ashomiyapatrika.com

ধিঙত কবি প্ৰেমেশ্বৰ ঠাকুৰীয়াৰ দুখনকৈ কাব্যগ্ৰন্থ উন্মোচন

0 50

ধিঙৰ পৰা নৃপেন বৰাঃ নগাওঁ জিলাৰ ধিঙৰ জাগৰন সাহিত্য গোষ্ঠীৰ সৌজন্যত আজি কবি, সাহিত্যিক, শিক্ষক তথা গীতিকাৰ প্ৰেমেশ্বৰ ঠাকুৰীয়াৰ দুখনকৈ কাব্যগ্ৰন্থ উন্মোচন কৰা হয়৷ এই উপলক্ষে আজি ধিং পাৱলিক হাই স্কুলৰ প্ৰেক্ষাগৃহত পুৱা ১১ বজাত অনুষ্ঠিত হোৱা গ্ৰন্থ উন্মোচনী সভাত এগচি বন্তি প্ৰজ্বলন কৰে বিশিষ্ট শিক্ষাবিদ বকুল চন্দ্ৰ শৰ্মাই ৷ স্থানীয় কনমানি শিল্পী নিলাক্ষী শইকীয়াৰ এটি বৰগীতেৰে আৰম্ভ হোৱা উক্ত সভাৰ সঞ্চালনা কৰে জাগৰন সাহিত্য গোষ্ঠীৰ সভাপতি মুকুল চন্দ্ৰ বৰাই আৰু সভাৰ উদ্দেশ্য ব্যাখ্যা আগবঢ়াই গোষ্ঠীৰ মুখ্য সম্পাদক প্ৰেমেশ্বৰ ঠাকুৰীয়াই ৷ স্থানীয় সাংবাদিক তথা সমাজসেৱক নৃপেন বৰাই আঁত ধৰা উক্ত

সভাত কবি প্ৰেমেশ্বৰ ঠাকুৰীয়াৰ ৰচিত তথা প্ৰকাশিত “প্ৰত্যাহ্বান” কাব্যগ্ৰন্থ খনি উন্মোচন কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক পদুম ৰাজখোৱাই আৰু দ্বিতীয় খন কাব্যগ্ৰন্থ “ প্ৰতিপন্ন ” ৰ উন্মোচন কৰে বিশিষ্ট চিকিৎসক তথা কবি-সহিত্যিক ডাঃ ঋষেশ্বৰ ঠেঙাল শইকীয়াই ৷ কাব্য গ্ৰন্থ দুখনিত সামাজিক, সাংস্কৃতিক, প্ৰাকৃতিক ভাৰসাম্যৰ লগতে বহু দিশত সুক্ষ্ম ভাৱে কবিতাৰ মাজেৰে প্ৰভাৱ বিস্তাৰ কৰা কথা উন্মোচক দ্বয়ে ভাষন প্ৰসংগত প্ৰকাশ কৰে ৷ সভাখনিত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি ভাষন প্ৰদান কৰে নগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি নিত্যানন্দ বৰাই৷ উল্লেখযোগ্য যে স্থানীয় কেইবাগৰাকী শিল্পী আৰু কবিয়ে

গীত আৰু কবিতা পাঠৰ মাজেৰে সৌষ্ঠৱ বৃদ্ধি কৰা উক্ত অনুষ্ঠানটি স্থানীয় শিক্ষাবিদ, সমাজ সেৱক, সাংবাদিক, কবি সাহিত্যিকক কাব্যগ্ৰন্থ লিখকৰ তৰফৰ পৰা একোখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়৷ তদুপৰি অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক পদুম ৰাজখোৱাক গোষ্ঠীৰ তৰফৰ পৰা এখনি অভিনন্দন পত্ৰ প্ৰদান কৰা হয়৷

Leave A Reply

Your email address will not be published.