৰে অৰ্ভ্যৰ্থনা সমিতি খন। অনুস্থানত সমবেত সংগীত, গীত মাত নৃত্যৰ কাৰ্য্যসূচী ৰূপায়ণ কৰা হ’ব। চিত্ৰাংকন, কবিতা আবৃত্তি আৰু সুষ্ঠ সমাজ গঠনত গ্ৰাম্য পুথিভঁৰালৰ আৱশ্যক শীৰ্ষক আলোচনাচক্ৰ অনুষ্ঠিত কৰা হ’ব। অহা ২০ জুলাইৰ পুঢ়ুৱৈ দিৱসৰ কাৰ্য্যসূচীত ৰাইজৰ সহযোগ আৰু উপস্থিতি কামনা কৰিছে উদ্যোক্তা মণ্ডলীয়ে।