বকোৰ শ্ৰী শ্ৰী ৰাম জাখালা সীতা পাতালপুৰী মন্দিৰ পৰিচালনা সমিতিৰ ধৰ্মীয় সভা সম্পন্নঃ জাকত জিলিকা কৰি গঢ়ি তোলাৰ পৰিকল্পনা
বকোঃ ইতিহাস প্ৰসিদ্ধ ঐতিহ্যমণ্ডিত কামৰূপ জিলাৰ বকো আৰক্ষী থানাৰ অন্তৰ্গত শ্ৰী শ্ৰী ৰাম জাখালা সীতা পাতালপুৰী মন্দিৰ পৰিচালনা সমিতিৰ আজি অনুষ্ঠিত হয় এক ধৰ্মীয় সভা। মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি মিলন ৰাভাৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা ধৰ্মীয় সভাত বৃহত্তৰ অঞ্চলটোৰ শতাধিক ধৰ্মপ্ৰাণ লোকে অংশগ্ৰহণ কৰে। শ্ৰী শ্ৰী ৰাম জাখালা সীতা পাতালপুৰী মন্দিৰ পৰিচালনা সমিতিৰ কৰ্মী তথা যুৱ সমাজ কৰ্মী নিপেন তালুকদাৰ আৰু কনক কুমাৰৰ তৎপৰতাত আয়োজন কৰা ধৰ্মীয় সভা খনৰ আত ধৰে সহকাৰী সম্পাদক পোণাকণ বসুমতাৰীয়ে। সভাত ৰাম জাখালা মন্দিৰৰ দখলত থকা জমী সংৰক্ষণ কৰা আৰু মন্দিৰ
আধুনিকীকৰণ কৰাৰ পৰিকল্পনা কৰে। ইফালে মন্দিৰটো জাকত জিলিকা কৰি গঢ়ি তোলাৰ পৰিকল্পনাৰ ওপৰত আলোকপাত কৰে। ইফালে বকোৰ ইতিহাস প্ৰসিদ্ধ তীৰ্থস্থান শ্ৰী শ্ৰী ৰাম জাখালা সীতা পাতালপুৰী মন্দিৰৰ গৃহ, ভক্তৰ যাতায়াতৰ সা সুবিধা, থকা খোৱা আৰু পূজা পাতালৰ যাৱতীয় কাম-কাজ আৰু সকলো সা সুবিধা আধুনিক ৰূপত গঢ়ি তুলিবলৈ পৰিকল্পনা কৰে। সভাত বিশিষ্ট সমাজ কৰ্মী প্ৰসন্ন গোস্বামী, বকো বুঢ়াগোহাঁই মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি ভূৱন মেধি, উপ সভাপতি তৰুণ বড়ো, জ্যেষ্ঠ্য ধৰ্মপ্ৰাণ নকুল কুমাৰ, অনুপম দাস, উমেশ ৰাভা কে ধৰি বহু সংখ্যক শুভাকাংশী উপস্থিত থাকে।