বিজেপিৰ মহা জনসম্পৰ্ক অভিযানৰ অংশ হিচাপে গুৱাহাটীত কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিজেপি চৰকাৰে ‘সেৱা, সমৰ্পণ আৰু গৰীৱ কল্যাণ’ৰ মূলমন্ত্ৰেৰে সৰ্বস্তৰৰ লোকৰে কল্যাণ সাধন কৰিছে। কেন্দ্ৰৰ বিজেপি চৰকাৰৰ নৱম বৰ্ষপূৰণৰ সৈতে সংগতি ৰাখি বিজেপিৰ “মহা জনসম্পৰ্ক অভিযান”ৰ অংশ হিচাপে আজি কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপি নেতা সৰ্বানন্দ সোণোৱালে গুৱাহাটীৰ কাঁহিকুছিত বিশিষ্ট কৃষি বিজ্ঞানী ড° নলিন মহন আৰু তেখেতৰ সহধৰ্মিণী, অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী অঞ্জু গগৈক তেওঁলোকৰ বাসগৃহত সাক্ষাৎ কৰে। ড° নলিন মহনে তেখেতৰ চৌহদত বিভিন্ন ঔষধি উদ্ভিদ আৰু বহুমূলীয়া গছেৰে পৰিপূৰ্ণ এখন সুন্দৰ “শৈক্ষিক জৈৱ-বৈচিত্ৰৰ (উদ্যান শস্য) উপবন” গঢ় দিছে। কৃষি বিজ্ঞান ক্ষেত্ৰলৈ
উল্লেখযোগ্য অৱদান আগবঢ়োৱা মহনদেৱৰ একান্ত প্ৰচেষ্টাত ঠন ধৰি উঠা এই উপবনখন আজি পৰিভ্ৰমণ কৰি আপ্লুত হয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকী। ইয়াৰ পাছতেই সৰ্বানন্দ সোণোৱালে পশ্চিম গুৱাহাটীৰ আজাৰাত উপস্থিত হৈ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন মেনেজাৰ কৃষ্ণ কুমাৰ দাসৰ লগতে ড° অমৃত চন্দ্ৰ দাস, পূৰৱী তালুকদাৰ দাসক তেওঁলোকৰ বাসগৃহত সাক্ষাৎ কৰে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন বিজেপি চৰকাৰৰ সফলতাৰ ৯টা বছৰে কিদৰে দেশৰ বুকুত নৱজাগৰণৰ সৃষ্টি কৰিছে, সেই বিষয়ে উল্লেখ কৰে।তদুপৰি, গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড° হেমন্ত কুমাৰ নাথৰ উপৰি বিশ্ববিদ্যালয়খনৰ তথ্য-প্ৰযুক্তি
বিভাগৰ মুৰব্বী অধ্যাপক শিখৰ কুমাৰ শৰ্মা, ইলেকট্ৰ’নিকছ্ এণ্ড কমিউনিকেচন টেকনল’জী বিভাগৰ মুৰব্বী অধ্যাপক তুলসী বেজবৰুৱা আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিজ্ঞান আৰু প্ৰযুক্তি শিক্ষানুষ্ঠানৰ বৈজ্ঞানিক বিষয়া বিৰাজ ডেকাকো সাক্ষাৎ কৰে সোণোৱালে। জনসাধাৰণৰ গঠনমূলক দিহা-পৰামৰ্শ আৰু মতামতে সুশাসন ব্যৱস্থাক শক্তিশালী ৰূপ প্ৰদান কৰে। সেয়েহে, ভাৰতীয় জনতা পাৰ্টিয়ে “মহা জনসম্পৰ্ক অভিযান”ৰ জৰিয়তে সৰ্বস্তৰৰ লোকৰে মাজলৈ যোৱাৰ এক অভিনৱ প্ৰচেষ্টা হাতত লৈছে বুলি সোণোৱালে উল্লেখ কৰে।