ashomiyapatrika.com

অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া ফটিক দত্ত গোস্বামীৰ গ্ৰন্থ উন্মোচন ৰাজ্যপাল গোলাপ চান্দ কাটাৰীয়াৰ

0 47

গুৱাহাটীঃ আৰক্ষীৰ দায়িত্ব আৰু কৰ্তব্যৰ লগতে আৰক্ষীয়ে কৰিবলগীয়া কাম আৰু নকৰিবলগীয়া বিষয় আদিক সামৰি বৰ্তমান সময়ৰ লগত খাপ খুৱাই অসমৰ এগৰাকী লেখক তথা অৱসৰপ্ৰাপ্ত অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান ফটিক দত্ত গোস্বামীৰ ‘এ পুলিশ মেন ইন দা মিৰৰ অফ টাইম’ নামৰ এখনি ইংৰাজী গ্ৰন্থ আজি ৰাজভৱনত এক গাম্ভীর্যপূৰ্ণ অনুষ্ঠানত আনুষ্ঠানিক ভাবে উন্মোচন কৰে ৰাজ্যপাল গোলাপ চান্দ কাটাৰীয়াই। অৱসৰপ্ৰাপ্ত অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান ফটিক দত্ত গোস্বামীৰ গ্ৰন্থ খনিৰ ভূয়সী প্ৰশংসা কৰি এনেধৰণৰ লিখনীৰ দ্বাৰা কেৱল আৰক্ষী বাবেই নহয় সমাজৰ

সকলো শ্ৰেণীৰ লোকৰ বাবেই প্ৰয়োজন বুলি কয় ৰাজ্যপাল কাটাৰীয়াই। ৰাজ্যপাল গোলাপ চান্দ কাটাৰীয়াই লেখক গোস্বামীক ভবিষ্যতে এনেধৰণৰ লিখনিত মনোনিবেশ কৰিবলৈ আহ্বান জনায়। গ্ৰন্থ উন্মোচনী সভাখনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° ৰমেশ চন্দ্র ডেকা আৰু ভাৰতীয় বৈদেশিক সেৱাৰ প্ৰাক্তন ৰাষ্ট্ৰদূত বিনন্দ কুমাৰ গগৈ। উল্লেখ্য যে অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান ফটিক দত্ত গোস্বামীয়ে এতিয়ালৈকে কেইবাখনো মূল্যবান পুথি ৰচনা কৰি অসমৰ সাহিত্যৰ ভৰাললৈ বৰঙনি আগবঢ়াইছে।

Leave A Reply

Your email address will not be published.