ashomiyapatrika.com

পুনৰ পাঁচদিনলৈ অসমত হব বৰষুন

0 31

গুৱাহাটীঃ প্ৰতিবছৰে এনেকুৱা সময়ত বৰষুন হয়েই৷ কিন্তু ৰাজ্যৰ বান পৰিস্থিতি কিছু স্বাভাৱিক হোৱাৰ মাজতে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আজি অসম, অৰুণাচল প্রদেশ আৰু মেঘালয়ত অসম, অৰুণাচল প্ৰদেশকে ধৰি উত্তৰ পূব ভাৰতৰ কেবাখনো ৰাজ্যত আগন্তুক পাঁচটা দিনত ঠাইবিশেষে প্রবল বৰষুণ পাৰে বুলি সদৰি কৰিছে। বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰা অনুসৰি পশ্চিমবংগ আৰু উত্তৰ উৰিষ্যাত সৃষ্টি হোৱা ঘূর্ণিয়মান বায়ু আৰু মৌচুমী বায়ুৰ প্ৰভাৱত ইতিমধ্যে বুধবাৰে সৃষ্টি হোৱা জলীয় বাস্প ভূটানৰ পাদদেশৰে উত্তৰ অসমৰ দিশে গতি কৰিছে। যাৰ বাবে বৃহস্পতিবাৰে বিয়লি পর্যন্ত উত্তৰ লক্ষিমপুৰত উত্তৰ পূবৰ ভিতৰতে সর্বাধিক ১৭

ছেণ্টিমিটাৰ পৰিমাণৰ বৰষুণ হৈছে। অসমত ইয়াৰ বিপৰীতে বিগত ২৪ ঘন্টাত বিপ্লব সর্বাধিক বৰষুণ হোৱা অঞ্চল বুলি পৰিচিত মেঘালয়ৰ ছেৰাপুঞ্জীত হোৱা বৰষুণৰ পৰিমাণ আছিল ১৬ ছেণ্টিমিটাৰ। বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি বংগোপ সাগৰত সৃষ্টি হোৱা বতৰ কেতবোৰ পৰিঘটনাৰ ফলত আগন্তুক পাঁচটা দিনত অসম মেঘালয় আৰু অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী অঞ্চল সমূহৰ কেতবোৰ ঠাইত প্রবল বৃষ্টিপাত হ’ব। বিশেষকৈ ভূটান সীমান্তৱৰ্তী অঞ্চল আৰু উত্তৰ পূবৰ অসমৰ বিভিন্ন ঠাইত বৰষুণৰ একোপ বৃদ্ধি পাব৷ ইতিমধ্যে উত্তৰ লখিমপুৰৰ উপৰি চিলাপথাৰসহ উত্তৰ অসমৰ বহু ঠাইত

বিগত ২৪ ঘণ্টাত ৯ ছেণ্টিমিটাৰতকৈ অধিক পৰিমাণৰ বৰষুণ হৈছে। আনকি অৰুণাচল প্রদেশ আৰু নগালেণ্ড সীমান্তৱৰ্তী অঞ্চলৰ বহু ঠাইত ৭ ছেণ্টিমিটাৰতকৈ অধিক পৰিমাণৰ বৰষুণ হৈছে। বতৰ বিজ্ঞান কেন্দ্রই অহা ১০জুলাই পর্যন্ত বৰযুণ হ’ব বুলি আগতীয়া সতর্কতা জাৰি কৰিছে।

Leave A Reply

Your email address will not be published.