ashomiyapatrika.com

নাৰেংগীত ১৫ দিনীয়া আচাৰ্য প্ৰশিক্ষণ শিবিৰ আৰম্ভ

0 39

গুৱাহাটীঃ বিদ্যা ভাৰতী অখিল ভাৰতীয় শিক্ষা সংস্থানৰ সংবদ্ধ শিশু শিক্ষা সমিতি, অসমৰ অন্তভুক্ত গুৱাহাটী আৰু তেজপুৰ বিভাগৰ আচাৰ্য প্ৰশিক্ষণ বৰ্গ ২০২৩ শংকৰদেৱ বিদ্যা নিকেতন, নাৰেংগীত আৰম্ভ হৈছে। শিশু শিক্ষা সমিতি অসমৰ প্ৰচাৰ বিভাগৰ তৰফৰ পৰা মুকুটেশ্বৰ গোস্বামীয়ে জানিবলৈ দিয়া মতে ২৫ জুলাইত এই শিবিৰ সম্পন্ন হ’ব৷ ১৫ দিনীয়া আচাৰ্য প্ৰশিক্ষণ বৰ্গৰ উদ্বোধনী অনুষ্ঠানত বন্তি প্ৰজ্জ্বলনেৰে শুভাৰম্ভ কৰে শিশু শিক্ষা সমিতি, অসমৰ পৰীক্ষা পৰিষদৰ সভানেত্ৰী আৰতি ভট্টাচাৰ্যই। সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে অখিল ভাৰতীয় মন্ত্ৰী ব্ৰহ্মাজী ৰাও। উদ্বোধনী অনুষ্ঠানৰ আঁত ধৰে বৰ্গৰ প্ৰশিক্ষণ প্ৰমুখ মনমোহন

কলিতাই৷ প্ৰাস্তৱিক ভাষণ ৰাখে তেজপুৰ বিভাগৰ বিভাগ নিৰীক্ষক ধীৰেণ শৰ্মাই। সভাত নিৰ্দিষ্ট বক্তা হিচাপে ব্ৰহ্মাজী ৰাও ৱে বিদ্যা ভাৰতীৰ শিক্ষা ব্যৱস্থা ভাৰতীয় জীৱন দৰ্শনৰ ওপৰত প্ৰতিষ্ঠিত বুলি তেওঁ উল্লেখ কৰে। ভাষণ প্ৰসঙ্গত তে নতুন শিক্ষানীতি আইন ২০২০ ৰ কথা উল্লেখ কৰি কয় যে প্ৰতিগৰাকী আচাৰ্য-আচাৰ্যাই স্কীল ডেভেলপমেণ্টৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিব লাগিব। বিদ্যা ভাৰতীৰ কাম কাজ সঠিক ভাবে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আচাৰ্য- আচাৰ্যাসকলে এক বিশেষ ভূমিকা লব লাগিব বুলিও উল্লেখ কৰে। সভাত গুৱাহাটী বিভাগৰ সংগীত প্ৰমুখ পূৰৱী দাসে এটি ভজন পৰিবেশন কৰি সকলোকে আপ্লুত কৰে। সভাত মুখ্য অতিথি হিচাপে

উপস্থিত থাকে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ, অধ্যক্ষ ৰুক্ম গোঁহাই বৰুৱা। ভাষণ প্ৰসঙ্গত তেখেতে কয় যে শিক্ষকতা বৃত্তি হৈছে পৃথিৱীৰ সকলো বৃত্তিৰ মা। যি উদ্দেশ্য লৈ প্ৰশিক্ষণলৈ আহিছে সেই উদ্দেশ্য যাতে সফল হয় তাৰ প্ৰতি আচাৰ্যসকলক সোঁৱাৰই দিয়ে। এই প্ৰশিক্ষণ বৰ্গত গুৱাহাটী আৰু তেজপুৰ বিভাগৰ ১২টা সংকুলৰ পৰা মুঠ ৯৮ গৰাকী আচাৰ্য-আচাৰ্যাই আৰু গোলকগঞ্জ সংকুলৰ ৩ গৰাকী আচাৰ্যই প্ৰশিক্ষণত অংশগ্ৰহণ কৰে মুঠ ১০১ গৰাকী আচাৰ্য-আচাৰ্যা উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.