১২ জুলাইত কংগ্ৰেছৰ মৌন সত্যাগ্ৰহ
গুৱাহাটীঃ নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ নিৰ্দেশ মৰ্মে অহা ১২ জুলাইৰ দিনা অসমতো কংগ্ৰেছ দলে গুৱাহাটী আৰু শিলচৰত মৌন সত্যাগ্ৰহ পালন কৰাৰ বাবে ব্যাপক প্ৰস্তুতি চলাইছে। দলৰ অন্যতম শীৰ্ষ নেতা ৰাহুল গান্ধী ডাঙৰীয়াৰ প্ৰতি গুজৰাট উচ্চ ন্যায়ালয়ে দুবছৰ কাৰাদণ্ডৰ নিম্ন আদালতৰ ৰায়ক বাহাল ৰাখি যি পক্ষপাতমূলক ৰায় দিলে তাৰ প্ৰতি সমগ্ৰ গণতান্ত্ৰিক আৰু ধৰ্ম নিৰপেক্ষ মনোভাবৰ ৰাইজ অসন্তুষ্ট হোৱাৰ লগতে কংগ্ৰেছ দলেও ক্ষোভ প্ৰকাশ কৰিছে। সেয়েহে আনুষ্ঠানিকভাৱে বিক্ষুব্ধতা প্ৰকাশ কৰিবলৈ অহা ১২ জুলাইৰ দিনটো অসমতো মৌন সত্যাগ্ৰহ পালন কৰিবলৈ সমগ্ৰ দেশৰ লগতে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে
সিদ্ধান্ত গ্ৰহণ কৰিছে। সেই মৰ্মে আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ প্ৰস্তুতি গোটৰ এখন সভা অনুষ্ঠিত হৈ যায়। উক্ত সভাত সিদ্ধান্ত গ্ৰহণ কৰা হয় যে শিলচৰত হ’বলগীয়া মৌন সত্যাগ্ৰহত সভাপতি ভূপেন কুমাৰ বৰা আৰু কাৰ্যকৰী সভাপতি কমলাক্ষ দে’ পুৰকায়স্থই অংশগ্ৰহণ কৰিব। একেদৰে গুৱাহাটীত হ’বলগীয়া মৌন সত্যাগ্ৰহত দলৰ কাৰ্যকৰী সভাপতিদ্বয় জাকিৰ হুছেইন সিকদাৰ আৰু ৰাণা গোস্বামী উপস্থিত থাকিব। আজি প্ৰস্তুতি সমিতিৰ বৈঠকত জাকিৰ হুছেইন সিকদাৰ, দ্বিজেন শৰ্মা, মানস বৰা, নাছেৰ আহমেদ, বিপুল গগৈ, আনোৱাৰ আহমেদকে আদি কৰি দলৰ বিভিন্ন বিভাগ আৰু কোষৰ অধ্যক্ষসকল উপস্থিত থাকে৷