বাইহাটা চাৰিআলিত শোচনীয় বাট পথ, তথৈবচ ৰাষ্ট্ৰীয় ঘাইপথঃ অসম তৃণমূল যুৱ কংগ্ৰেছৰ প্ৰতিবাদ
শীঘ্ৰে ব্যৱস্থা নল’লে পথ অৱৰোধকে ধৰি ধাৰাবাহিক আন্দোলনৰ হুংকাৰ
গুৱাহাটীঃ অসম তৃণমূল যুৱ কংগ্ৰেছৰ সভাপতি বন্দীপ দত্তৰ নেতৃত্বত আজি শোচনীয় ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতি কৰা আৰু বাইহাটা চাৰিআলিৰ নিম্ন মানৰ বাটপথ পুনৰ নিৰ্মাণৰ দাবীত এক প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱা হয়। সভাপতি দত্তই ৰাষ্ট্ৰীয় ঘাইপথৰ বহু অংশত মৰণফান্দ সদৃশ গাঁতৰ বাবে বহু দুৰ্ঘটনা সংঘটিত হৈ অহাৰ কথা উল্লেখ কৰি ইয়াৰ মেৰামতিৰ বাবে ব্যৱস্থা নকৰাৰ বাবে ক্ষোভ প্ৰকাশ কৰে। লগতে গড়কাপ্টানি বিভাগৰ চূড়ান্ত গাফিলতিৰ বাবে বাইহাটা চাৰিআলিৰ বহু পথ শোচনীয় হৈ পৰা বুলি মন্তব্য কৰি এই ক্ষেত্ৰত স্হানীয় বিধায়কগৰাকীয়ে সম্পূৰ্ণ আওকাণ কৰা বুলি অভিযোগ কৰে। যদি শীঘ্ৰে এই
ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ নকৰে, তেন্তে অসম তৃণমূল যুৱ কংগ্ৰেছৰ তৰফৰ পৰা স্হানীয় ৰাইজক লগত লৈ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধকে ধৰি ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণৰ হুংকাৰ দিয়ে।প্ৰতিবাদস্হলীত উপস্হিত হোৱা বাইহাটা চাৰিআলি থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ জৰিয়তে কামৰূপ গ্ৰাম্য জিলাৰ উপায়ুক্তলৈ অসম তৃণমূল যুৱ কংগ্ৰেছৰ তৰফৰ পৰা এক স্মাৰক পত্ৰ প্ৰদান কৰে সভাপতি বন্দীপ দত্তই।কাৰ্যসূচীত কামৰূপ গ্ৰাম্য জিলা তৃণমূল যুৱ কংগ্ৰেছৰ সভাপতি বাপ্পিল আহমেদ, অসম তৃণমূল যুৱ কংগ্ৰেছৰ উপ-সভাপতি ত্ৰিদিপ দত্ত, উত্তৰ কামৰূপ গ্ৰাম্য জিলা তৃণমূল কংগ্ৰেছৰ উপ-সভাপতি ছুলেইমান আলী, জিলাৰ যুৱ সতীৰ্থ আৰু সাধাৰণ ৰাইজে অংশ লয়।